নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত পথৰ দাঁতিৰ গছত বাছৰ খুন্দা

নিয়মীয়া বাৰ্তা ১৩ জুনঃ আজাৰা থানাৰ অন্তর্গত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ এয়াৰফ’চ গেটত শুকুৰবাৰে পুৱতি নিশা সংঘটিত এক পথ দুর্ঘটনাত দুগৰাকী লোকৰ কথমপি প্রাণ ৰক্ষা পৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে পুৱতি নিশা প্রায় ৩ বজাত গুৱাহাটী দিশৰ পৰা মির্জা অভিমুখে গৈ থকা এম এল ০৮ ডি ০৭২৫ নম্বৰৰ ভাগ্যলক্ষী নামৰ ছুপাৰ বাছখনে এয়াৰফ’চ গেটত পথৰ দাঁতিত থকা এজোপা গছত প্রচণ্ড জোৰে খুন্দা মাৰে৷ ফলত বাছখনৰ সন্মুখৰ অংশটো বেয়াকৈ ক্ষতিগ্রস্ত হয়৷ সৌভাগ্যক্রমে বাছখনত কোনো যাত্রী নথকাৰ লগতে বাছখনৰ চালক–হেণ্ডিমেনৰ কথমপি প্রাণৰক্ষা পৰে৷

You might also like