নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ধেমাজি বিজেপিৰ; বৰ্নাত্যক উপযুক্ত খাদ্য যোগান ধৰাৰ আহ্বান মহকুমা প্ৰশাসনক

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ জোনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিলে ধেমাজিৰ বিজেপিয়ে। আজি জোনাই মহকুমাৰ বানাক্ৰান্ত বেৰাচাপৰি, মহমৰা, লোহিজান বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তৰ নেতৃত্বত বিজেপিৰ এটা সঁজাতি দলে।

  জোনাইৰ বাহিৰৰ জোনাই লোহিজান পঞ্চায়তত প্ৰায় ৩০ খনৰো অধিক অঞ্চল বানত বুৰ যোৱাৰ ফলত মানুহৰ লগতে জীৱ-জন্তুৰ খাদ্য সংকটে দেখা দিয়া বুলি জানিবলৈ দিছে বিজেপিৰ সজাতি দলটোৱে। এই ক্ষেত্ৰত ধেমাজি জিলাৰ বিজেপি সভাপতি প্ৰেম দত্ত জোনাই মহকুমাধিপতিৰ লগতে জোনাই চক্ৰ বিষয়াৰ সৈতে টেলিফোনত বাৰ্তা লাভ কৰি জীৱ জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহকো যথোপযুক্ত খাদ্য, ট্ৰিপাল যোগান ধৰিবলৈ অনুৰোধ জনায়।

   ইপিনে জোনাইৰ কেৰকেৰত জোনাই নদীৰ বাঢ়নী পানীত বৃহস্পতিবাৰে সংঘটিত হোৱা এক নাওঁ দুৰ্ঘটনাত নিখোজ হোৱা ৰশ্মি দেউৰী নামৰ কিশোৰী গৰাকীৰ মৃতদেহ আজি ৪ দিনৰ মূৰত উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈ পৰিস্থিতি বুজ লয় বিজেপিৰ কৰ্মীসকলে৷ লগতে জোনাই মহকুমাত চৰকাৰী ভাৱে মুৰ্কংচেলেক মধ্য ইংৰাজী বিলয়ত স্থাপন কৰা একমাত্ৰ সাহাৰ্য শিবিৰত আশ্ৰয় লোৱা ১০১ লোকসকলৰ সৈতে মতবিনিময় কৰে কৰে৷

  উল্লেখ্য যে বানাক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তই অসম চৰকাৰক আহ্বান জনাইছে। ধেমাজি জিলা সমিতিৰ প্ৰেম দত্তৰ নেতৃত্বত বান পৰিস্থিতি পৰিদৰ্শন কৰে আৰ্টফেডৰ উপাধ্যক্ষা ৰূপা কামান, পূৱ জোনাই মণ্ডলৰ সভাপতি আদিত্য বৰুৱা, জোনাই মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি প্ৰনৱ টায়ে, জোনাই মণ্ডল কমিটিৰ সাধাৰণ সম্পাদক প্ৰতাপ সিং পাচাৰ, ধেমাজি আইটিচেলৰ জিলা সদস্য পাৰ্থ ছেত্ৰী, জোনাই মণ্ডলৰ বিজেপিৰ উপ সভাপতি কিশোৰ ভাগৱতী, সোনোৱাল কছাৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য বিজয় শইকীয়া আৰু দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য হেমন্ত দেউৰী লগতে জোনাই মণ্ডলৰ বিজেপিৰ কাৰ্যকতা সকলে উপস্থিত থাকে৷

You might also like