নিয়মীয়া বাৰ্তা ১৫ জুনঃ দেশৰ চিকিৎসকসকললৈ প্রেৰণ কৰা এখন পত্রই আতংকগ্রস্ত লক্ষজনৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে৷ কাৰণ ক’ভিড–১৯ ৰোগ প্রতিৰোধৰ ঔষধ অচিৰেই উপলব্ধ হ’ব ফার্মাচীত৷ এই কথা জানিবলৈ দিছে দেশৰ প্রসিদ্ধ ঔষধ কোম্পানী এটাই৷ উল্লেখ্য যে ভাৰতবর্ষত এটা প্রখ্যাত ঔষধ কোম্পানীয়ে ভাৰত চৰকাৰৰ অনুমতি লাভ কৰি প্রস্তুত কৰা ঔষধবিধ দেশৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ডেৰশ ক’ভিড ৰোগীৰ দেহত প্রয়োগ কৰাৰ পিছত সকলো ৰোগী আশাপ্রদভাৱে সুস্থ হৈ পৰাৰ পিছত ভাৰত চৰকাৰৰ ‘ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’ই এই ঔষধবিধ বজাৰত মুকলি কৰিবৰ বাবে অনুমতি প্রদান কৰা ঘটনাই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত চীন দেশত প্রথমটো ক’ভিড–১৯ পজিটিভ ৰোগী ধৰা পৰিছিল৷ এই ৰোগৰ প্রাদুর্ভাৱ ক্রমশঃ বৃদ্ধি পোৱাৰ পিছত যোৱা ২৪ মার্চৰ পৰা আমাৰ ভাৰতবর্ষতো লকডাডন আৰম্ভ হৈছিল যদিও এই ৰোগৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বা ৰোগ প্রতিৰোধৰ ঔষধ আৱিষ্কাৰ কৰিবলৈ কোনো এখন দেশেই সক্ষম হোৱা নাছিল৷ অদ্যাপি আৱিষ্কাৰ হোৱা নাই ইয়াৰ ঔষধ বা ভেকচিন৷ কিন্তু বিশ্বজুৰি ঔষধ–ভেকচিন আৱিষ্কাৰৰ বাবে চিকিৎসা বিজ্ঞানীসকলে তৎপৰতা চলাই থকাৰ মাজতে ভাৰতবর্ষৰ প্রখ্যাত ঔষধ কোম্পানী ‘গ্লেনমার্ক ফার্মাচিডটিকেল লিমিটেডে’ জাপানিজ মলিকুল অর্থাৎ জাপানৰ অণু সংগ্রহ কৰি প্রস্তুত কৰা বিশেষ ঔষধবিধৰ ওপৰত ‘ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’ই অনুমোদন দিয়াত খুব কম সময়ৰ ভিতৰতে ডপলব্ধ হ’ব ‘ফেভিপিৰাভীৰ–২০০ এম জি’ নামৰ টেবলেট৷ ভাৰতবর্ষৰ বাহিৰৰ দেশতো প্রতিষ্ঠিত এই ঔষধ কোম্পানীটোৱে ভাৰত চৰকাৰৰ ‘ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’ৰ পৰা এই সন্দর্ভত অনুমতি লাভ কৰাৰ পিছতেই যোৱা জানুৱাৰী মাহৰ পৰা এই অভিযান আৰম্ভ কৰে কোম্পানীটোৱে৷ জাপানিজ মলিকুল অর্থাৎ জাপানৰ অণু সংগ্রহ কৰি ভাৰতবর্ষত চিন্থেছাইজ অর্থাৎ সংশ্লেষণ কৰি সেই ঔষধ প্রস্তুত কৰি প্রথম দুটা পর্যায়ত অন্যান্য প্রাণীৰ ক্ষেত্রত ইয়াৰ প্রয়োগ কৰাৰ পিছত যোৱা এপ্রিল মাহত মানুহৰ শৰীৰত অর্থাৎ ক’ভিড–১৯ পজিটিভ ৰোগীৰ শৰীৰত প্রয়োগ কৰাৰ অনুমতি লাভ কৰে৷ এই অনুমতি পোৱাৰ পিছতেই দেশৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ১০খনকৈ চিকিৎসালয়ৰ ১৫০গৰাকী ক’ভিড–১৯ পজিটিভ ৰোগীক প্রয়োগ কৰি সফলকাম হোৱাৰ পিছতেই এতিয়া কোম্পানীটোৱে এই ঔষধ বজাৰলৈ মুকলি কৰি দিয়াৰো অনুমতি লাভ কৰিছে৷ এই সন্দর্ভত কোম্পানীটোৰ সূত্রই প্রকাশ কৰা মতে আগন্তুক ১০ বা ১৫ দিনৰ ভিতৰতে দেশৰ সকলো ফার্মাচীতে এই ঔষধ ডপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এই অনুমতি লাভ কৰা দেশৰ প্রথম ঔষধ কোম্পানী হিচাপে ‘গ্লেনমার্ক ফার্মাচিডটিকেল লিমিটেডে’ এই সমস্ত তথ্য উল্লেখ কৰি এখন পত্রৰ জৰিয়তে সম্প্রতি দেশৰ চিকিৎসা খণ্ডৰ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীলৈ প্রেৰণ কৰিছে৷ মন কৰিবলগীয়া যে কোম্পানীটোৱে ঔষধবিধৰ প্রকৃত নাম ‘ফেবি ফ্লু’ বুলি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ স্বাভাৱিকতে ভাৰতবর্ষৰ এই ঔষধ কোম্পানীটোৰ এই কষ্টসাধ্য আৱিষ্কাৰে এতিয়া সকাহ দিব ভাৰতবর্ষত ক্রমশঃ বৃদ্ধি পোৱা ক’ভিড ৰোগীসকলক৷ আনুষ্ঠানিক অনুমোদন লাভ কৰাৰ পিছতেই বজাৰত সহজলভ্য হ’ব ক’ভিড–১৯ৰ ঔষধ৷