নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্রান্তক লৈ শংকিত বাসিন্দা

নাৰেংগীত কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্রশাসনৰ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ নুনমাটি থানাৰ অন্তর্গত বৃহত্তৰ নাৰেংগী অঞ্চলত আজি প্রথমটো ক’ৰোনা সংক্রমিত ৰোগী চিনাক্ত হোৱাৰ পাছতে তীব্র আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলজুৰি৷ ইণ্ডিয়া কার্বনৰ সমীপত এটা বস্তি এলেকাত বিহাৰৰ পৰা অহা যুৱক এজনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে প্রশাসনে আজি সেই বস্তি অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰি দিয়ে৷

উল্লেখ্য যে এলেকাটোৰ ৰাম প্রসাদ ভগত নামৰ যুৱক এজনে যোৱা ৩ জুনত এখন ট্রাকত উঠি বিহাৰৰ পৰা আহি পোনে পোনে বাসগৃহত প্রৱেশ কৰিছিল৷ পিছত স্থানীয় লোকৰ হেঁচাত যুৱকজনে ৮ জুনত মহেন্দ্র মোহন হাস্পতালত নিজে উপস্থিত হৈ ভ্রমণ বৃত্তান্তৰ কথা অৱগত কৰাত স্বাস্থ্য বিভাগৰ লোকে ছোৱাব সংগ্রহ কৰে৷

শুকুৰবাৰে প্রাপ্ত ফলাফল অনুসৰি যুৱকজনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাত ততাতৈয়াকৈ এম এম চিলৈ লৈ যায় স্বাস্থ্য বিভাগে৷ তাৰ পাছতে প্রায় ২৫–৩০টা পৰিয়াল থকা বস্তি অঞ্চলটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি ছীল কৰি দিয়ে প্রশাসনে৷ পৰৱর্তী সময়ত যুৱকজনৰ সংস্পর্শলৈ অহা তেওঁৰ পৰিয়াল আৰু আন কিছুসংখ্যক লোকৰ ছোৱাব সংগ্রহ কৰিব বুলি জানিব দিছে বিভাগীয়ভাৱে৷ ইফালে ৩ জুনৰ পৰা শুকুৰবাৰে ১২ জুনলৈ যুৱকজনে বস্তিটোত থাকি বিভিন্ন লোকৰ সংস্পর্শলৈ অহাৰ প্রতি লক্ষ্য কৰি আৰু তেনে লোক আকৌ নাৰেংগীৰ বিভিন্ন প্রান্তৰ বিভিন্ন লোকৰ সংস্পর্শত অহাৰ আশংকা কৰিছে বৃহত্তৰ নাৰেংগীবাসীয়ে৷ এই আশংকাৰ আনকি সমগ্র নাৰেংগী অঞ্চলৰ বাসিন্দাসকল অতিকৈ চিন্তিত হৈ পৰিছে৷ আনহাতে সেই বস্তি অঞ্চলটোৰ লোকসকলে নাৰেংগীৰ বিভিন্ন স্থানত দিন হাজিৰা, ঠেলা–ৰিক্সা আদি চলাই ফুৰাই থকা কার্যৰ প্রতি লক্ষ্য কৰি অঞ্চলটোত গণ সংক্রমণৰো আশংকা কৰিছে নাৰেংগীবাসীয়ে৷

You might also like