নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭খন ৰে’লেৰে কেৰালা–কর্ণাটকৰ পৰা আহিল ১১ হাজাৰ বহিঃৰাজ্য ফেৰৎ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল উভতি অহাৰ লগে ৰাজ্যজুৰি মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বাছ, ৰে’ল আৰু বিমানৰ চলাচল আৰম্ভ হোৱাৰ লগে বহিঃৰাজ্যত দীর্ঘদিনে বন্দী হৈ থকা লোকসকলৰ সোঁত বৈছে ৰাজ্যলৈ৷ এই প্রত্যাহ্বানৰ এতিয়াও অন্ত পৰা নাই৷ বিশেষকৈ ৰে’লযোগে বৃহৎসংখ্যক লোকৰ আগমন ঘটিছে ৰাজ্যলৈ৷ সোমবাৰে ৭খন বিশেষ ৰে’লযোগে কেৰালা আৰু কর্ণাটকৰ পৰা অসমলৈ উভতি আহিছে প্রায় ১১ হাজাৰ লোক৷ ইয়াৰে ৫খন ৰে’ল আহিছে কেৰালাৰ পৰা৷ আন দুখন ৰে’লত কর্ণাটকৰ পৰা আহিছে আবদ্ধ হৈ থকা লোকসকল৷ প্রতিখন ৰে’লতে ১৩০০ৰ পৰা ১৪০০ লোকৰ আগমন ঘটিছে৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, কেৰালাৰ পৰা আজি আহিছে প্রায় ৮ হাজাৰ লোক৷ আনহাতে, কর্ণাটকৰ পৰ আহিছে প্রায় ৩ হাজাৰ লোক৷ ইয়াৰ উপৰি আজি দিল্লী আৰু মুম্বাইৰ পৰাও ৩খন ৰে’লযোগে আহিছে বহুসংখ্যক লোক৷ অৱশ্যে দিল্লী আৰু মুম্বাইৰ পৰা এই ৰে’ল তিনিখন নিয়মীয়াভাৱে চলাচল কৰি আছে৷ এই তিনিখন ৰে’লতো প্রায় ২১০০ লোক আজি আহি উপস্থিত হৈছে ৰাজ্যত৷ এই লোকসকলক সংশ্লিষ্ট প্রশাসনৰ তৰফৰ পৰা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে কেৰালা আৰু কর্ণাটকৰ পৰা আন কেইবাখনো বিশেষ শ্রমিক ৰে’লযোগে অসমলৈ প্রায় ২৫ হাজাৰ লোকৰ আগমন ঘটিব৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷ কিয়নো ইয়াৰ পূর্বেও অসমলৈ ৰে’ল, বাছ আৰু বিমানযোগে অহা লোকসকলৰ মাজৰ পৰা বহু লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সেয়েহে কেৰালা আৰু কর্ণাটকৰ পৰা আহিবলগীয়া এই বৃহৎসংখ্যক লোকৰ পৰাও আন ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

You might also like