নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত হাবি–বননিৰ মাজত একাধিক ট্রেন্সফর্মাৰ, দুর্ঘটনাৰ শংকা

নিয়মীয়া বার্তা, ২২ জুনঃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চৰম হেমাহিৰ বাবে বিভিন্ন সময়ত বিভিন্ন দুর্ঘটনা সংঘটিত হৈ থকাটো সর্বজনবিদিত৷ তাৰ পাছতো শিক্ষা নলয় সংশ্লিষ্ট বিভাগটোৱে৷

পৰিষদৰ নাৰেংগী বিদ্যুৎ সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰৰ কেইবাটাও স্থানত থকা ট্রেন্সফর্মাৰ হাবি- বননিয়ে আৱৰি পেলোৱাৰ ফলত ভয়ংকৰ বিপদৰ আশংকাত ভুগিছে অঞ্চলবাসী৷ ইয়াৰ ভিতৰত অন্যতম চন্দ্রপুৰ হাইস্কুলৰ সন্মুখত থকা ট্রেন্সফর্মাৰটো বিগত প্রায় দুমাহ ধৰি হাবি-বননিয়ে আৱৰি ধৰা পৰিলক্ষিত হৈছে৷ প্রত্যক্ষ কৰা মতে হাবি বাঢ়ি গৈ ট্রেন্সফর্মাৰ সংযোগী উন্মুক্ত তাঁৰত লাগি ধৰাত বিশেষকৈ গৰু–ছাগলীৰ বাবে ভয়ংকৰ বিপদৰ আশংকা হৈছে৷

আচৰিত কথা যে ট্রেন্সফর্মাৰটো নাৰেংগী–চন্দ্রপুৰ ঘাইপথৰ দাঁতিত অৱস্থিত আৰু ই কেইবাখনো বিদ্যালয়ৰ লগতে  বহু জনসমাগম হৈ থকা ঠাই ৷ এই পথেৰে বিভাগীয় বিষয়া–কর্মচাৰী দৈনিক অহা–যোৱা কৰি থাকে যদিও আশ্চর্যজনকভাৱে গুৰুত্ব আৰোপ কৰা নাই কর্মচাৰীসকলে৷ ফলত ট্রেন্সফর্মাৰটো বিস্ফোৰণৰ আশংকা কৰিছে ৰাইজে৷

মন কৰিবলগীয়া যে কেৱল এটাই নহয়, শিঙিমাৰী, চন্দ্রপুৰ বাগিচা, হাজোংবৰী, গোৱর্ধন, কাজলি আদি অঞ্চলসমূহত বহুসংখ্যক ট্রেন্সফর্মাৰ এনেদৰে হাবিয়ে আৱৰি পেলাইছে৷ ভয়ানক বিপদৰ আশংকা কৰি হাবিয়ে আৱৰা ট্রেন্সফর্মাৰকেইটা হাবিমুক্ত কৰিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে৷

You might also like