নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুণীখাটাৰ খুংগ্রীং বনাঞ্চলত বিশাল অস্ত্র ভাণ্ডাৰ উদ্ধাৰক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা ১৬ জুনঃ বিটিচি নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে সোমবাৰে চিৰাং জিলাত উদ্ধাৰ  হয় বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র৷ বিগত ১২ দিন ধৰি অসম আৰক্ষী, ভাৰতীয় সেনাৰ ১৫নং গাৰোৱাল ৰাইফল, এছ এছ বিৰ ৬নং বেটেলিয়ন আৰু চি আৰ পি এফৰ ২১০ কোব্রা কমাণ্ডো বাহিনীয়ে ৰুণীখাতা থানাৰ অন্তর্গত খুংগ্রীং বনাঞ্চলত অভিযান চলাই বৃহৎ অস্ত্র ভাণ্ডাৰটো উদ্ধাৰ কৰে৷ মেটেল ডিটেক্টৰৰ সহায়ত মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা অস্ত্র–শস্ত্রখিনিৰ ভিতৰত আছে ৰকেট–প্রপেলড গ্রেনেড (আৰপিজি) ১৪টা, গ্রেনেড ১৯২টা, পিষ্টল ৭টা, ৰাইফল ৩টা, বেৰেল এটা, পিষ্টলৰ মেগজিন ২৮টা, এ কে ছিৰিজৰ ৰাইফলৰ মেগজিন এটা, এছ এল আৰৰ মেগজিন ২টা, ৭.৬২ মিঃ মিঃ এছ এল আৰৰ গুলী ২০০ জাঁই, ৭.৬২ মিঃ মিঃ এ কে ছিৰিজৰ ৰাইফলৰ গুলী ১১৭ জাঁই, পইণ্ট ২২ মিঃ মিঃ গুলী ১৫ জাঁই, ৫.৫৬ মিঃ মিঃ ইনছাছ ৰাইফলৰ গুলী ৮৫ জাঁই, গুলীৰ খোলা ৯টা আৰু বুলেট হেড ৪টা৷ ঘন অৰণ্যৰ মাজত এনেদৰে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰ হোৱাক কেন্দ্র কৰি বিটিএডিৰ সর্বত্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে বিটিআৰ চুক্তি সম্পাদনৰ পিছত এন ডি এফ বিৰ তিনিওটা গোটে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণেৰে মূলসুঁতিলৈ উভতি আহিছে৷ ইয়াৰ লগে লগে বড়োভূমিত কোনো সশস্ত্র সংগঠন নথকাৰ কথা ঘোষণা কৰা হৈছিল৷ কিন্তু ইয়াৰ পিছতো বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰৰ বিষয়টোৱে সকলোকে আশ্চর্যান্বিত কৰি তুলিছে৷

প্রশ্ন হৈছে, অবৈধভাৱে মজুত কৰি ৰখা অস্ত্র–শস্ত্রৰে সমাগত বিটিচি নির্বাচন ৰক্তাক্ত হ’ব নেকি? এই সন্দর্ভত কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ অস্ত্র–শস্ত্র উদ্ধাৰ হোৱা বিষয়টোত প্রতিক্রিয়া প্রকাশ কৰি সাংসদ শৰণীয়াই কয় যে এইবাৰৰ বিটিচি নির্বাচনত অবৈধ অস্ত্র ব্যৱহাৰ হ’ব পাৰে৷ আমি প্রথমৰে পৰা কৈ আহিছোঁ বিটিএডিত বহু অবৈধ অস্ত্র–শস্ত্র মজুত আছে৷ বিপিএফ–ইউপিপিএলৰ প্রার্থীক জয়ী কৰোৱাৰ বাবে আমাৰ মানুহখিনিক ধমকি দি বিভাজিত কৰিব পাৰে৷ কাৰণ আমাক বাদ দি এইবাৰ বিটিচিৰ চৰকাৰ অসম্ভৱ৷ সেয়ে ৰাজ্যপালক অনুৰোধ জনাম, যাতে অবৈধ অস্ত্র–শস্ত্র উদ্ধাৰ অভিযান অধিক ক্ষিপ্রতৰ কৰি তোলে৷ অবৈধভাৱে অস্ত্র–শস্ত্র মজুত কৰি ৰখাৰ কাৰণ কি বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ পুনৰ কয় যে ইতিমধ্যে অস্ত্র সম্বৰণ কৰাৰ কথা কোৱা হৈছে৷ যদি চৰকাৰে জমা লৈছে, আমাৰ ক’বলগীয়া নাই৷ কিন্তু চৰকাৰে কথাটো জনাওক৷ সেইদৰে কাৰোবাৰ হাতত যদি এতিয়াও অবৈধ অস্ত্র–শস্ত্র জমা আছে, তেন্তে সেয়া চৰকাৰক জমা দিবলৈ তেওঁ আহ্বান জনায়৷ অবৈধভাৱে মজুত ৰখা অস্ত্র–শস্ত্র কোনো তৃতীয় পক্ষৰ হাতত পৰাৰো আশংকা ব্যক্ত কৰে সাংসদ শৰণীয়াই৷ তেওঁ কয় যে সম্পূর্ণৰূপে অবৈধ অস্ত্র–শস্ত্র উদ্ধাৰ নোহোৱাপর্যন্ত বিটিএডিত বিপদ থাকি যাব৷

You might also like