নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনৰ ৩৯৭টা পদত নিযুক্তিক লৈ বৃহৎ অনিয়মৰ আশংকাঃ প্রশ্নকাকত ফাদিলৰ তদন্তৰো নাই কোনো উমঘাম

নিয়মীয়া বাৰ্তা, ২২ জুনঃ শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁট চৰকাৰৰ কার্যকালত প্রতিটো বিভাগৰ নিযুক্তিত সংঘটিত হৈছে সীমাহীন অনিয়ম৷ এইবাৰ চৰম বেমেজালিৰ মাজেৰে অনুষ্ঠিত হৈ যোৱা জলসিঞ্চন বিভাগৰ ৩৯৭টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছে বহু বিতর্কিত সংস্থা এপটেকে৷ যোৱা ২ ফেব্রুৱাৰীত জলসিঞ্চন বিভাগৰ শাখা সহায়কৰ ৩৯৭টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল মুম্বাইৰ এই প্রতিষ্ঠানটোৱে৷ কিন্তু ৰাজ্যৰ কেইবাটাও কেন্দ্রত পৰীক্ষাৰ নামত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷

আনকি পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ৰাজহুৱা হৈ পৰে প্রশ্নকাকত৷ বহু সচেতন লোকে বিষয়টো মুখ্যমন্ত্রীৰ লগতে জলসিঞ্চন মন্ত্রীৰ দৃষ্টিগোচৰ কৰে৷ একাংশ প্রার্থী দ্বাৰস্থ হয় ন্যায়ালয়ৰ৷ নিযুক্তি পৰীক্ষাৰ নামত চলা অৰাজকতাক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত ৰাজ্য চৰকাৰে সমগ্র বিষয়টো সন্দর্ভত তদন্তও ঘোষণা কৰে৷ কিন্তু বিগত ৫ মাহ ধৰি তদন্ত প্রক্রিয়াক ছলে–বলে–কৌশলে গাপ দি ৰখাৰ চেষ্টা চলালে ৰাজ্য চৰকাৰে৷

আনকি আদালতৰ মজিয়াতো চৰকাৰে ‘এপটেক’ নামৰ প্রতিষ্ঠানটোক ৰক্ষণাবেক্ষণহে প্রদান কৰিলে৷ জলসিঞ্চন বিভাগৰ এই পদকেইটাত নিযুক্তিৰ বাবে এটা দালাল চক্রই ৮–৯ লাখকৈ উৎকোচ সংগ্রহ কৰাৰ খবৰো চাকৰি প্রার্থীসকলৰ মুখে মুখে চর্চিত হৈছিল৷ কিন্তু তাৰ পাছতো চৰকাৰ, বিশেষকৈ জলসিঞ্চন মন্ত্রী ভবেশ কলিতাই সকলো অভিযোগক আওকাণ কৰি এপটেক নামৰ প্রতিষ্ঠানটোৰ হৈ ওকালতি কৰি যায় আৰু তেওঁলোকৰ সন্মুখত আহি পৰা সকলো বিঘিনি আঁতৰোৱাত একাণপতীয়াকৈ মন দিয়ে৷ ক’ৰোনাৰ সংক্রমণ আৰু দীঘলীয়া লকডাউনৰ পাছত ৰাজ্যৰ জনসাধাৰণ আনকি চাকৰি প্রার্থীসকলেও জলসিঞ্চন বিভাগৰ নিযুক্তি কেলেংকাৰি পাহৰি যোৱাৰ উপক্রম হৈছে৷ সেয়ে এতিয়া বিভাগটোৰ ৩৯৭টা শাখা সহায়ক পদৰ ফলাফল ঘোষণা কৰিবলৈ এখোজ–দুখোজকৈ আগবাঢ়িছে ‘এপটেক’ নামৰ এই প্রতিষ্ঠানটোৱে৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল, সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ সামর্থ্য নথকা এপটেকৰ উত্তৰবহী মূল্যায়ন কৰাৰ বাবেও নাই কোনো আন্তঃগাঁথনি৷ পূর্বতে তেওঁলোকে বহিঃৰাজ্যৰ আন প্রতিষ্ঠানৰ হতুৱাই উত্তৰবহী মূল্যায়ন কৰিছিল৷ কিন্তু দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে এইবাৰ সেয়াও সম্ভৱ হোৱা নাই৷ তাৰ মাজতে কোনোধৰণৰ আন্তঃগাঁথনি নথকাকৈ, মূল্যায়নৰ সঠিক ব্যৱস্থা নোহোৱাকৈয়ে জলসিঞ্চন বিভাগৰ শাখা সহায়কৰ ৩৯৭টা পদত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে এপটেক৷ যাৰ বাবে জলসিঞ্চন বিভাগৰ এই নতুন নিযুক্তিত বিয়াগোম অনিয়ম সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ অৱশ্যে শাখা সহায়কৰ এই পদসমূহৰ ফলাফল ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী আছে৷ কাক নিযুক্তি দিয়া হ’ব, সেই তালিকা আগতীয়াকৈ সাজু কৰি ৰাখিছে এপটেকে৷ লকডাউনৰ মাজতে এপটেকে ততাতৈয়াকৈ ফলাফল ঘোষণা কৰিবলৈ লোৱাৰ আন এক কাৰণো আছে৷ সেয়া হ’ল, শাখা সহায়কৰ ৩৯৭টা পদৰ ফলাফল ঘোষণাৰ পাছত আন পদসমূহৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰাৰ পথ মুকলি হ’ব৷ জলসিঞ্চন বিভাগত মুঠ ৬৪৩টা পদৰ নিযুক্তিৰ বিজ্ঞাপন একে সময়তে প্রকাশ পাইছিল৷ এই পদসমূহৰ ভিতৰত আছিল ছাব–র্ডিনেট ইঞ্জিনীয়াৰ (চিভিল)ৰ ২১টা, ছাব–র্ডিনেট ইঞ্জিনীয়াৰ (মেকানিকেল)ৰ ১টা, কনিষ্ঠ সহায়ক (মুখ্য) কার্যালয়ৰ ২৩টা, কনিষ্ঠ সহায়ক (জিলা পর্যায়)ৰ ১৫৯টা, শাখা সহায়কৰ ৩৯৭টা, পাৱাৰ পাম্প অপাৰেটৰৰ ৪১টা আৰু প্রাইমেৰী ইনভেষ্টিগেটৰৰ ১টা পদ৷ ইয়াৰে শাখা সহায়কৰ ৩৯৭টা পদৰ বাবে গুৰুতৰ বিসংগতিৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈ গ’ল৷ আন ২৩৬টা পদৰ পৰীক্ষা অনুষ্ঠিত হ’বলৈ এতিয়াও বাকী৷ গতিকে ফেব্রুৱাৰীত অনুষ্ঠিত হোৱা শাখা সহায়কৰ পদকেইটাৰ ফলাফল ঘোষণা কৰি এইবাৰ ২৩৬টা পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰো যো–জা চলাইছে মুম্বাইৰ অনভিজ্ঞ কোম্পানীটোৱে৷

