নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসংগঃ ফেচবুক লাইভ

একবিংশ শতিকাৰ আধুনিক সমাজ ব্যৱস্থাত সবাতোকৈ জনপ্রিয় সামাজিক মাধ্যমে হৈছে ফেচবুক৷ পৃথিৱীৰ প্রায় ৭০ শতাংশ ব্যক্তিয়ে ফেচবুক ব্যৱহাৰ কৰে৷ আৰম্ভণিতে এই ফেচবুকৰ প্রচলন যুৱপ্রজন্মৰ মাজত আছিল যদিও ক্রমান্বয়ে জ্যেষ্ঠসকলৰ মাজতো ফেচবুক এক জনপ্রিয় সামাজিক মাধ্যমত পৰিণত হয়৷ ফেচবুক আমাৰ দৈনন্দিন জীৱনৰ মাজত এতিয়া এনেদৰে সোমাই পৰিছে যে বহুতো ব্যক্তিৰ বাবে এটা দিনো ফেচবুকৰ অবিহনে কটোৱাটো অসম্ভৱ সকলো ক্ষেত্রৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থাকে৷ কোনটো দিশৰ দ্বাৰা ব্যক্তি প্রভাৱান্বিত হ’ব, সেয়া নির্ভৰ কৰে ব্যৱহাৰ কৰা ব্যক্তিজনৰ মানসিকতাৰ ওপৰত৷ ফেচবুকৰ নেতিবাচক দিশটোৰ বিষয়ে আলোচনা সর্বত্র৷ কিন্তু মই আজি ফেচবুকৰ নেতিবাচক দিশবোৰ বাদ দি বিশ্বত্রাস মহামাৰী ক’ৰোনাৰ সময়ত সহায়ক হোৱা ফেচবুকৰ এটা ইতিবাচক দিশৰ বিষয়ে উপলব্ধি কৰিছোঁ৷
ফেচবুক লাইভ ফেচবুকত নানাধৰণৰ পোষ্ট, সংগীত, নাটক, বিভিন্ন সামাজিক অনুষ্ঠান আদিৰ ভিডি’ শ্বেয়াৰ কৰিব পৰাৰ লগতে ফেচবুকৰ এটি নতুন সংযোজন, যাৰ মাধ্যমেৰে ব্যৱহাৰকাৰীজনে অনলাইন ফেচবুকৰ বন্ধুসকলৰ লগত যোগাযোগ কৰিব পাৰে৷ ফেচবুক লাইভে বর্তমান বিশ্বত্রাস দুর্যোগৰ সময়ত আশাতীত সাফল্য আৰু জনপ্রিয়তা লাভ কৰিছে৷ কাৰণ ইয়াৰ মাধ্যমেৰে সহায়ৰ প্রয়োজন হোৱাজনে জনসাধাৰণ বা প্রশাসনৰ দৃষ্টিগোচৰ হ’বলৈ সক্ষম হৈছে৷ তেনে আর্তজনৰ কাষত সময় থাকোঁতেই উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াইছে সামর্থ্যৱানজনে৷ সম্প্রতি মহামাৰী ক’ৰোনাৰ ভয়াৱহতাৰ সময়ত ফেচবুক লাইভৰ জৰিয়তে আমাৰ ৰাজ্যৰ বাহিৰত থকা যুৱক–যুৱতীসকলে তেওঁলোক কি বিপজ্জনক পৰিস্থিতিত আছে সেয়া দেখুওৱাৰ বাবে প্রশাসনে তৎকালীন পদক্ষেপ লৈ তেওঁলোকক নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিছে ৷ আজি দুদিনমান আগতে মহাৰাষ্ট্রৰ হিন্দুজা হাস্পতালত কর্মৰত এগৰাকী যুৱতী ক’ৰোণাত আক্রান্ত হৈ যি কদর্যময় পৰিস্থিতিত আছিল সেইটো ফেচবুক লাইভৰ মাধ্যমেৰে স্বাস্থ্যমন্ত্রী মহোদয়ে প্রত্যক্ষ কৰাত মহাৰাষ্ট্র চৰকাৰৰ লগত যোগাযোগ কৰি যুৱতীগৰাকীৰ উন্নত চিকিৎসাৰ সু–ব্যৱস্থা কৰি দিয়ে৷ তদুপৰি কাশ্মীৰৰ পৰা চাইকেল চলাই অহা আমাৰ ৰাজ্যৰ যুৱককেইজনে ফেচবুক লাইভ কৰাৰ পাছতেই চৰকাৰে নিজ ৰাজ্যলৈ তেওঁলোকক গাডীৰে অনাৰ ব্যৱস্থা কৰে৷ ফেচবুক লাইভ– এই মাধ্যমেৰেই আমি আমাৰ ৰাজ্যৰ বাহিৰত থকা যুৱক–যুৱতীসকলৰ্ বর্তমান মহামাৰীৰ সময়ত হোৱা দুৰৱস্থা পৰিয়ালৰ লগতে চৰকাৰৰো