নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ’পি ভংগৰ পৰিণতিতে ৯ জুনত বাঘজানত সংঘটিত হৈছিল বিস্ফোৰণ

অইল গেছ খাদত ভয়ংকৰ অগ্ণিকাণ্ডৰ আঁৰৰ ৰহস্য

নিয়মীয়া বাৰ্তা ১৬ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ একাংশ কর্তৃত্বশীল বিষয়াৰ অদক্ষতাৰ আজি ফল ভোগ কৰিবলগীয়া হৈছে বাঘজানবাসীয়ে৷ বিজিআৰ ৫নং গেছ খাদটোত সংঘটিত বিস্ফোৰণৰ পিছত সূত্রপাত ঘটা অগ্ণিকাণ্ডত জ্বলি ছাৰখাৰ হৈ গ’ল বহু পৰিয়ালৰ ঘৰ–দুৱাৰ, খেতিপথাৰ, চাহ খেতি৷ মাগুৰী–মটাপুং বিলকে ধৰি কাষৰীয়া অঞ্চলৰ জৈৱ–বৈচিত্র্যলৈ অহৰহভাৱে নির্গত গেছ–তেলে ভাবুকি নমাই আনিছে৷ আজিৰ তাৰিখতো প্রশমিত হোৱা নাই বাঘজানৰ জুই৷ ইয়াৰ মাজতে সমগ্র ঘটনাক্রমৰ আঁৰত নিহিত থকা ৰহস্য সন্দর্ভত ‘নিয়মীয়া বার্তা’ৰ হাতত পৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ অইল ইণ্ডিয়া লিমিটেডৰ ‘ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ’ (এছ’পি) ভংগৰ পৰিণতিতে যে বাঘজানৰ গেছ খাদটোত বিস্ফোৰণ সংঘটিত হৈছিল, তাৰ সত্যতা কার্যতঃ প্রতিপন্ন হৈছে৷ খোদ অইল ইণ্ডিয়া লিমিটেডৰ এক শীর্ষসূত্রই প্রকাশ কৰা অনুসৰি,বিজিআৰ–৫নং গেছ খাদটোত আৰম্ভণিতে তৰল ৰাসায়নিক প্রক্রিয়াৰে ‘কিল’ কৰাৰ পিছত উচ্চ চাপযুক্ত গেছৰ বাবে দ্বিতীয় অৱৰোধ (ছেকেণ্ড বেৰিয়াৰ) হিচাপে খাদটোৰ প্রায় এহেজাৰ মিটাৰ তলত যোৱা ২৬ মে’ত চিমেণ্ট প্লাগ কৰা হৈছিল৷ কিন্তু ইয়াৰ পিছতে খাদটোত উচ্চচাপযুক্ত গেছৰ প্রৱাহে ‘কিক’ আৰু ‘শ্লাগ’ মাৰিছিল৷ ফলত গেছ খাদটোৰ মুখত লাগি থকা ‘অইল হেড স্পুল’ত লিকেজ প্রত্যক্ষ কৰিছিল খাদটোৰ কাম–কাজ ঠিকাভিত্তিকভাৱে পৰিচালনা কৰা জন এনাজ্ নামৰ গুজৰাটৰ ব্যক্তিগত প্রতিষ্ঠানটোৰ কর্মচাৰীয়ে৷ এই বিসংগতিৰ বিষয়ে খাদ তদাৰকীয়ে অৱগত কৰিছিল অইল ইণ্ডিয়াৰ বিভাগীয় বিষয়াক৷ কিন্তু সেই সময়তে যাৱতীয় প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ নকৰি এই ঘটনাৰ পিছদিনালৈ অর্থাৎ ২৪ ঘণ্টাৰ মূৰত দুলীয়াজানত অনুষ্ঠিত প্রডাকচন এণ্ড ছার্ভিচ (পিএছ) বিভাগৰ বৈঠকৰ পৰা যোৱা নির্দেশ অনুসৰি বিসংগতিৰ উপসর্গই দেখা দিয়াৰ পিছতো ‘অইল হেড স্পুল’ৰ পৰা বি অ’ পি অর্থাৎব্ল আউট প্রিভেণ্টৰ খুলি গেছ খাদটোৰ ভিতৰত টিউবিং পাইপ ভৰাবলৈ অর্থাৎ ৱর্কভাৰ চলাবলৈ আৰম্ভ কৰোঁতেই চিমেণ্ট প্লাগ ভাঙি–ছিঙি প্রায় ৪৫০০ পি এছ আই চাপত ব্ল আউট সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে, অইল ইণ্ডিয়া লিমিটেডৰ এছ অ’ পি অনুসৰি খাদৰ চিমেণ্ট প্লাগ টান হ’বলৈ ৪৮ ঘণ্টাৰ প্রয়োজন বুলি ইতিমধ্যে বিভাগীয় কেমিষ্টগৰাকীয়ে লগবুকত লিখি থৈ গৈছিল৷

