লকডাউনৰ পাছত পর্যটকক আদৰণি স্পেইনৰ
নিয়মীয়া বাৰ্তা, ২২ জুন: ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউন শেহতীয়াকৈ শিথিল কৰিছে ইউৰোপীয় দেশ স্পেইনে৷ দেশখনত ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ২৮,৩২২গৰাকী লোকে৷
ক’ৰোনা প্রতিৰোধী নিষেধাজ্ঞা শিথিল হোৱাৰ পাছত দেশখনে ইউৰোপৰ পর্যটকসকলক আদৰণি জনাইছে৷ বিশেষকৈ ব্রিটেইন আৰু অন্যান্য ইউৰোপীয় দেশৰ পর্যটকসকলক প্রৱেশৰ অনুমতি প্রদান কৰিছে স্পেইনে৷ ইতিমধ্যে দেশখনে সীমান্ত পথবোৰ মুকলি কৰিছে৷ প্রধানমন্ত্রী পেড্র’ ছানচেজে অৱশ্যে নিষেধাজ্ঞা শিথিল হ’লেও সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে বিভিন্ন স্বাস্থ্যসন্মত নির্দেশাৱলী কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে দেশবাসীক৷