নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বানত বুৰিল মহানগৰীৰ বিভিন্ন অঞ্চল

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰীৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিছে মহানগৰবাসীয়ে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও বছৰৰ পিছত বছৰ ধৰি কৃত্রিম বানত মহানগৰবাসীয়ে জলাকলা খাব লগা হৈছে৷ কালি নিশাৰে পৰা হোৱা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে বহু অঞ্চলত সৃষ্টি হৈছে কৃত্রিম বানৰ৷ মহানগৰীৰ চানমাৰি, উলুবাৰী, আমবাৰী, বামুণীমৈদাম, লাচিত নগৰ, ৰাজগড়, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, পাঞ্জাবাৰী, বেলতলা, ৱায়াৰলেছকে ধৰি বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হয়৷ মহানগৰীৰ বিভিন্ন অঞ্চলৰ নলা–নর্দমাসমূহ বিজ্ঞানসন্মতভাৱে নির্মাণ নকৰা আৰু নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতেই মহানগৰীৰ এই অঞ্চলসমূহকে ধৰি বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে বিভাগীয় কর্তৃপক্ষই বিজ্ঞানসন্মতভাৱে আঁচনি গ্রহণ নকৰাৰ ফলতেই এজাক বৰষুণতে অঞ্চলবিশেষে কৃত্রিম বানৰ কবলত পৰি মহানগৰবাসীয়ে দুর্ভোগ ভুগিবলগীয়া হৈ আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই সুদূৰপ্রসাৰী আঁচনি গ্রহণ কৰিবনে সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like