নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গুৱাহাটীত ১০ শতাংশ লোকেও পিন্ধা নাই মাস্ক, মনা নাই সামাজিক দূৰত্ব’

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ গুৱাহাটীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলত কয় যে গুৱাহাটীত প্ৰায় ১০ শতাংশ লোকেও মনা নাই সামাজিক দূৰত্ব। পিন্ধা নাই মাস্ক। জি এছ ৰোডৰ দৰে ব্যস্ততাপূৰ্ণ অঞ্চলটো মাস্ক নিপিন্ধাকৈ ঘৃৰি ফুৰিছে একাংশ লোক। এনে লোকক দেখিলে কোনোৱে মাস্ক পিন্ধিবলৈ কওঁক বুলিও আহ্বান মন্ত্ৰী শৰ্মাৰ।

গুবাহাটীৰ এনে পৰিস্থিতি দেশৰ কোনো অঞ্চলতেই নাই। আনলক হোৱাৰ পাছৰে পৰা সকলোৱে ওলাই আহিছে আড্ডাত বহিছে ৰেষ্টুৰেণ্টত খাব গৈছে। কোনো লোকেই সজাগ হোৱা নাই। তেনেস্থলত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাটো অস্বাভাৱিক নহয়।

কোনো লোক সজাগ নহ’লে আমি একে কৰিব  নোৱাৰিম। গুৱাহাটীত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হৈ থাকিলে আমি ৰোগীসমূহ আন হাস্পতাললৈ নিব লাগিব। সেয়া আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলিও সংবাদমেলত মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

You might also like