বিধায়ক ৰূপজ্যোতি কুর্মী পৰিয়ালসহ হোম কোৱাৰেণ্টাইনত
ক’ৰোনা পজিটিভ যুৱকৰে বিবাহ অনুষ্ঠানত অংশগ্রহণ
নিয়মীয়া বাৰ্তা ২৩ জুনঃ যোৰহাটৰ এক বিবাহ অনুষ্ঠানত উপস্থিত থাকি এতিয়া সমস্যাত পৰিছে পৰিয়াল, দেহৰক্ষীসহ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী৷ সমগ্র যোৰহাটতে চাঞ্চল্য সৃষ্টি কৰা যোৰহাটৰ তৰাজানৰ ১নং সোণাৰি গাঁৱত যোৱা ১৬ জুনত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰা লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰা উক্ত বিবাহ অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে পৰিয়ালসহ অংশগ্রহণ কৰিছিল৷ বিধায়ক ৰূপজ্যোতিৰ পত্নীৰ সম্পর্কীয় লোক হোৱা বাবেই উক্ত বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰিছিল বিধায়কজনেও৷ এই সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁ পৰিয়ালসহ উক্ত বিবাহ অনুষ্ঠানলৈ গৈছিল৷ নিশা প্রায় ৯.৩০ বজাত গৈ পোৱা উক্ত বিবাহৰ পৰা প্রায় ১০.৪৫মান বজাত পৰিয়ালসহ উভতি আহিছিল৷ পিছদিনা অর্থাৎ ১৭ জুনৰ পৰা মৰিয়নি সমষ্টিৰ বিভিন্ন স্থানলৈ বিভিন্ন কাৰণত গৈছিল বিধায়ক ৰূপজ্যোতি৷ আনকি ২০ জুনলৈকে বহু লোকৰ সংস্পর্শলৈও আহিছিল বিধায়কজন৷ ইয়াৰ মাজতে প্রয়াত পদ্ম কৈৰীৰ আদ্যশ্রাদ্ধত উপস্থিত আছিল বিধায়কজন৷ উক্ত আদ্যশ্রাদ্ধত সাংসদ পল্লৱলোচন দাস, প্রাক্তন সাংসদ আৰ পি শর্মা, শ্রমমন্ত্রী সঞ্জয় কিষাণৰ উপৰি আছু, আটছা, অসম সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা আদিৰ বহু বিষয়ববীয়া তেওঁৰ সংস্পর্শলৈ অহা বুলি জানিবলৈ দিয়ে৷ আনকি এই সময়ছোৱাত যোৰহাটৰ উপায়ুক্তক সাক্ষাৎ কৰা বুলিও জনায়৷ যোৱা ২০ জুনত বিশ্বনাথ চাৰিআলিৰ পৰা উভতি আহি থাকোঁতেই তেওঁ জানিব পাৰে যে তেওঁলোক যোৱা বিবাহ অনুষ্ঠানত উপস্থিত থকা এজনৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰিছে৷ ৰাস্তাৰ পৰাই যোৰহাটৰ উপায়ুক্তক সবিশেষ জনোৱাত কালি অর্থাৎ ২১ জুনত পৰিয়ালৰ লগতে ৰূপজ্যোতি কুর্মীৰ পত্নী, পুত্র, শাহুৱেক আৰু তিনি দেহৰক্ষীৰ ছোৱাব সংগ্রহ কৰে স্বাস্থ্যকর্মীয়ে৷ অৱশ্যে বাতৰি লিখাৰ পৰলৈকে ছোৱাব টেষ্টৰ ৰিপ’ট আহি পোৱা নাই বুলি লগতে জানিবলৈ দিছে৷ আনহাতে যোৱা ২০ জুনৰ পৰা বিধায়ক ৰূপজ্যোতিৰ লগতে পৰিয়ালৰ লোক আৰু তেওঁৰ দেহৰক্ষী হোম কোৱাৰেণ্টাইনত আছে৷