এছ অ’ পিৰ নিয়ম উলংঘা কৰাৰ বাবেই যোৱা ২৭ মে’ত ব্ল আউট আৰু এই ঘটনা পৰিৱর্তিত হৈ যোৱা ৯ জুনত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ এতিয়া সর্বত্র৷ মুখ্য মহাপ্রবন্ধকৰ হৈ উপ–মহাপ্রবন্ধকে ইছ্যু কৰা এছ অ’ পি সন্নিৱিষ্ট নীতি–নিয়ম পৰিৱর্তন কৰাৰ ক্ষমতা থাকে বিভাগীয় মুৰব্বী তথা ইডি পিএছৰ৷এইক্ষেত্রত ইডি পিএছৰ ভূমিকাৰ সর্ন্দভত ব্ল আউট ঘটনাৰ আগমুহূর্তত অর্থাৎ যোৱা ২৭ মে’ত অনুষ্ঠিত অপাৰেচনেল সম্পক্য় বৈঠকখন তদন্তৰ আওতালৈ আনিলেই সকলো স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে৷ অভিযোগ অনুসৰি বিভাগীয় কাৰিকৰী দক্ষতা নথকা ব্যক্তিবিশেষৰ এনে এটা মাৰাত্মক ভুল সিদ্ধান্তৰ বাবে দুজনকৈ অইল কর্মচাৰীৰ অকাল মৃত্যুৰ লগতে প্রচুৰ ক্ষয়–ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে বাঘজানবাসীৰ উপৰি অইল ইণ্ডিয়া লিমিটেড৷ স্মর্তব্য যে ‘নিয়মীয়া বার্তা’ৰ যোৱা ১১ জুনৰ সংখ্যাত ‘এছ’পি উলংঘা কৰি অইল হেডৰ বি’পি খোলাৰ পাছতে গেছৰ নির্গমন’ শীর্ষক এক বাতৰি প্রকাশ পাইছিল৷ এতিয়া অইল ইণ্ডিয়া লিমিটেডৰ এছ অ’ পিৰ প্রতিলিপি এই প্রতিবেদকৰ হাতত পৰাৰ লগে লগে উক্ত বাতৰিটোৰ কার্যতঃ সত্যতা প্রতীয়মান হৈছে৷ আনহাতে অইল ইণ্ডিয়া লিমিটেডৰ ভাবমূর্তি সমাজত বিনষ্ট হোৱাৰ উপৰি পূর্বৰ ডিকমৰ তেলখাদ আৰু দেওশালৰ গেছ খাদৰ দৰে ঘটনাৰ পৰিপ্রেক্ষিতত প্রচুৰ উৎপাদনশীল বাঘজান তৈলক্ষেত্রৰ বিজিআৰ–৫নং গেছ খাদটো ‘কিল’ কৰি অর্থাৎ এখন পৰিত্যক্ত খাদলৈ পর্যবসিত কৰাৰ সম্প্রতি চেষ্টা চলাই আছে ছিংগাপুৰৰ এলার্ট ডাই চেণ্টাৰ কণ্ড্র’লৰ বিশেষজ্ঞসকলে৷ অদক্ষ ব্যক্তিৰ ভুলৰ বাবেই এতিয়া মৃত্যুমুখলৈ গতি কৰিছে অইলৰ বাঘজান গেছ খাদ–৫৷ ইতিমধ্যেবাঘজান কাণ্ডৰ প্রকৃত সত্য উদ্ঘাটন কৰিবলৈ অসম চৰকাৰৰ লগতে কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ৰ তিনিজনীয়া বিশেষজ্ঞ কমিটী আৰু আন দুই সংস্থাই পৃথকে পৃথকে তদন্ত প্রক্রিয়া চলাই আছে৷ এই সন্দর্ভত প্রাথমিক অৱস্থাৰ পৰাই নিজাববীয়াকৈ অনুসন্ধান চলাই অহা পেড্র’লিয়াম এণ্ড গেছ মন্ত্রালয়ৰ অধীনস্থ ‘অইল ইণ্ডাষ্ট্রী ছেফটী ডাইৰেক্টৰেট’ চমুকৈ অ’ আই এছ ডিৰ ৩৮জনীয়া বিশেষজ্ঞৰ তালিকাৰ ২৩ নম্বৰত আছে ইডি পিএছ অতীন্দ্র ৰয়চৌধুৰী৷ শীর্ষ সূত্রটোৱে জানিবলৈ দিয়া মতে ৩৮জনীয়া বিশেষজ্ঞৰ তালিকাত থকা সদস্যসকলক ‘প্রিন্সিপল পেনেলিষ্ট’ বুলি কোৱা হয়৷ অর্থাৎ বাঘজান ঘটনাত জড়িতৰ অভিযোগ উঠা ৰয়চৌধুৰী ‘প্রিন্সিপল পেনেলিষ্ট’ৰ অন্যতম সদস্য৷ সেই একেকেইগৰাকী বিশেষজ্ঞ তদন্তকাৰী সংস্থা অ’ আই এছ ডিৰ সঞ্চালনা কমিটীৰো সদস্য বুলি সূত্রটোত প্রকাশ৷

