নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্রান্তৰ সংখ্যাৰে চীনক অতিক্রম পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ পাকিস্তানত ক’ভিড–১৯ ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ আক্রান্তৰ সংখ্যাৰে প্রাদুর্ভাৱ ঘটা চীনক অতিক্রম কৰিলে দেশখনে৷ বিগত ২৪ ঘণ্টাত ৪,৬৮৮জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হোৱাত আক্রান্তৰ সংখ্যা ৮৫,২৪৬লৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে চীনত আক্রান্তৰ সংখ্যা ৮৪,৬১০জন৷

তালিকাত অষ্টাদশ স্থানত থকা চীনক অতিক্রম কৰি পাকিস্তানে বর্তমান অষ্টাদশ স্থানলৈ উন্নীত হৈছে৷ জন্ছ হপকিন্ছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি পাকিস্তানত ৮৫ হাজাৰতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ১,৭৭০জনে৷ দেশখনত সর্বাধিক আক্রান্ত হৈছে সিন্ধত৷ ইয়াত ৩২,৯১০জন লোক আক্রান্ত হৈছে৷

দ্বিতীয় স্থানত থকা পঞ্জাবত আক্রান্তৰ সংখ্যা ৩১,১০৪জন৷ তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত আছে খাইবাৰ পাখটুনখৱা আৰু ইছলামাবাদ৷ লক্ষণীয় যে দেশখনত আক্রান্তৰ হাৰো বিশ্বৰ আন দেশৰ তুলনাত উন্নত৷ সুস্থ হৈ উঠিছে ৩০,১২৮জন লোক৷

You might also like