নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় যোগ দিৱস

‘Yoga is a symbol of universal aspiration for health and well-being. It is health assurance in zero budget. Let’s make Yoga more popular Globally’.

P. M. Narendra Modi

আন্তঃৰাষ্ট্রীয় যোগ দিৱস ডেৰাডুনৰ পৰা ডাৱলিন, ছাংহাইৰ পৰা চিকাগো, জাকার্টাৰ পৰা জোহান্স্বার্গ পর্যন্ত সমগ্র বিশ্বৰ সকলো দেশকে সামৰি জাতি, ধর্ম, ভাষাৰ ঊর্ধ্বত সার্বভৌমিক সমন্বয়ৰ এক আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক উৎসৱ বুলি ক’লেও যাক ভুল কোৱা নহ’ব৷ পাশ্চাত্য সংস্কৃতিৰ ভাল–বেয়া বহু দিশ ভাৰতীয়সকলে সদায়ে অনুকৰণ কৰি আহিছে৷ ৫০০০ বছৰৰ পুৰণি ভাৰতীয় এই পৰম্পৰাগত যোগৰ বিশ্বমুখী যাত্রাই ভাৰতীয় সভ্যতা–সংস্কৃতিক এক সুকীয়া স্থান প্রদান কৰিলে৷ যোগ আমাৰ গৌৰৱ, বিশ্ব একতাৰ এনাজৰী, সুস্থতাৰ বাস্তৱ প্রতিচ্ছবি৷ সেয়ে বিশ্বৰ প্রতিখন দেশেই একত্রিত হৈ ২১ জুনৰ দিনটো আন্তর্জাতিক যোগ দিৱস হিচাপে পৰম উৎসাহ, একাগ্রতা আৰু শ্রদ্ধাৰে উদ্যাপন কৰে৷ যোগৰ অর্থই হৈছে সংযোগ৷ হিমালয়ৰ বৰফাবৃত স্থান, পেৰিছৰ আইফেল টাৱাৰৰ কাষত, চাইনাৰ গ্রেট ৱালৰ সমীপত, নাছাৰ NASA) কার্যালয়, সেনাৰ ছাউনী, বিদ্যালয়–মহাবিদ্যাল্, বিভিন্ন কার্যালয় সকলোতেই যোগ৷ প্বত–পাহাৰ, নদ–নদী, আকাশত আজি যোগৰ মহামিলন ঘটিছে৷ আদিগুৰু মহাদেৱক প্রমুখ্য কৰি গুৰু পতঞ্জলি, স্বাত্মাৰাম, তিৰুমাল্লাই কৃষ্ণমাচার্য, বি কে এছ, আয়েংগাৰ, স্বামী বিবেকানন্দ, বাবা ৰামদেৱকে আদি কৰি আমাৰ পূবজ ঋষি–মুনি আৰু বিভিন্ন সময়ৰ যোগ গুৰুসকলৰ দ্বাৰা এই পুণ্যভূমি ভাৰতৰ পৰাই বিশ্বৰ বিভিন্ন প্রান্তলৈ যোগৰ বার্তা প্রচাৰ হৈ আহিছে৷ তেওঁলোকে অতীত আৰু বতর্মানেও কৰি অহা প্রচেষ্টা আৰু ত্যাগৰ মূল্যতে আজি যোগ সমগ্র পৃথিৱীৰে আদৰৰ সাধন হৈ পৰিছে৷ যোগৰ এই প্রসাৰ–প্রচাৰে আৰু অধিক মান্যতা পালে যেতিয়া ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই ২০১৪ চনৰ ১১ ডিচেম্বৰত সংযুক্ত ৰাষ্ট্রৰ মহাসভাত প্রতি বর্ষৰ ২১ জুন দিনটো আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে পালন কৰাৰ প্রস্তাৱ উত্থাপন কৰিলে৷
‘যোগ ভাৰতৰ প্রাচীন পৰম্পৰাগত এক অমূল্য উপহাৰ, যোগে মগজু আৰু শৰীৰৰ একত্র স্থাপন কৰে, মনুষ্য আৰু প্রকৃতিৰ মাজত সামঞ্জস্য স্থাপন কৰে, বিচাৰ সংযম আৰু পূর্ণতা প্রদান কৰে, লগতে স্বাস্থ্য আৰু কল্যাণৰ বাবে এক সামগ্রিক দৃষ্টিকোণ প্রদান কৰে৷ যোগ কেৱল ব্যায়ামৰ কাৰণেই নহয়, আভ্যন্তৰত একতাৰ ভাবনা, জগত আৰু প্রকৃতিৰ বিষয়েও৷ আমাৰ পৰিৱর্তনশীল জীৱন শৈলীত ই এক চেতনা হৈ, আমাক জল্বায়ু পৰিৱর্তনৰ লগত যুঁজ্বিলৈ সহায় কৰ্বি পাৰে৷ সেয়ে আহক এক আন্তঃৰাষ্ট্রীয় যোগ দিৱস পৰিপালন কৰা দিশটোৰ প্রতি কাম কৰোঁ৷’
