নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত কৃত্রিম বানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ মুষলধাৰ বৰষুণৰ ফলত সমগ্র জাগীৰোডত সৃষ্টি হয় কৃত্রিম বানৰ৷ সমগ্র জাগীৰোড অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ জাগীৰোড চহৰৰ দক্ষিণে থকা সোণাইকুছি পাহাৰৰ ওপৰত একাংশ লোকে বৃহৎ আকাৰৰ পুখুৰী নির্মাণ কৰি মৎস্য পালন কৰিছে৷ ধাৰাসাৰ বৰষুণৰ ফলত এই পুখুৰীৰ পাৰ ভাঙি হোৰাহোৰে পাহাৰৰ নামনি অংশলৈ পানী বাগৰি আহে আৰু কেইবাসহস্র পৰিয়ালৰ অনিষ্ট সাধন কৰে৷ চহৰখনৰ নিজৰাপাৰ, চাৰাংকুছি, মার্কাংকুছি, শ্যামাপল্লী, কিশোৰ ক্লাব, ৰে’লগেট ঠাইসমূহ নিশাৰ ভিতৰতে পানীৰে উপচি পৰে৷

বহুতৰে দোকান তথা ব্যৱসায়িক প্রতিষ্ঠানত পানী সোমাই ক্ষতি কৰে৷ পাহাৰৰ পৰা নামি অহা ধলে ক্ষতি কৰিছে বহু বাসগৃহৰ৷ উটুৱাই নিলে বহু লোকৰ ঘৰৰ সামগ্রী৷ দোকান, ঘৰ সকলোতে একাঁঠু–এবুকু পানী৷ দোকানসমূহত পানী সোমোৱাত নষ্ট হৈছে সা–সামগ্রী৷ ইফালে, ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ লগতে মৰিগাঁও–জাগীৰোড সংযোগী পথতো সৃষ্টি হৈছে কৃত্রিম বানৰ৷

আনহাতে, জাগীৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন কর্মচাৰীৰ মৃত্যু হয়৷ কৃত্রিম বানৰ ফলত ইনভার্টাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৰেতাপ দৈমাৰী নামৰ কর্মচাৰীজনৰ৷ ইফালে, একাংশই জাগীৰোডত কোনো পৰিকল্পনা অবিহনে জধে–মধে নলা নির্মাণ কৰাৰ বাবেই এই কৃত্রিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ শীঘ্রে যদি বিজ্ঞানসন্মতভাৱে নলা নির্মাণ কৰি পানী নিষ্কাশনৰ ব্যৱস্থা কৰা নহয়, তেনেহ’লে অনাগত দিনত এই কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷

You might also like