নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোভিড -১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা,  ৯ জুনঃৰাষ্ট্ৰীয় সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ কোভিড -১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে । যাৰ পাছতে কেজৰিৱালৰ শৰীৰত ক’ৰোনা সংক্ৰমণ ঘটা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰাজধানী দিল্লীৰ মুখ্যমন্ত্রীগৰাকী সোমবাৰে নিজেই শৰীৰত ক’ভিড–১৯ ৰ লক্ষণ দেখা দিয়াৰ পাছত আছুতীয়াকৈ থকাৰ সিদ্ধান্ত লৈছিল ৷ কিয়নো সোমবাৰে আছুতীয়া বা কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লোৱা কেজৰিৱালে জ্বৰ আৰু ডিঙিৰ অস্বস্তিত ভুগিছে ৷ লগতে আজি পুৱাৰ ভাগতে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ ক’ভিড–১৯ ৰ পৰীক্ষা কৰা হৈছিল ৷

You might also like