অসম হিমন্ত বিশ্ব শৰ্মাৰ অসুস্থতা সম্পৰ্কত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল এজন By নিয়মীয়া বাৰ্তা On Jun 15, 2020 Share নিয়মীয়া বাৰ্তা ১৫ জুনঃ হিমন্ত বিশ্ব শৰ্মাৰ শাৰীৰিক অসুস্থতা সম্পৰ্কত ছ’চিয়েল মিডিয়াত কু-মন্তব্য কৰা বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বনিয়া গ্ৰেপ্তাৰ ৷ বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বণিয়াক বিহালীৰ ৰাংচালীৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিহালী আৰক্ষীয়ে। উল্লেখ্য যে ক’ভিড–১৯ৰ বিৰুদ্ধে চলি থকা সংগ্রামত দিন–ৰাতি একাকাৰ কৰা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেওবাৰে সামান্যভাৱে অসুস্থ হৈ পৰে৷ ব্যস্ত কার্যসূচীৰ মাজতে দেওবাৰে পেটৰ বিষ অনুভৱ কৰাত ততালিকে মন্ত্রীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)লৈ গৈ আল্ট্রাছ’ন’গ্রাফী কৰে৷ আল্টাছ’ন’গ্রাফীৰ ৰিপ’টত মন্ত্রীগৰাকীৰ কিডনীত ৩.৭৬ মিলিমিটাৰ জোখৰ এটা ষ্ট’ন ধৰা পৰে৷ আনহাতে মন্ত্রীগৰাকীৰ অসুস্থতাত উদ্বিগ্ন হৈ পৰা বহু গুণমুগ্ধই গুৱাহাটীৰ বিভিন্ন মন্দিৰত চাকি জ্বলাই প্রার্থনা কৰে৷ আনকি ৰাজ্যৰ বিভিন্ন প্রান্ততো স্বাস্থ্যমন্ত্রীৰ আশু আৰোগ্যৰে মন্দিৰ–মছজিদ–গিৰ্জাত প্রার্থনা জনায় বহুজনে৷ Featured Share