মেছিৰ জন্মদিন উদযাপন কৰি জৰিমনা ভৰিলে যুৱকে
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ আর্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ’নেল মেছিৰ জন্মদিন উদযাপন কৰি বাংলাদেশৰ ১৫গৰাকীকৈ যুৱকে জৰিমনাৰ সন্মুখীন হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ ঢাকাৰ এখন কাফেত তেওঁলোকে নিশাৰ ভাগত ফুটবল তাৰকাগৰাকীৰ জন্মদিন উদযাপন কৰি থকাৰ সময়ত আৰক্ষীয়ে লকডাউন ভংগ আৰু সামাজিক দূৰত্বৰ নীতি–নিয়ম উলংঘা কৰাৰ অভিযোগত জৰিমনা বিহে৷
১৭ৰ পৰা ৩২ বছৰ বয়সৰ যুৱককেইজনে ঢাকাৰ দামুৰহুদা চহৰত এখন কাফেত কেক্ কাটি লিঅ’নেল মেছিৰ ৩৩সংখ্যক জন্মদিন উদযাপন কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে তেওঁলোকক পদপথত থকা এখন ম’বাইল ক’ৰ্টত হাজিৰ কৰাই ১০০ টকা জৰিমনা বিহে৷
একেদৰে কাফেখনক ১০০০ টকাৰ জৰিমনা বিহা হয়৷ উল্লেখ্য যে সমগ্র বিশ্বক একপ্রকাৰ স্তব্ধ কৰি দিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ প্রতিহত কৰিবলৈ যোৱা মার্চৰ পৰা বাংলাদেশ চৰকাৰে লকডাউন জাৰি কৰিছে৷ শেহতীয়াকৈ লকডাউনৰ নীতি–নিয়ম কিছু শিথিল কৰা হৈছে যদিও নিশাৰ ভাগত কার্ফিউ আৰু স্বাভাৱিক জীৱনযাত্রাত সামাজিক দূৰত্ব বর্তাই ৰখাটো বাধ্যতামূলক কৰা হৈছে৷