নৰেন্দ্র মোদী ডাঙৰীয়াই সংযুক্ত ৰাষ্ট্রৰ মহাসভাত দাঙি ধৰা এই কম শব্দৰ অমূল্য ভাষণটোতে যোগৰ সকলো কথা নিহিত হৈ আছিল৷ বিশ্বৰ প্রায় ১৭৭ দেশে তেওঁৰ এই প্রস্তাৱত সন্মতি জনালে আৰু ২০১৫ চনৰ পৰা আজিলৈকে প্রতি বছৰে ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে উদ্যাপিত হৈ আহিছে৷
২১ জুন৷ এই পৱিত্র দিনটোৰ সুকীয়া ৈবশিষ্ট্য এয়ে যে এই দিনটো বছৰটোৰ আটাইতকৈ দীঘল দিন হোৱা বাবে সূর্য উদয়ো সোনকালে হয় আৰু দেৰিকৈ অস্ত যায়৷ সমগ্র দিনটোৰ এক আধ্যাত্মিকতাও ভাৰতীয় পৰম্পৰাৰ লগত জডিত৷ যোগে মানুহক দীর্ঘায়ু প্রদান কৰাৰ লগতে বছৰটোৰ এই দীর্ঘ দিনটোৰ প্রতিটো ক্ষণেই যেন মানৱ সমাজৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সাংস্কৃতিক, একতা, সম্প্রীতিৰ কল্যাণ সাধনত ব্যতীত হয় সেই উদ্দেশ্যেৰে এই দিনটো লোৱা হয়৷
আন্তঃৰাষ্ট্রীয় যোগ দিৱস উদ্যাপিত কৰাৰ কেইবাটাও মুখ্য উদ্দেশ্য আছে–
– ভাৰতৰ প্রাচীন যোগাভ্যাস শৈলীক সমগ্র বিশ্বৰ আগত দাঙি ধৰা৷
– জাতি, ধর্ম, ভাষাৰ ভেদভাব দূৰ কৰি একেখন মঞ্চত সকলো দেশক সামৰি বিশ্ব শান্তি ৰক্ষা কৰা৷
– উঠি অহা যুৱ প্রজন্মৰ আগত ধ্যান, আসন আদিৰ মহত্ত্বৰ বিষয়ে জাগৰণ অনা৷
– প্রাকৃতিকভাৱে যোগৰ পৰা পাব পৰা লাভসমূহৰ বিষয়ে বিশ্ব্বাসীক অৱগত কৰোৱা৷
– বিশ্বই স্বাস্থ্য সম্পর্কে সন্মুখীন হৈ অহা সমস্যা তথা ৰোগসমূহৰ দীর্ঘকালীন প্রতিৰোধত সহায় কৰা৷
– স্ততাৰ মাজৰ এটা দিন নিজৰ স্বাস্থ্য আৰু সমাজৰ বাবে ব্যতীত কৰা৷
– যোগৰ দ্বাৰা শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সামাজিক, সাংস্কৃতিক বিকাশ কৰা৷
প্রতিটো বর্ষতে বেলেগ বেলেগ বিষয় বা প্রসংগ সন্নিৱিষ্ট কৰি যোগ দিৱস পালন কৰি অহা হৈছে৷
২০১৫ চনত সদ্ভাৱ আৰু শান্তিৰ বাবে Yoga for harmony and peace’
২০১৬ত যুৱ প্রজন্মক জডিত কৰা বিষয়টোৰ ওপৰত Connect the Youth’
২০১৭ত চনত সু–স্বাস্থ্যৰ বাবে যোগ Yoga for health’
২০১৮ত শান্তিৰ বাবে যোগ Yoga for peace’
২০১৯ত জল্বায়ুৰ বাবে যোগ Yoga for climate action’
২০২০ত ঘৰতে যোগ সাধন আৰু পৰিয়ালৰ লগত যোগ Yoga at home and Yoga with family’
বিগত বছৰকেইটাত কি দৰে যোগ দিৱস পালন কৰা হৈছে তাৰ এক আলোকপাত৷
২০১৫ চনৰ ২১ জুনত প্রথম আন্তঃৰাষ্ট্রীয় যোগ দিৱস ১৯২খন দেশত আয়োজিত হয় আৰু ইয়াৰে দিল্লীত ৮৪খন বিদেশী ৰাষ্ট্র, ৩৫৯৯৫জন লোক একত্রিত হৈ যোগ প্রদর্শন কৰি ভাৰতে দুটা গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডো কৰে৷ প্রথমটো হৈছে একেলগে একে ঠাইতে সকলোতকৈ বেছি লোক একত্র হৈ যোগ কৰা আৰু দ্বিতীয়টো বিশ্বৰ বেছিসংখ্যক দেশ একত্রিত হৈ যোগ কৰা৷
