নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ অগ্নিকাণ্ডঃ ঘটনাস্থলীত আজি উপস্থিত হ’ব ধর্মেন্দ্র প্রধান–সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত গেছখাদত সংঘটিত অগ্নিকাণ্ডক কেন্দ্র কৰি সর্বত্র প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে শনিবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধান৷

গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি বাঘজানত সংঘটিত ঘটনা সন্দর্ভত এক বৈঠকত মিলিত হয়৷

বৈঠকত মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে আজি বাঘজানৰ ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ প্রত্যক্ষ বুজ লোৱাৰ সিদ্ধাত লয়৷ মুখ্যমন্ত্রী সোণোৱালে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানক কয় যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অইল ইণ্ডিয়া লিমিটেডক পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সকলো সহায়–সহযোগিতা আগবঢ়াই অহা হৈছে৷ তিনিচুকীয়া জিলা প্রশাসনে বাঘজানৰ ঘটনা সংঘটিত হোৱাৰ পূর্বে চুবুৰীয়া গাঁওসমূহৰ জনসাধাৰণক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰে৷

মুখ্যমন্ত্রী সোণোৱালে লগতে এই ঘটনাত ক্ষতিগ্রস্ত হোৱা পৰিয়ালসমূহক সর্বোচ্চ ক্ষতিপূৰণ আগবঢ়াবলৈ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানক আহ্বান জনায়৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ সম্পর্কে অৱগত কৰি কয় যে জিলা প্রশাসনে ১২টা সাহায্য শিবিৰ স্থাপন কৰিছে আৰু এই শিবিৰসমূহত ৭ হাজাৰ লোকে আশ্রয় লৈ আছে৷ তদুপৰি গেছখাদৰ দুর্ঘটনাৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ বুজ লোৱাৰ বাবে জিলা প্রশাসনে এক সমীক্ষা ইতিমধ্যে চলাই আছে বুলি তেওঁ উল্লেখ কৰে৷ বৈঠকৰ মাজতে মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে ভিডিঅ’ কনফাৰেঞ্চযোগে অইল কর্তৃপক্ষ তথা তিনিচুকীয়াত উপস্থিত থকা ৰাজ্য চৰকাৰৰ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে বার্তালাপ কৰি বর্তমান পৰিস্থিতিৰ লগতে অইলে গ্রহণ কৰা পদক্ষেপ সম্পর্কে বুজ লয়৷

কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে আলোচনাৰ সময়ত ৰাজ্য চৰকাৰে আগবঢ়োৱা সহায়–সহযোগিতাৰ বিষয়ে বুজ লোৱাৰ লগতে গেছখাদটোৰ অগ্নিনির্বাপণৰ বাবে যুদ্ধকালীন গতিত কাম কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ তেওঁ কয় যে সমগ্র পৰিস্থিতিৰ ওপৰত পেট্র’লিয়াম মন্ত্রালয়ে পর্যাপ্ত নজৰ ৰাখিছে তথা এই দুর্ঘটনাত প্রভাৱিত পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব৷ অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলে, সাংসদ তপন কুমাৰ গগৈ, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰ লগতে অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে৷

You might also like