ক’ৰোনাই কিশোৰ তৰুণ প্রজন্মৰ মানসিক অস্থিৰতা বৃদ্ধি কৰিব পাৰে
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বয়োজ্যেষ্ঠ লোকসকলতকৈ তৰুণ তথা কিশোৰসকল ক’ভিড–১৯ ভাইৰাছৰ দ্বাৰা সংক্রমণৰ আশংকা কম বুলি স্বাস্থ্য সংস্থাসমূহে ঘোষণা কৰি আহিছে যদিও এই ভাইৰাছবিধে শিশু তথা তৰুণ প্রজন্মৰ ওপৰত পৰোক্ষভাৱে প্রভাৱ পেলাব পাৰে৷ বিশেষকৈ তৰুণ তথা কিশোৰসকলৰ মানসিক তথা শাৰীৰক স্বাস্থ্যত প্রতিকূল প্রভাৱ পেলাব পাৰে ক’ভিড–১৯য়ে৷ শেহতীয়াকৈ এক অধ্যয়নত প্রকাশ পাইছে এই তথ্য৷ কানাডিয়ান মেডিকেল এছ’চিয়েচন জার্নালে প্রকাশ কৰিছে এই নতুন অধ্যয়নৰ সবিশেষ তথ্য৷ ব্রিটেইনৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নেইল চান্সলানিয়ে উল্লেখ কৰা অনুসৰি স্বাস্থ্যৰ যতনৰ লগতে মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত যাৱতীয় প্রতিৰোধ ব্যৱস্থা কমি অহাৰ ফলত কিশোৰ আৰু তৰুণ প্রজন্মৰ মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে৷ অকল সেয়াই নহয়, এই মানসিক অস্থিৰতা বৃদ্ধিৰ ফলত শিশু তথা তৰুণ প্রজন্মৰ শাৰীৰিক স্বাস্থ্যলৈও আহি পৰিব পাৰে ভাবুকি৷ গতিকে ক’ভিড–১৯ ভাইৰাছৰ পৰা কোনো বয়সৰে লোক বিপদমুক্ত নহয়৷