নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গালৱান উপত্যকাৰ পাছত এইবাৰ ডোকলামত চকু ৰঙা চীনৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ভাৰতৰ সকীয়নি–ৰণডংকায়ো তলাব পৰা নাই চীনৰ আগ্রাসী মনোভাবক৷ গালৱান উপত্যকাত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ কেইবাকিলোমিটাৰ ভিতৰলৈ সোমাই আহি ৰক্তক্ষয়ী সংঘর্ষত লিপ্ত হোৱাৰ পাছত এইবাৰ ড্রেগন বাহিনীয়ে পুনৰ লক্ষ্য কৰি লৈছে ছিকিম সীমান্তক৷ চীনৰ সৈন্যবাহিনী পিপল্ছ লিবাৰেচন আর্মীৰ (পি এল এ) ছিকিম সীমান্তত আহ–যাহ তথা আগ্রাসী তৎপৰতা সন্দর্ভত অতি শেহতীয়াকৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰিছে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি দুদিন পূর্বে ছিকিম সীমান্তৰ ডোকলামত বিচৰণ কৰিছিল চীনা সেনাৰ এটা দলে৷ দলটোত পি এল এৰ ৫–৬জন জোৱান থকাটো নিশ্চিত হৈছে৷ পি এল এৰ জোৱানকেইজনে ভূটান সেনাৰ আউট প’ষ্টত যথেষ্ট সময় বাহৰ পাতি ডোকলাম পর্যন্ত আগুৱাই আহে৷ তাৰ পাছত ডোকলামৰ ‘ষ্ট্রেটেজিক পইণ্ট’ৰ ফটো সংগ্রহ কৰাৰ উপৰি কমেও সেই স্থানত ৩০ মিনিট সময় কটাইছিল চীনা সৈন্যকেইজনে৷ যোৱা সোমবাৰৰ নিশাৰ ঘটনাৰ পাছত ব্যাপক উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে কি উদ্দেশ্য বা কাৰণত পি এল এৰ জোৱানৰ দলটো ডোকলামলৈ আহি ‘ষ্ট্রেটেজিক পইণ্ট’ৰ ফটো তুলিলে, সেয়া এই মুহূর্তত সামৰিক দিশৰ পৰা ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

   উল্লেখ্য যে ২০১৭ চনৰ জুন মাহতে ডোকলামক কেন্দ্র কৰি ভাৰত–চীনৰ মাজত সংঘাতৰ সূত্রপাত ঘটিছিল৷ দীর্ঘ ৭২ দিন ধৰি মুখামুখি অৱস্থান কৰিছিল দুয়োখন দেশৰ সেনাবাহিনীয়ে৷ অৱশ্যে পৰৱর্তী সময়ত কূটনৈতিক পর্যায়ত এই সংঘাতৰ অৱসান ঘটে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই প্রকাশ কৰা অনুসৰি ডোকলাম সংঘাতৰ পাছতেই প্রতি মাহত এবাৰ বা দুবাৰ ড্রেগন বাহিনীয়ে ভূটান–চীন–ভাৰত সীমান্ত সংযোগস্থলৰ মালভূমিখনত টহল দিবলৈ আহে৷ এদিন বা দুদিন ভূটান সেনাৰ আউট প’ষ্টত থাকি উভতি যায় পি এল এৰ দল৷ এইক্ষেত্রত ভাৰতৰ তৰফৰ পৰা চীনা সৈন্যক কোনোধৰণৰ বাধা আৰোপ কৰা নহয়৷ পিছে সংঘাতৰ মাজতে এনেদৰে পি এল এৰ জোৱানৰ দল ডোকলামলৈ অহা আৰু ফটো সংগ্রহ কৰা বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷

   ভাৰতীয় সেনাবাহিনীৰ বিষয়াৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত কোৱা হৈছে যে হয়তো ডোকলামক কেন্দ্র কৰি চীনে কোনো নির্মাণকার্য চলোৱাৰ পৰিকল্পনা কৰিছে৷ সেয়েহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতীয় সেনাবাহিনীয়ে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল প্রতিৱেশী ৰাষ্ট্র নেপালৰ সৈতে চীনৰ মিত্রতা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ইয়াৰ সমান্তৰালভাৱে চীনে আন এখন প্রতিৱেশী ৰাষ্ট্র ভূটানকো বান্ধিব বিচাৰিছে মিত্রতাৰ পাশত৷ ছিকিম সীমান্তত থকা ভূটানৰ আউট প’ষ্টসমূহত পূর্বে গোটেই বছৰজুৰি সেনাবাহিনী মোতায়েন নাছিল৷ কিন্তু ২০১৭ চনৰ ডোকলাম বিবাদৰ পাছৰে পৰা ভূটানৰ সেনাবাহিনীয়ে তাত চোকা পহৰাৰ ব্যৱস্থা কৰিছে৷ ভূটান এতিয়া চীনৰ ‘বাফাৰ’ হিচাপে কাম কৰিছে নেকি, তাক লৈ ব্যাপক চর্চা হৈছে ভাৰতীয় সেনাবাহিনীৰ ভিতৰচ’ৰাত৷

You might also like