পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল পজিটিভ
নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰাজ্যত ভয়াৱহভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে কৰিমগঞ্জত বিজেপিৰ এজন বিধায়ক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালক পজিটিভ ৰূপে চিনাক্ত কৰা হয়৷ যোৱা ১৮ জুনত তেওঁৰ ছোৱাবৰ নমুনা সংগ্রহ কৰা হৈছিল৷ বিধায়কগৰাকী পজিটিভ হোৱাত তেওঁক কৰিমগঞ্জ ক’ভিড চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ ইফালে, বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে, শেহতীয়াকৈ সমষ্টিৰ বিভিন্ন কামত নিয়োজিত হৈ থকাৰ সময়তে কোনো লোকৰ দ্বাৰা আক্রান্ত হৈছে৷ কৃষ্ণেন্দু পালৰ পৰিয়ালৰ লোকৰ আজি ছোৱাব সংগ্রহ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