নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোষীয়ে শাস্তি পালেই শান্তি পাম মই, ঋতুপৰ্ণৰ পত্নীৰ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ‘মোৰ মানুহটোক ইহঁতে মাৰি পেলালে। মাৰি মাটিত পেলাই থ’লে মোৰ মানুহজনক। এতিয়া মই এই কণমানিটোক লৈ কি কৰিম, ক’লৈ যাম?’ স্বামীৰ মৃত্যুত হাহাকাৰ দেখা ঋতুপৰ্ণ পেগুৰ পত্নী এলিনা পেগুৰ হিয়া ভঙা কান্দোন। হত্যাকাৰীক ফাঁচী দিলেই শান্তি পাম মই। মোক ন্যায় লাগে বুলি চিঞৰি উঠে অসহায় মহিলাগৰাকীয়ে।

সংবাদমাধ্যমৰ আগত এলিনা পেগুৱে কয় যে অভিযুক্ত আৰমান আলীৰ সৈতে ভাল সম্পৰ্ক আছিল ঋতুপৰ্ণৰ। আগৰদৰেও কালিও পুৱা কামৰ বাবে ওলাই গৈছিল। অভিযুক্ত আৰমানৰ দোকানত এখন টুলত বহাক লৈ কাজিয়া লাগিছিল আৰু দোকানৰ কৰ্মচাৰীজনক এটা চৰ শোধাইছিল ঋতুপৰ্ণই। তাকে লৈ কৰ্মচাৰীজনে ঘৰৰ মানুহৰ লগতে ৰড, ছুৰী লৈ আহি বেয়াকৈ আক্ৰমণ কৰিলে আৰু মাৰি পেলালে।

‘এঘণ্টা ধৰি পৰি ৰ’ল মোৰ মানুহটো, বচাও বুলি ভৱা হয় বচাব পাৰিলে হয়। কাজিয়াখন বন্ধ কৰিব পাৰিলে হয় অভিযুক্ত আৰমানে। কিন্তু নকৰিলে, মোক ফোন কৰিবলৈ সময় হ’ল কিন্তু হাস্পতাললৈ নিবলৈ সময় নহ’ল। দোকানখনৰ মালিকে সমগ্ৰ কাজিয়াখন চাই থাকিল। অভিযুক্ত আৰমান আলীয়ে মাতি নি মোক মানুহজনক মাৰি পেলালে বুলি কান্দি কান্দি প্ৰকাশ কৰে এলিনা পেগুৱে।

সমগ্ৰ ঘটনাৰ ন্যায়ৰ বাবে এতিয়া বাট চাইছে সকলোৱে। দোষীৰ কঠোৰতকৈ কঠোৰ শাস্তি বিচাৰিছে সকলোৱে। চৰকাৰেই এতিয়া সাহস হৈ পৰিছে এলিনা পেগু আৰু পুত্ৰ গেৰি পেগুৰ।

You might also like