দৃষ্টিগোচৰ হোৱাৰ পৰিপ্রেক্ষিতত তেওঁলোকৰ আর্থিক দিশৰ সমস্যা দূৰ হোৱাৰ লগতে সুকলমে আপোনজনৰ ওচৰত উপস্থিত হ’ব পাৰিছে৷ সৌ সিদিনা তেজপুৰৰ এটা ভিতৰুৱা অঞ্চলৰ এটা দৰিদ্র পৰিয়ালে লকডাউনৰ বাবে লঘোনে থকাৰ লাইভ ভিডি’ ফেচবুকত দিয়াৰ বাবে চৰকাৰৰ লগতে সামাজিক সংগঠনসমূহৰ দৃষ্টিগোচৰ হোৱাত পৰিয়ালটোলৈ সকলোৱে সহায়ৰ হাত আগবঢ়ায়৷ বর্তমান সামাজিক মাধ্যমৰ অত্যধিক জনপ্রিয়তাৰ বাবে ফেচবুক লাইভৰ দ্বাৰা কোনোবাই নিজৰ সমস্যা উত্থাপন কৰিলে কম সময়ৰ ভিতৰতে ই অধিক প্রচাৰ পায় আৰু জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ কিন্তু এই ফেচবুক লাইভৰ ঋণাত্মক দিশো নথকা নহয়৷ কেতিয়াবা কিছুমান নেতিবাচক মানসিকতাৰ ব্যক্তিয়ে সস্তীয়া জনপ্রিয়তা অর্জনৰ লক্ষ্যৰে সমাজত বিভেদৰ সৃষ্টি কৰিবলৈ ফেচবুক লাইভ কৰাও দেখা যায়৷ কিছুমানে নিজৰ বিকৃত মানসিকতাও ফেচবুক লাইভৰ মাধ্যমেৰে জনসমাজত উন্মোচন কৰে৷ এইধৰণৰ ব্যক্তি পূজাৰ কেইদিনত জ্বলোৱা লাইটৰ চিকমিকনিৰ দৰে জনপ্রিয়৷ এটা সময়ত তেওঁলোকৰ প্রকৃত উদ্দেশ্যৰ বিয়য়ে মানুহ অৱগত হোৱাৰ লগে লগে সমাজত ঘৃণিত হয়৷
সামাজিক মাধ্যমৰ ভিতৰত ফেচবুকৰ জনপ্রিয়তা সকলোতকৈ শীর্ষত৷ সমাজত বহুতো এনে ব্যক্তি আছে যাৰ বাতৰিকাকতখন পঢ়িবলৈ বা টেলিভিছনত বাতৰি চাবলৈ সময়ৰ অভাৱ৷ জ্যেষ্ঠ কিছুসংখ্যকে চাই যদিও কিন্তু নতুন প্রজন্মৰ যুৱক–যুৱতীসকলৰ্ গৰিষ্ঠসংখ্যকৰে এইক্ষেত্রত সময়ৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়৷ লগতে অভাৱ আগ্রহৰো৷ বিশ্বায়নৰ যুগৰ এই প্রজন্ম ফেচবুকৰ নিউজ, ফেচবুক লাইভ আদিৰ প্রতিহে আগ্রহী হোৱাৰ বাবে ইয়াৰ জনপ্রিয়তাও শীর্ষত৷ একৈশ শতিকাৰ স্মার্ট পৃথিৱীখনত প্রত্যেকৰে হাতে হাতে থকা স্মার্ট ফোনৰ মাধ্যমেৰে এটা ফেচবুক লাইভে খুব কম সময়ৰ ভিতৰতে অত্যধিক প্রচাৰ লাভ কৰে৷ গতিকে সমাজত ইয়াৰ প্রতিক্রিয়া খুব সোনকালে হোৱা দেখা যায়৷ ক’ৰোনাৰ দৰে ভয়াবহ মহামাৰীৰ সময়ত ফেচবুক লাইভৰ এই প্রতিক্রিয়া এক শুভ লক্ষণ হিচাপে চিহ্ণিত হৈ ৰ’ব৷ ফেচবুকৰ এক ইতিবাচক দিশ ফেচবুক লাইভ, যাৰ পৰিপ্রেক্ষিতত বিশ্বই সন্মুখীন হোৱা এই দুর্যোগৰ মুহূর্তত আমি আমাৰ ৰাজ্যৰ বাহিৰত থকা জনগণে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে জনাৰ উপৰি পৰিয়াল তথা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰাত যি সহায়ৰ পৰিৱেশ সৃষ্টি কৰিলে, তাৰ বাবে ফেচবুকৰ স্রষ্টা মার্ক জুকাৰবার্গৰ ওচৰত কৃতজ্ঞ হৈ ইয়াৰ ইতিবাচক দিশটোৰ প্রতি সচেতনতাৰে সদা সতর্ক হৈ থকাটো অতিকে প্রয়োজনীয়৷

  • নজৰুল ইছলাম

You might also like