ফাঁচীবজাৰত গধুৰ যান–বাহনৰ প্রৱেশ নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয়ে
নিয়মীয়া বাৰ্তা, ১১ জুনঃ গুৱাহাটী মহানগৰীত যান–বাহন আইন উলংঘাৰে গধুৰ যান–বাহন প্রৱেশ কৰি আহিছে৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশযোগে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ মহানগৰীত গধুৰ যান–বাহনৰ প্রৱেশ নিষিদ্ধ কৰিছে৷ বিশেষকৈ ব্যৱসায়–বাণিজ্যৰ কেন্দ্রস্থল ফাঁচীবজাৰত আইন উলংঘাৰে গধুৰ যান–বাহন প্রৱেশ কৰাৰ লগতে পার্কিং কৰিও তীব্র যান–জঁটৰ সৃষ্টি কৰি আহিছে৷ ফাঁচীবজাৰত হোৱা তীব্র যান–জঁটৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭২/২০১৬ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি অলপতে মহানগৰীত গধুৰ যান–বাহনৰ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰে৷ ইয়াৰ উপৰি মাছখোৱাৰ লাচিত ঘাটৰ পৰা যান–বাহনৰ পার্কিং আঁতৰাই অৱসৰ বিনোদনৰ বাবে লাচিতঘাট মুকলি কৰিবলৈও মহানগৰ আৰক্ষীক নির্দেশ জাৰি কৰে৷