জানিব পৰা মতে, ভাৰতীয় তেল–গেছ উদ্যোগ প্রতিষ্ঠানৰ সৈতে জডিত বিভাগীয় কাৰিকৰী জ্যেষ্ঠ মুৰব্বীসকলক নিজা নিজা প্রতিষ্ঠানৰ শীর্ষ মুৰব্বীয়ে মনোনীত কৰে অ’ আই এছ ডিৰ পেনেলিষ্ট হিচাপে৷ অর্থাৎ পূর্বৰ প্রতিবেদনত উল্লেখ কৰি অহাৰ দৰে অইল ইণ্ডিয়া লিমিটেডৰ শীর্ষ মুৰব্বীৰ আশীর্বাদ আৰু বিশ্বাসভাজনত অইল এণ্ড গেছ প্রডাকচনৰ মুৰব্বী অতীন্দ্র ৰয়চৌধুৰী ইডি পিএছৰ দায়িত্বভাৰ লৈয়ে অ’ আই এছ ডিৰ পেনেলিষ্ট আসনতো নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হ’ল৷ উল্লেখ্য যে ১৯৮৬ চনত প্রতিষ্ঠা হোৱা কাৰিকৰী পৰামর্শদাতা কমিটী (টেকনিকেল এডভাইজৰী ব’ডী) অ’ আই এছ ডিয়ে তৈল উদ্যোগ প্রতিষ্ঠানসমূহৰ সুৰক্ষা মান নিৰূপক আৰু প্রয়োগকর্তাৰ (ফ’ৰমুলেট এণ্ড ইমপ্লিমেণ্টছ ছেফটী ষ্টেণ্ডার্ডছ ফ’ৰ দ্য অইল ইণ্ডাষ্ট্রী) ভূমিকা গ্রহণ কৰাৰ লগতে ইয়াৰ সৈতে জডিত বিশেষজ্ঞ কমিটীৰ সদস্যসকলে কোম্পানীৰ হৈ সমন্বয়কৰ দায়িত্ব পালন কৰে৷ পেড্র’লিয়াম মন্ত্রালয়ৰ এনে এটা সুৰক্ষা নিৰূপক সংস্থাৰ সৈতে জডিত থকা ৰয়চৌধুৰীৰ বিৰুদ্ধে বিভাগীয় কাৰিকৰী দক্ষতাক লৈ উত্থাপিত অভিযোগৰ ওপৰত কেন্দ্র কৰি একেটা সংস্থাৰ তদন্তকাৰী দলে সামগ্রিক ঘটনাৱলীৰ অনুসন্ধান চলাই কিমানদূৰ গ্রহণযোগ্য সিদ্ধান্ত ল’ব, সেই লৈও এতিয়া সন্দেহৰ অৱতাৰণা হৈছে৷ সম্প্রতি বিভিন্ন মহলত সৃষ্টি হোৱা এনে সন্দেহ দূৰ কৰিবলৈ অথবা স্বচ্ছ তথা নিকাভাৱে তদন্ত প্রক্রিয়া চলাবলৈ হ’লে প্রথমে অ’ আই এছ ডিৰ পেনেলিষ্টৰ পৰা সংস্থাটোৱে অব্যাহতি দিব লাগিব ইডি পিএছ ৰয়চৌধুৰীক৷ প্রশ্ণ উত্থাপন হয়, বিভাগীয় কাৰিকৰী দক্ষতা নোহোৱাকৈ কেৱল শীর্ষ বিষয়াৰ বিশ্বাসভাজনত মুৰব্বীৰ দায়িত্ব পালন কৰি অইলৰ গুৰুত্বপূর্ণ প্রডাকচন বিভাগটোক পৰিচালনা কৰি অহা এইগৰাকী জ্যেষ্ঠ বিষয়াই কিদৰে কোম্পানীৰ সুৰক্ষা দিশটোক নিৰাপত্তা দিব? ইয়াৰ উপৰি অইল ইণ্ডিয়াই বাঘজানৰ ঘটনাক লৈ ইতিমধ্যে নিজাববীয়াকৈ এখন পাঁচজনীয়া তদন্ত কমিটী গঠন কৰি তদন্ত চলাই থকাৰ উপৰি অ’ আই এছ ডিৰ সৈতে ভাৰত চৰকাৰৰ আন এটা তদন্তকাৰী সংস্থা শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনস্থ ‘ডাইৰেক্টৰেট জেনেৰেল অৱ মাইনছ ছেফটী’ চমুকৈ ডি জি এম এছেও বাঘজানৰ ঘটনাৱলীৰ ওপৰত তদন্ত প্রক্রিয়া চলাই আছে৷ জানিব পৰা মতে, ডি জি এম এছে ব্যৱসায়িক সুৰক্ষা দিশটোৰ লগতে ইন্ধনযুক্ত কর্মৰ লগত জডিত শ্রমিকৰ জনস্বাস্থ্য, কল্যাণ ইত্যাদি দিশবোৰৰ ওপৰত পর্যবেক্ষণ কৰিব৷

You might also like