নিঃসন্দেহে এইবাৰো পৰীক্ষাৰ নামৰ এপটেকে এখন বৃহৎ বজাৰেই বহুৱাব৷ এইদৰে অসমত নূ্যনতম আন্তঃগাঁথনি নথকা প্রতিষ্ঠান এটাক বাৰে বাৰে ঠিকা প্রদানৰ আঁৰতো আছে আন এটা মধ্যস্থতাকাৰী বাহিনী৷ খাউণ্ড আৰু সভাপণ্ডিত উপাধিৰ দুজন যুৱকে বিভাগসমূহৰ মন্ত্রীৰ পৰা আমোলালৈকে সকলোকে মেনেজ কৰি এপটেকক নিযুক্তি পৰীক্ষাৰ ঠিকা পোৱাৰ বাট মোকলাই দিয়ে৷ আন স্থানীয় প্রতিষ্ঠানে যাতে নিযুক্তি পৰীক্ষাৰ দায়িত্ব লাভ কৰিব নোৱাৰে, তাৰ বাবে বিভাগৰ পৰা আৰোপ কৰা হয় কেতবোৰ আজব চর্ত৷ এবাৰ এপটেকে দায়িত্ব পোৱাৰ পাছতে আঁৰৰ পৰা সকলো পৰিচালনা কৰে খাউণ্ড–সভাপণ্ডিত যুটিয়ে৷ তেওঁলোকৰ আছে চিটী কনচালটেন্সী নামৰ আন এখন ফার্ম৷ এপটেকৰ পৰা চিটী কনচালটেন্সীয়ে উপ–ঠিকা লয় আৰু নিযুক্তিৰ নামত এখন মুকলি বজাৰ মেলি দিয়ে৷ এয়া কেৱল জলসিঞ্চন বিভাগত সংঘটিত হোৱা কলংকৰ কাহিনী নহয়, এপটেকে দায়িত্ব পোৱা প্রতিটো বিভাগৰ নিযুক্তিত এনে অনিয়ম এতিয়া নিয়মীয়া ঘটনাত পৰিণত হৈছে৷ কেৱল অসমেই নহয়, উত্তৰ প্রদেশতো এপটেকৰ আছে আন এক ক’লা ইতিহাস৷

এপটেক নামৰ কোম্পানীটোৱে উত্তৰ প্রদেশ পাৱাৰ কর্প’ৰেচনৰ ২,৮৪৯টা পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু উক্ত পৰীক্ষাত ইমানেই গুৰুতৰ অনিয়ম সংঘটিত হ’ল যে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই পৰীক্ষা বাতিল কৰিবলৈ নির্দেশ দিয়াৰ লগতে ‘এপটেক’কো ব্লেকলিষ্টেড ঘোষণা কৰে৷ বিজেপিশাসিত ৰাজ্য উত্তৰ প্রদেশত নিষিদ্ধ হোৱা এপটেকে কিদৰে একেটা দলৰে শাসনাধীন অসমত বাৰে বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠত কৰাৰ দায়িত্ব পাই আহিছে, সেয়া এক লাখটকীয়া প্রশ্ণ হৈ পৰিছে৷ লগতে প্রশ্ণ উঠিছে– খাউণ্ড–সভাপণ্ডিত যুটি এনে কি ক্ষমতাৰে বলীয়ান যে ৰাজ্য চৰকাৰৰ সকলো বিভাগ তেওঁলোকৰ নাগপাশত বন্দী হৈ পৰিছে? খাউণ্ড–সভাপণ্ডিতৰ হাতত এনে কি যাদু আছ যে ৰাজ্যৰ ২০ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অনুমতি তেওঁলোকক খোদ চৰকাৰেই প্রদান কৰে?

You might also like