নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি আছে ক’ভিডতকৈ বৃহৎ বিপর্যয়; আমেৰিকা–চীনৰ শীতল যুদ্ধ হ’ব ভয়াৱহ

নিয়মীয়া বাৰ্তা, ২২ জুন: বিশ্বজুৰি ক’ৰোনা ভাইৰাছ মহামাৰীতকৈও বৃহৎ ভাবুকি কঢ়িয়াই আনিব আমেৰিকা আৰু চীনৰ মাজৰ শীতল যুদ্ধই৷

শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হোৱা বিশ্বত দুই বাণিজ্যিক মহাশক্তি আমেৰিকা আৰু চীনৰ মাজৰ মতানৈক্যই নতুন আশংকাৰ সৃষ্টি কৰিছে৷

খ্যাতনামা অর্থনীতিবিদ জেফ্রি ছাচ্ছে এই মন্তব্য আগবঢ়াইছে৷ সংবাদ সংস্থা বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রভাৱশালী অর্থনীতিবিদগৰাকীয়ে কৈছে যে ক’ৰোনা ভাইৰাছ অতিমাৰীৰ পাছত নেতৃত্বহীন এক অৰাজক পৰিস্থিতিৰ সন্মুখীন হ’ব পৃথিৱী৷ পৃথিৱীজুৰি বিভিন্ন ক্ষেত্রত দীর্ঘসময়ৰ বাবে বিপর্যয় নামি আহিব পাৰে বুলিও আশংকা কৰিছে অর্থনীতিবিদ জেফ্রিয়ে৷ ইয়াৰ মূল কাৰণ হৈছে দুই ছুপাৰ পাৱাৰৰ মাজত সৃষ্টি হোৱা মতানৈক্য৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে এইক্ষেত্রত অৱশ্যে হোৱাইট হাউছ প্রশাসনকে সমালোচনা কৰিছে৷ আমেৰিকাৰ ড’নাল্ড ট্রাম্প প্রশাসনৰ বাবেই দুয়োখন দেশৰ মাজত শত্রুতা তুংগত উঠা বুলি উল্লেখ কৰিছে অর্থনীতিবিদগৰাকীয়ে৷ বিবিচিৰ এছিয়া বিজনেছ ৰিপ’টত সাক্ষাৎকাৰত অর্থনীতিবিদ জেফ্রিয়ে অভিযোগ কৰিছে যে বর্তমান আমেৰিকা হৈছে বিভেদ সৃষ্টি কৰা এক শক্তি৷

   সহযোগিতা সৃষ্টিৰ মানসিকতা নাই হোৱাইট হাউছ প্রশাসনৰ৷ আনকি হোৱাইট হাউছ প্রশাসনে চীনৰ সৈতে এক নতুন শীতল যুদ্ধ সৃষ্টিৰ প্রচেষ্টা চলাই থকা বুলিও প্রভাৱশালী অর্থনীতিবিদগৰাকীয়ে মুকলি অভিযোগ কৰিছে৷ যদি হোৱাইট হাউছৰ এই প্রচেষ্টা সফল হয়, তেন্তে বিশ্বজুৰি বাণিজ্যিক আৰু অর্থনৈতিক ক্ষেত্রত এক ভাৰসাম্যহীন পৰিস্থিতিৰ সৃষ্টি হ’ব৷ এই মহাসংকটৰ বাবে বিশ্বৰ অসংখ্য লোকৰ জীৱন–জীৱিকালৈ অমানিশা নামি আহিব বুলিও সতর্কবাণী কৰিছে জেফ্রিয়ে৷

You might also like