নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ঘাতক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যা ভাৰতত ৩,১০,৭৬০ গৰাকীলৈ বৃদ্ধি পাইছে৷
শেহতীয়াকৈ প্রতিদিনে গড়ে ১০ হাজাৰকৈ লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে দেশখনত৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১১ সহস্রাধিক লোক ভাইৰাছবিধৰ দ্বাৰা দেশৰ বিভিন্ন ৰাজ্যত সংক্রমিত হৈছে৷ শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ ভাৰতত পূর্বৰ তুলনাত দুগুণ হোৱা বুলি নিশ্চিত কৰা হৈছে৷ মাত্র ১৩ দিনৰ ভিতৰত দেশত ১ লাখ ২৫ হাজাৰ লোক ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হোৱাৰ লগতে আইচিএমআৰে দেশজুৰি ৫৫ লক্ষাধিক ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে৷ লক্ষণীয়ভাৱে দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণ অধিক দ্রুততৰ হৈছে৷
ইতিমধ্যে সংক্রমিত লোকৰ সংখ্যাৰে লাখ অতিক্রম কৰা মহাৰাষ্ট্রত মাৰাত্মক ভাইৰাছবিধে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে আশাৰ কথা এটাই যে ক’ভিড–১৯ত আক্রান্ত হোৱা ৪৯.৯৫ শতাংশ লোকক ইতিমধ্যে আৰোগ্য কৰি তোলাটো সম্ভৱ হৈছে৷ অর্থাৎ ১,৫৪,৩২৯গৰাকীতকৈ অধিক লোক ভাইৰাছবিধৰ সংক্রমণৰ পৰা মুক্ত হৈছে দেশত৷ কিন্তু মহাৰাষ্ট্র, তামিলনাডু, দিল্লী, গুজৰাট আদি ৰাজ্যত ভাইৰাছবিধৰ দ্রুত সংক্রমণে কঢ়িয়াই আনিছে নতুন আতংক৷ ভাৰতত এতিয়ালৈকে ক’ৰোনাত প্রাণ হেৰুৱাইছে ৮,৮৯৫গৰাকী লোকে৷ শেহতীয়াকৈ দেশখনত মৃত্যুৰ হাৰো আন দেশৰ তুলনাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷
গৃহভূমিলৈ উভতিল ২২৭ ভাৰতীয়-
বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক গৃহভূমিলৈ ওভতাই অনাৰ প্রক্রিয়া অব্যাহত ৰাখিছে চৰকাৰে৷ ‘বন্দে ভাৰত’ অভিযানৰ অধীনত শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই ফিনলেণ্ড, ডেনমার্ক, ইষ্টনিয়া আৰু লাটভিয়াত আবদ্ধ হৈ থকা ২২৭গৰাকী ভাৰতীয় নাগৰিকক গৃহভূমিলৈ ওভতাই আনিছে৷ ফিনলেণ্ডৰ ৰাজধানী হেলছিংকীৰ পৰা প্রথমবাৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমানে দেশৰ নাগৰিকসকলক ওভতাই অনা বুলি উৰণ সংস্থাটোৰ বিষয়ববীয়া পংকজ তিৱাৰীয়ে সংবাদ মাধ্যমক জনাইছে৷ একেদৰে ডেনমার্ক, ইষ্টনিয়া আৰু লাটভিয়াৰ ভাৰতীয় নাগৰিকক ওভতাই আনিছে উৰণ সংস্থাটোৰ বিমানে৷
মহাৰাষ্ট্রত এদিনতে সংক্রমিত ৩,৪২৭
মহাৰাষ্ট্রত আজি পুনৰ ৩,৪২৭গৰাকী নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ এই সময়ছোৱাত ৰাজ্যখনত প্রাণ হেৰুৱাইছে ১১৩গৰাকী লোকে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ত সংক্রমিত লোকৰ সংখ্যা মহাৰাষ্ট্রত ১,০৪,৫৬৮লৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত ক’ভিড–১৯ত মৃত্যু হৈছে ৩,৮৩০গৰাকী লোকৰ৷
দিল্লীত ৫,৯৪৭ নমুনাৰ ২,১৩৭ পজিটিভ
দেশৰ ৰাজধানী দিল্লীত ক’ভিড–১৯এ সামাজিক সংক্রমণ ঘটোৱা বুলি কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে আশংকা কৰি থকা সময়তে শুকুৰবাৰৰ দিনটোত ৫,৯৪৭গৰাকী লোকৰ নমুনা সংগ্রহ কৰি ক’ভিড পৰীক্ষা চলোৱা হয়৷ লক্ষণীয়ভাৱে এই নমুনাসমূহৰ ২,১৩৭টাৰেই পৰীক্ষা পজিটিভ আহিছে৷ লগে লগে দিল্লীজুৰি সৃষ্টি হৈছে আতংক৷ স্মর্তব্য যে এতিয়ালৈকে দেশৰ ৰাজধানী মহানগৰখনৰ ২,৭৭,৪৬৩গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ কিন্তু মহাৰাষ্ট্র আৰু আন কেইবাখনো ৰাজ্যৰ তুলনাত দিল্লীত ক’ভিড পৰীক্ষা কমকৈ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ উপ–ৰাজ্যপাল অনিল বাইজালে সেয়ে ৰাজধানী মহানগৰখনত প্রতিদিনে অধিকসংখ্যক লোকৰ ক’ভিড–১৯ পৰীক্ষা সম্পন্ন কৰিব লাগে বুলি দাবী জনাইছে৷ উপ–ৰাজ্যপালগৰাকীৰ্ এই দাবীৰ সময়তে মাত্র এটা দিনত ২,১৩৭গৰাকী লোকৰ পৰীক্ষা পজিটিভ ওলোৱাৰ লগে লগে বিষয়টোক লৈ সংবাদ মাধ্যমত বিশেষ চর্চা চলিছে৷