নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত আৱিস্কাৰ নতুন প্ৰজাতিৰ মাছ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বিশ্বৰ মৎস্যকুলৰ তালিকাতসন্নিৱিষ্ট হ’ল আন এবিধ নতুন প্ৰজাতিৰ মাছ৷

উত্তৰ-পূৱৰ সূৰ্য্য উঠা দেশ অৰুণাচলত এবিধ নতুন প্ৰজাতিৰ মাছ সন্ধান লাভ কৰিছে এগৰাকী গৱেষকে৷

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স’ প্ৰজাতিৰ মাছবিধক আৱিস্কাৰ কৰিছে পাচিঘাটৰ জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ কেশৱ কুমাৰ ঝাই৷

চুইজাৰলেণ্ডৰ পৰিৱেশ প্ৰকৃতি সন্থা চমুকৈ আই ইউ চি এনৰো সদস্য ড॰ ঝাই নতুনকৈ আৱিস্কাৰ কৰা মাছবিধক নামাকৰণ কৰিছে Schizothoraxsikusirumensis. আনহাতে মাছবিধক ভাজকলাৰ আচৰণৰ ভিত্তিত চিনাক্ত কৰা বুলি প্ৰকাশ কৰিছে গৱেষক ড॰ ঝাই৷ পাচিঘাট জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জাৰ্মপ্লাজম এক্সপ্ল’ৰেচনছ ৰিচাৰ্জ লেব’ৰেটৰীত আৱিস্কাৰ কৰা মাছবিধক JNট্ৰ/দ্বOO-FM/SR/২৭.ৰ নম্বৰৰ তালিকাত অন্তভূৰ্ক্ত কৰিছে৷

আনহাতে এই মাছবিধৰ সম্পৰ্কত ‘জাৰ্নেল অৱ গ্ল’বেল বায়’চায়েন্স’ নামৰ গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বত নতুনকৈ ৬৫ টা প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে৷ ইয়াৰে কেৱল ভাৰততে সন্ধান লাভ কৰা ১২ টা প্ৰজাতিৰ নতুন মাছ মৎস্যকুলৰ তালিকাত সন্নিৱিষ্ট কৰিছে৷

ইফালে অৰুণাচল প্ৰদেশত এই পৰ্যন্ত তিনিটা প্ৰজাতিৰ নতুন মাছ সন্ধান লাভ কৰিছে৷ গৱেষক ড॰ কেশৱ কুমাৰ ঝাই বৰ্তমানলৈকে জ্জ টা প্ৰজাতিৰ মাছ আৱিস্কাৰ কৰিছে৷ ইয়াৰে Chacachaca, Gagatagagata, Nangraviridescens, Nangraassamensis, Puntius terio আৰু Glyptothraxventrolineatus আদি হৈছে অন্যতম৷ মন কৰিবলগীয়া যে, উত্তৰ-পূৱৰ অৰুণাচলৰ বুকুত নতুন প্ৰজাতিৰ মাছ আৱিস্কাৰে স্বাভাৱিকতে পৰিৱেশ আৰু প্ৰকৃতিৰ বাবে এক আনন্দৰ খবৰ৷

You might also like