নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ প্রতিষেধক টিকাৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২২ জুন:  বিশ্বজুৰি বিভিন্ন পর্যায়ত মানৱ শৰীৰত প্রায় ১২টাকৈ ক’ভিড–১৯ প্রতিষেধক টিকাৰ পৰীক্ষা চলি থকা সময়তে চীনৰ গৱেষকসকলে এক সম্ভাব্য ক’ৰোনা ভাইৰাছ প্রতিষেধক টিকাৰ দ্বিতীয় পর্যায়ৰ মানৱ পৰীক্ষা চলোৱাৰ কাম হাতত লৈছে৷

উল্লেখনীয় যে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণ অধিক দ্রুত হৈ পৰা বুলি ইতিমধ্যে সতর্কবাণী কৰিছে৷ চীনৰ চিকিৎসা বিজ্ঞান একাডেমীৰ চিকিৎসা জীৱবিদ্যা প্রতিষ্ঠানৰ (আই এম ভি চি এ এম এছ) তৰফৰ পৰা আজি সদৰী কৰা হৈছে এই তথ্য৷ প্রতিষেধক টিকাবিধ কিমান প্রভাৱশালী তথা নিৰাপদ সেই সন্দর্ভত গৱেষণা চলোৱা হ’ব বুলিও প্রতিষ্ঠানটোৰ বিশেষজ্ঞ চিকিৎসকসকলে সংবাদ মাধ্যমক জনাইছে৷

স্মর্তব্য যে বিশ্বৰ বিভিন্ন দেশত ক’ৰোনা ভাইৰাছৰ প্রতিষেধকৰ পৰীক্ষা চলি আছে যদিও এতিয়ালৈকে ইয়াৰ এটাও সফল বুলি প্রমাণিত হোৱা নাই৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এই ভাইৰাছবিধৰ প্রতিষেধক টিকা উদ্ভাৱনৰ ক্ষেত্রত এবছৰৰ পৰা ডেৰ বছৰ পর্যন্ত সময় লাগিব পাৰে বুলি ঘোষণা কৰি আহিছে৷ ইয়াৰ মাজতে চীন, আমেৰিকা তথা ইউৰোপৰ বিভিন্ন দেশে প্রতিষেধক টিকাৰ পৰীক্ষা চলাই আহিছে৷ কিন্তু কোনো এটায়েই ভাইৰাছবিধৰ প্রতিষেধক হিচাপে মান্যতা লাভ কৰা নাই৷

You might also like