নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পদপথৰ মহিলাক নির্যাতনৰ চেষ্টা লম্পটৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই পুনৰ জোকাৰি গ’ল গুৱাহাটী মহানগৰীক৷ আৰক্ষী–নিৰাপত্তাৰক্ষী গিজগিজাই থকা মহানগৰীত সুৰক্ষিত নহয় মহিলা৷ মালিগাঁৱৰ পদপথত কাম কৰা এগৰাকী মহিলাক নিশা এজন টেম্পোচালকে টানি–আঁজুৰি যৌন নির্যাতনৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি, দোভাগ নিশা ৰে’লৱে গেটৰ সমীপত পদপথত কাম কৰা মহিলাগৰাকীক লম্পটজনে টানি–আঁজুৰি টেম্পোত উঠাই নিবলৈ চেষ্টা কৰে৷ সেই সময়ত একাংশ লোক আৰু সাংবাদিকৰ উপস্থিতিত লম্পটজনক আটক কৰিবলৈ সক্ষম হয়৷

লক্ষণীয়ভাৱে এই সমগ্র ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰতে কর্তব্যৰত অৱস্থাত আছিল এজন আৰ পি এফৰ জোৱান৷ কিন্তু তেওঁ এই ঘটনা দেখিও নেদেখাৰ ভাও ধৰা ঘটনাই সচেতন মহলক হতচকিত কৰি তুলিছে৷ প্রায়ে মহানগৰীৰ পদপথত এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত আৰক্ষীয়ে নির্বিকাৰ ভূমিকা গ্রহণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

You might also like