বাঘজানত মন্ত্রী পাটোৱাৰীৰ টুলুঙা মন্তব্যক তীব্র গৰিহণা–ধিক্কাৰ দল–সংগঠনৰ
নিয়মীয়া বাৰ্তা ১২ জুনঃ তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্রৰ ৫নং তৈলখাদত যোৱা ১৯ জুনত বিস্ফোৰণৰ ফলত হোৱা অগ্নি কাণ্ডৰ পাছত পৰিস্থিতি পর্যালোচনাৰ বাবে বাঘজানত উপস্থিত হোৱা ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কৰা টুলুঙা মন্তব্যত জাঙুৰ খাই উঠিছে জনগোষ্ঠীয় সংগঠনসমূহ৷ বৃহস্পতিবাৰে বাঘজানৰ অগ্ণিকাণ্ডৰ ক্ষয়–ক্ষতিৰ বুজ ল’বৰ বাবে উপস্থিত হোৱা সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থা, সোণোৱাল কছাৰী ছাত্র সন্থা আৰু আহোম জাতীয় গণ মঞ্চৰ কেন্দ্রীয় কমিটীৰ নেতৃবৃন্দই মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক এনে ধৰণৰ টুলুঙা মন্তব্য নিদিবলৈ সকীয়াই দিয়ে৷
উল্লেখ্য যে বুধবাৰে নিশা বাঘজানৰ অগ্নি কাণ্ডৰ ফলত সর্বস্ব হেৰুৱাই আশ্রয় শিবিৰত থকা একাংশ সর্বস্বান্ত লোকৰ সন্মুখত মন্ত্রী পাটোৱাৰীয়ে বাঘজানৰ অগ্নি কাণ্ড সন্দর্ভত অতি টুলুঙা মন্তব্য আগবঢ়ায়৷ স্থানীয় জিলা ছাত্র সন্থাকে ধৰি দল–সংগঠনসমূহে মন্ত্রী পাটোৱাৰীক আশ্রয় শিবিৰতে সাক্ষাৎ কৰি বাঘজানৰ মর্মবেদনা উপলব্ধি কৰিবলৈ আহ্বান জনোৱাৰ লগতে ক্ষয়–ক্ষতিৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছিল৷ তেওঁলোকে মন্ত্রী পাটোৱাৰীক বাঘজানৰ অগ্ণিকাণ্ডৰ বাবে চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া অইল ইণ্ডিয়াকো জবাবদিহি কৰাৰ দাবী জনাইছিল৷ সেই সময়তে মন্ত্রী পাটোৱাৰীয়ে বাঘজানৰ দৰে অগ্নি কাণ্ড ত্রিপুৰাতো সংঘটিত হৈছিল, ইৰানতো সংঘটিত হৈছে, ৰাছিয়াতো সংঘটিত হৈছে বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে এই অগ্নি কাণ্ডটো একোৱেই নহয়, ৰাছিয়াত ৮০ দিন ধৰি জুই জ্বলিয়েই আছিল৷ অইলৰ এনে ঘটনা পোনপ্রথম নহয়, ২০১২ চনতো ডিকঙত এনে অগ্নি কাণ্ড সংঘটিত হৈছিল বুলি মন্তব্য কৰি আপোনালোকৰ আৱেগ মই বুজি পাইছোঁ৷ কিন্তু সকলো বিষয় চৰকাৰী নীতি–নিয়ম অনুসৰিহে সম্ভৱ বুলি কোৱাৰ লগে লগে উত্তেজিত হৈ উঠে উপস্থিত ৰাইজ৷ আনকি উত্তেজিত ৰাইজে মন্ত্রী পাটোৱাৰীক উভতি ধৰি কয়– ‘আপুনি বেলেগৰ উদাহৰণ দি লাভ নাই৷ বাঘজানৰ কথা কওক৷ ভাৰত চৰকাৰে ৰাছিয়াৰ চৰকাৰৰ দৰে ব্যৱস্থা ল’ব নোৱাৰে বুলি কওক৷ আপুনি এনে চালে–বেৰে কোবোৱা কথা কৈ আমাক এৰি যাব নোৱাৰে৷ আপুনি আমাৰ লগত থাকিব লাগিব৷’ ৰাইজৰ এনে মন্তব্যৰ পাছতে স্বাভাৱিকতে পৰিস্থিতি উত্তেজিত হৈ উঠে আৰু মন্ত্রী পাটোৱাৰীয়ে সেই স্থান ত্যাগ কৰে৷ ইয়াৰ পাছতে এই আশ্রয় শিবিৰটোত মন্ত্রীজনৰ প্রতিকৃতিও দাহ কৰে স্থানীয় দল–সংগঠনৰ লগতে শিবিৰবাসীয়ে৷ ইফালে, বৃহস্পতিবাৰে বাঘজানলৈ যোৱা জনগোষ্ঠীয় সংগঠনসমূহৰ ভিতৰত চুতীয়া ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, আদিবাসী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দেৱেন ওৰাং, সোণোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল আৰু আহোম জাতীয় গণ মঞ্চৰ সহকাৰী সম্পাদক অকণ ভূঞাই মন্ত্রী পাটোৱাৰীক এনে মন্তব্যৰ বাবে ধিক্কাৰ দিয়ে৷ জনগোষ্ঠীয় নেতাসকলে অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদৰ খনন আৰু উৎপাদন সম্পূর্ণৰূপে বন্ধ কৰাৰ হুংকাৰ দি বাঘজানৰ অগ্ণিকাণ্ডত হোৱা ক্ষয়–ক্ষতিৰ সম্পূর্ণ ক্ষতিপূৰণ অইল কর্তৃপক্ষই দিবই লাগিব বুলি মন্তব্য কৰে৷ তেওঁলোকে কয় যে ১৪ দিন পূর্বে বাঘজান তৈলক্ষেত্রৰ অইল ৰিগৰ গেছ নির্গত হৈ থকাত এই গেছ নির্গমন বন্ধ কৰিবলৈ বিভিন্ন দল–সংগঠনে দাবী জনাই আহিছিল যদিও অইল কর্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্রদান নকৰিলে৷ অইলৰ অবিবেচক কাণ্ড আৰু প্রশাসনৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বাঘজানত এই ভয়াৱহ অগ্ণিকাণ্ড সংঘটিত হৈ বাঘজানবাসীৰ কোটি কোটি টকাৰ সা–সম্পত্তি বিনষ্ট হ’ল৷ ইয়াৰ বাবে অইল কর্তৃপক্ষ সম্পূর্ণৰূপে জবাবদিহি হ’ব লাগিব বুলি জনগোষ্ঠীয় নেতাসকলে মন্তব্য কৰে৷ তেওঁলোকে এইপর্যন্ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজে বাঘজান পৰিদর্শন নকৰা কার্যৰো কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