নিয়মীয়া বাৰ্তা, ৩ জুনঃ উত্তৰ প্রদেশৰ প্রতাপগড় জিলাত যুৱতী এগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগত ২২ বছৰীয়া লোক এজনক গছত বান্ধি জীৱন্তে জ্বলাই দিয়া নৃশংস ঘটনা সংঘটিত হৈছে৷ যোৱানিশা অঞ্চলটোৰ কেইগৰাকীমান লোকে আমিনকা প্রসাদ পেটেল নামৰ লোকজনক ঘৰৰ পৰা বলপূর্বকভাৱে উলিয়াই আনি গছত বান্ধি লয় আৰু পিছত জীৱন্তে জ্বলাই দিয়ে৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰাৰ চেষ্টা চলায় যদিও ক্ষুব্ধ লোকৰ ৰোষৰ বলি হয়৷ আৰক্ষীক আক্রমণ কৰাৰ লগতে দুখন বাহন জ্বলাই ভস্মীভূত কৰে৷
জিলাখনৰ আৰক্ষী অধীক্ষক অভিষেক সিঙে প্রকাশ কৰা মতে, হৰিশংকৰ, শুভম, ৰামমিলন আৰু কেইজনমান লোকে আমিনকা প্রসাদ পেটেলক ঘৰৰ পৰা উলিয়াই আনি গছত বান্ধি জ্বলাই দিয়ে৷ এই ঘটনাক লৈ আৰক্ষীয়ে উল্লেখিত লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ইতিমধ্যে হৰিশংকৰ আৰু শুভমক গ্রেপ্তাৰ কৰিছে৷
উল্লেখ্য যে প্রতাপগড়ৰে ভূজনি নামৰ গাঁওখনৰ এগৰাকী যুৱতীক কেইমাহমান পূর্বে পেটেল নামৰ লোকজনে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেইবাবে পেটেলক জীৱন্তে জ্বলাই দিয়া হয়৷