ইয়াৰ উপৰি যোগ দিৱসৰ দিনা যোগ শিবিৰ, যোগ প্রশিক্ষণ, কর্মশালাসমূহ আয়োজিত কৰা হয়৷ দেশী–বিদেশী লোক একত্রিত হৈ বহুতো ৰাজহুৱা স্থানত আসন, প্রাণায়াম আদি প্রদর্শন কৰি যোগৰ দ্বাৰা স্বাস্থ্যৰ যতন কিদৰে ল’ লাগে তাৰ প্রতি জাগৰণ সৃষ্টি কৰা হয়৷ বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানসমূহতো যোগ প্রদর্শন কৰাৰ লগতে বহুত প্রতিযোগিতা আয়োজিত হয়৷ লগতে দেশৰ প্রতিটো মুখ্য বিভাগত নৌসেনা, বায়ুসেনা, বিভিন্ন চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহতো এই বিশেষ দিনটোত বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি যোগ দিৱস উদ্যাপিত হয়৷ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই এই ঐতিহাসিক দিৱস উদ্যাপন কৰাৰ বাবে প্রত্বিছৰে নিজেই যোগ গুৰু তথা দেশ–বিদেশৰ বহুতো লোকৰ সমাৱেশত প্রতিটো যোগ দিৱসত মুখ্য অংশগ্রহণ কৰি সমগ্র বিশ্বৰ আগত যোগৰ মহিমা অৱগত কৰাই আহিছে৷ আমি সকলোৱে জানো যে ২০২০ বর্ষটো ক’ভিড–১৯ মহামাৰীয়ে সমগ্র বিশ্বকে ত্রাসত পেলাইছে সেয়েহে বর্তমান সময়ত ইণ্টাৰনেটৰ মাধ্যমেৰে এই যোগ আৰু বেছি প্রচলন হৈছে৷ জনসাধাৰণে যৌগিক বিধি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে কিমান প্রয়োজনীয় তাক বুজি উঠিছে৷ সেয়েহে এইবাৰ ডিজিটেল মঞ্চতে যোগৰ বিভিন্ন কার্যসূচী ৰূপায়ণৰ ব্যৱস্থা চৰকাৰে আয়ুস মন্ত্রালয়ৰ অধীনত গ্রহণ কৰিছে৷
ড০ ভূপেন হাজৰিকাই গীতেৰেই কৈছে, ‘কিছু ল’ লাগে কিছু দ্বি লাগে জীণ যাবলে’ হ’লে৷’ আদান–প্রদানে সাংস্কৃতিক ক্ষেত্রখন চহকীহে কৰে যদিও আনক অন্ধভাৱে কৰা অনুকৰণত আমাৰ ঐতিহ্য আৰু জাতিৰ স্বকীয়তা হেৰুৱাই পেলোৱাৰ সম্ভাৱনাই অধিক৷ সম্প্রতি বিশ্বায়নৰ যুগত আমাৰ ভাৰতীয় যুৱচাম নিজৰ ঐতিহ্যক আওকাণ কৰি পশ্চিমৰ সংস্কৃতিৰ প্রতি সততে আকর্ষিত হোৱা দেখা যায়৷ কিন্তু হাজাৰ বছৰীয়া ভাৰতীয় পৰম্পৰাৰ যোগক যেতিয়া বিশ্বই নিজা বুলি আদৰি লয়, সোণোৱালী চুলিৰ যুৱক–যুৱতী একত্রিত হৈ যোগাভ্যাস কৰি ফেইচ্বুক, ইউ টিউব আদিৰ যোগেদি সুন্দৰকৈ যৌগিক ক্রিয়াসমূহ প্রদর্শন কৰি যোগৰ মাহাত্ম্য বর্ণনা কৰে, তেতিয়া মোৰ দৰেই প্রতিজন ভাৰতীয়ৰে গ্বত বুকু ফুলি উঠে৷ আহক, আজি এই বিশেষ দিনটোত আমিও পণ লওঁ যোগাভ্যাসৰ, ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ৷ নিত্য যোগচর্চাৰে যেতিয়া পৃথিৱীৰ মানুহে ৰোগক জয় কৰ্বি, আমি ভাৰতীয়ই তেতিয়া গর্বেৰে ক’ম– এই ৰোগ–জৰাহীন পৃথিৱীৰ মূল হ’ল যোগ, আৰু সেই যোগ আমাৰ ভাৰতৰ দান৷

  • অনুৰাধা মহন্ত, ফোন- ৯৮৬৪০–৩৯৭৮০
You might also like