নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেঙেৰীৰ দুই পথ বিচ্ছিন্ন; অভূতপূৰ্ৱ বানত হাহাকাৰ জনজীৱন

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত দুটা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

উল্লেখ্য যে বানপানীয়ে তিতা- কেঁ‌হা লগোৱাৰ কোনোধৰণৰ উদাহৰণ নথকা পেঙেৰী অঞ্চলৰ দুটাকৈ মূল পথ আজি বিধ্বস্ত কৰি পেলোৱাত অঞ্চলবাসী দুৰ্ভোগ ভূগিব লগা হৈছে।

আজিৰ প্ৰলয়ংকাৰী বানে দুৱাৰমৰা চাহ বাগিচাহৈ নলনী- ডুমডুমা সংযোগী পথৰ বালিজান অঞ্চলত থকা নৱনিৰ্মিত এটা কালভাৰ্টৰ ওপৰ অংশ ভাঙি চূৰ্ণবিচূৰ্ণ কৰি পথটো বিচ্ছিন্ন কৰি পেলালে। ঠিকাদাৰৰ নিম্নমানৰ নিৰ্মাণকাৰ্যৰ বাবেই যে কালভাৰ্টটোৰ ওপৰত থকা পথাংশ ভাঙি পৰিল সেয়া সহজেই অনুমেয়। একেদৰে পপোলাজানহৈ ডিব্ৰুজান- বিজুলীবন সংযোগী পথত থকা দুৱামৰা নৈৰ ওপৰৰ জৰাজীৰ্ণ কাঠৰ দলং খনৰ ওপৰেদি ভটিয়নী পানীৰ সোঁ‌ত বৈ যোৱাৰ ফলত কাষৰ নিৰ্মীয়মান আৰ চি চি দলঙখনৰ উত্তৰপাৰৰ পাহাৰসম ‘আৰ্থ ফিলিং’ সম্পূৰ্ণৰূপে উটি যায়।

প্ৰৱল স্ৰোতযুক্ত বানপানীত ডুবন্ত অৱস্থাত থকা জৰাজীৰ্ণ দলংখন যে নিৰাপদে থাকিব তাৰো নিশ্চয়তা নাই। অঞ্চলটোত সংঘটিত বানৰ এনে তাণ্ডৱ নৱপ্ৰজন্মৰ বাবে অভূতপূৰ্ব বুলি চিহ্নিত হৈছে।

You might also like