নিয়মীয়া বাৰ্তা ৮ জুনঃ বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ অসমৰ পৰম্পৰাগত সামগ্রীসমূহৰ গুৰুত্ব বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক ধাৰণাৰে আগবাঢ়িবলৈ ৰাজ্যৰ যুৱ উদ্যোগীসকলক আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মহানগৰীৰ আমবাৰীত ‘আছাম ষ্টার্ট আপ– দ্য নেষ্ট’ৰ সফলতা উদ্যাপনৰ বাবে আয়োজিত ‘উদ্যম অসম’ শীর্ষক এক অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্ত্বাৱধানত গঠিত সংস্থা ‘আছাম ষ্টার্ট আপ– দ্য নেষ্টে’ ইয়াৰ প্রতিষ্ঠাকালৰ পৰা প্রথমটো বর্ষৰ ভিতৰতে ৭৫টা ষ্টার্ট আপত উদগনি যোগাইছে৷ এই ষ্টার্ট আপসমূহে প্রায় ১১ কোটি টকাৰ ব্যৱসায় কৰাৰ লগতে ১,৬৯০গৰাকী লোকক প্রত্যক্ষ আৰু ৪০ হাজাৰৰো অধিক ব্যক্তিক পৰোক্ষ নিয়োগৰ সুবিধা আগবঢ়াইছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে একবিংশ শতিকা হৈছে প্রযুক্তিৰ যুগ৷ জনজীৱনৰ প্রতিটো ক্ষেত্রতে এতিয়া প্রযুক্তিয়ে প্রভাৱ বিস্তাৰ কৰিছে, সমান্তৰালভাৱে মানুহৰ পছন্দও সলনি হৈ গৈ আছে৷ সকলোৰে দৃষ্টি আকর্ষণেৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ হ’লে আমি উদ্ভাৱনীমূলক ধাৰণাৰ আশ্রয় ল’বই লাগিব৷ সেয়েহে আমাৰ স্থানীয়ভাৱে উৎপাদিত সামগ্রীসমূহৰ মূল্য সংযোজনৰ বাবে নবীন উদ্যোগীসকলে উদ্ভাৱনীমূলক ধাৰণা সংযোজন ঘটোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগিব৷ পৰম্পৰাগত সাজ–পোছাক, কাঁহ–পিতলৰ সামগ্রী আদিৰ দৰে ৰাজ্যখনৰ কুটীৰ উদ্যোগসমূহৰ এককত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে মানুহৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ এইসমূহ সামগ্রীত সকলো উপাদানেই নিহিত হৈ আছে৷ অৱশ্যে গ্রাহকসকলৰ পৰিৱর্তিত পছন্দৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত আমি অধিক উদ্ভাৱনীমূলক চিন্তা–চর্চা কৰিব লাগিব৷ তথ্য–প্রযুক্তি সেৱাৰ প্রয়োগৰ দ্বাৰাও এই সামগ্রীসমূহৰ বিপণনৰ ক্ষেত্রত যথেষ্ট সহায়ক হ’ব বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সূচনা কৰা ষ্টার্ট আপ ইণ্ডিয়া, স্কীল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে কার্যসূচীয়ে ভাৰতীয় উদ্যোগীসকলক গোলকীয় প্রেক্ষাপটত সমভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ এক ডাঙৰ সুযোগ আনি দিলে৷ ভাৰতীয় ষ্টার্ট আপসমূহে বিশ্বৰ বজাৰত নিজৰ শক্তিশালী উপস্থিতি সাব্যস্ত কৰাৰ জৰিয়তে এই পদক্ষেপসমূহে বর্তমান সুফল দিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ ৰাজ্যখনৰ উদ্যোগীসকলৰ শেহতীয়া সফলতাসমূহে ৰাজ্যৰ যুৱ প্রজন্মৰ উদ্ভাৱনীমূলক ধাৰণাৰ এক সবল নিদর্শন দাঙি ধৰিছে বুলি উল্লেখ কৰি বিশ্বৰ বজাৰত অসমৰ স্থান অধিক সুদৃঢ় কৰাৰ বাবে ৰাজ্যৰ যুৱক–যুৱতীসকলক্ অধিক উদ্ভাৱনীমূলক ধাৰণাৰে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়৷ তেওঁ লগতে কয় যে যুৱ উদ্যোগীসকলে লাভ কৰা এই সাফল্যই ৰাজ্যৰ নতুন প্রজন্মক ষ্টার্ট আপক এক কেৰিয়াৰ হিচাপে গ্রহণ কৰাত উৎসাহ যোগাব৷ দেওবাৰৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে ‘মাই আছাম ষ্টার্ট আপ আইডি’ৰ অধীনত এই কেন্দ্রই উদগনি যোগোৱা ৩১টা ষ্টার্ট আপলৈ বিত্তীয় অনুদানৰ প্রথম কিস্তিৰ চেকসমূহো বিতৰণ কৰে৷ তেওঁ লগতে ‘আছাম ড্রেইলব্লেজার্ছ’ শীর্ষক কফী টেবুল বুকখনৰ প্রথম সংস্কৰণো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ এই গ্রন্থখনত অসম ষ্টার্ট আপৰ যাত্রাৰ বিৱৰণৰ লগতে ষ্টার্ট আপসমূহৰ সফলতাৰ কাহিনীও সন্নিৱিষ্ট কৰা হৈছে৷ দেওবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনলৈ ঘূৰি অহা প্রব্রজিত শ্রমিকসকলৰ বাবে গ্রহণ কৰা ‘উদ্যম–য়ুথ এণ্টাৰপ্রিনিউৰশ্বিপ প্রগ্রেম’ নামৰ এক নতুন পদক্ষেপো আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে গোলকীয় ব্যৱসায়িক বজাৰখনৰ পৰিৱর্তিত ধাৰাৰ সৈতে খাপ খুৱাই যুৱ উদ্যোগীসকলক আগবঢ়াই লৈ যোৱা বাবে গ্রহণ কৰা ‘আছাম ষ্টার্ট আপ– দ্য নেষ্ট’ হৈছে চৰকাৰখনৰ এক সপোনৰ প্রকল্প৷ তেওঁ কয় যে ২০১৭ চনত অসম দক্ষতা উন্নয়ন বিভাগ স্থাপনৰ জৰিয়তে ৰাজ্য চৰকাৰে এইক্ষেত্রত নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা স্পষ্ট ৰূপত প্রতিফলিত কৰিছে৷ এই বিভাগৰ অধীনৰ অসম দক্ষতা উন্নয়ন অভিযানে ৰাজ্যৰ যুৱক–যুৱতীসকলৰ্ দক্ষতা বিকাশৰ লগতে তেওঁলোকক উদ্ভাৱনীমূলক ধাৰণাৰে উজ্জীৱিত কৰাৰ বাবেও বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ অনুষ্ঠানৰ অংশ হিচাপে ‘আছাম ষ্টার্ট আপ– দ্য নেষ্টে’ আজি ‘দ্য ইণ্ড–ইউ এছ এণ্টাৰপ্রিনিউর্ছ’ (টি আই ই) আৰু ‘সংগম ভেনছার্ছ’ নামৰ দুটা সংস্থাৰ লগত বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰে৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত আছাম ষ্টার্ট আপৰ মুখ্য পৰিচালন বিষয়া প্রাঞ্জল কোঁৱৰে নেষ্টৰ যাত্রাৰ বিৱৰণৰ ওপৰত নির্মিত এক চমু প্রেজেণ্টেচন আগবঢ়ায়৷ অনুষ্ঠানত অটো ম’ভিল, পার্কিং ৰাইনো, ব্রহ্মপুত্র ফেবল্ছ, লেটছ লার্ন টুগেদাৰ, ইছাহ টী, স্প’ক হাব আৰু ডিফেন্স এণ্ড স্পেচ ৰব’টিকছ্ লেবৰেটৰী নামৰ ষ্টার্ট আপসমূহে নিজৰ সাফল্যৰ কাহিনী অৱগত কৰে৷