নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ভাৰতৰ পৰা ছৌদিলৈ সম্ভৱ নহ’ব হজযাত্রা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ভিড–১৯ মহামাৰীৰ বাবে এইবাৰ ছৌদি আৰবলৈ ভাৰতীয় মুছলমানৰ হজযাত্রা সম্ভৱ নহ’ব৷ ইতিমধ্যে ছৌদি আৰবে বিদেশী হজযাত্রীসকলৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে৷ দেশখনৰ এই সিদ্ধান্তক আদৰণি জনাইছে ভাৰত চৰকাৰে৷ গতিকে ২০২০ চনৰ হজৰ বাবে যিসকল লোকে আবেদন কৰিছিল, তেওঁলোকে ২০২১তহে ছৌদি আৰবলৈ যোৱাৰ সুযোগ লাভ কৰিব৷ স্মর্তব্য যে চলিত বর্ষত পেুৰুষ সহযোগী অবিহনে হজৰ বাবে আবেদন জনাইছিল ২৩ শতাধিক ভাৰতীয় মুছলমান মহিলাই৷ তেওঁলোকক ২০২১ৰ বাবেহে হজৰ অনুমতি প্রদান কৰিব৷ লক্ষণীয়ভাৱে কেন্দ্রীয় সংখ্যালঘু পৰিক্রমা মন্ত্রী মুখতাৰ আব্বাছ নাকভিয়ে আজি ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰিছে এই তথ্য৷ ছৌদি আৰব চৰকাৰৰ সিদ্ধান্তক সন্মান জনাই ভাৰতে কোনো হজযাত্রী চলিত বর্ষত দেশখনলৈ প্রেৰণ নকৰে বুলি নাকভিয়ে স্পষ্ট কৰি দিছে৷ অকল ভাৰত বুলিয়েই নহয়, কোনো বিদেশী ৰাষ্ট্রৰ হজযাত্রীক এইবাৰ দেখিবলৈ পোৱা নাযাব ছৌদি আৰবত।

You might also like