নিয়মীয়া বাৰ্তা ১ জলাইঃ ন’ভেল ক’ৰোনা ভাইৰাছ ক’ভিদ ১৯ এ গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে ভয়াবহ পৰিস্থিতিৰ স্ষ্টি কৰাৰ সময়তে সোণাৰি চাপৰিতো ক’ভিদ ১৯ ৰ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন মহলে ৷ তথ্য মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ঢোলপেটা গাওঁৰ এগৰাকী যুৱতী যোৱা ২৫ জুনত গোগামুখ ছ্যুকাফা পথৰ দিচেন শইকীয়া নামৰ মহিলা গৰাকীৰ ভাৰাঘৰলৈ যায় ৷ দীৰ্ঘ দিন ধৰি শইকীয়াৰ ঘৰত ভাৰাতীয়া হিচাপে থকা যুৱতী গৰাকী পুনৰ দুটা ৰাতি কটোৱাৰ পিছত ২৭ জুনত ঘুৰি আহি স্বাভাবিক ভাবেই পৰিয়ালৰ ল’গতে চুবুৰীয়া সতেও ঘুৰা ফুৰা কৰাৰ লগতে কৃষি কৰ্মতো মনোনিৱেশ কৰে ৷ কিন্তু গোগামুখৰ দিচেন শইকীয়াৰ ঘৰৰ লগত সঘনে যোগাযোগ কৰি থকা আনকি ২৫ জুনতো শইকীয়াৰ ঘৰলৈ গৈ চাহ তামোল খাই ঘুৰি ফুৰা প্ৰতিবেশী মিনাক্ষী গোহাঁই নামৰ মহিলা গৰাকীৰ যোৱা ২৮ জুনতে ক’ভিদ ১৯ ত আক্ৰান্ত বুলি ২৯ জুনত জানিব পৰাৰ লগে লগেই ঢোলপেটা গাওঁখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি যোৱা ৩০ জুনত সোণাৰি চাপৰি আৰু কেকুঁৰি দীঘলা লাটৰ দুই লাট গাওঁবুঢ়াই ঘটনাৰ বুজ লবলৈ যুৱতী গৰাকীৰ ঘৰত উপস্থিত হোৱাত ঘটনাৰ বিষয়ে জনাৰে পৰাই যুৱতী গৰাকী হোম কোৱাৰেণ্টাইনত থকা বুলি জানিবলৈ দিয়ে যদিও ২৭ আৰু ২৮ জুনত পৰিয়ালটোৰ লগতে যুৱতী গৰাকীও বহু লোকৰ সংস্পৰ্শলৈ অহা বুলিও জানিবলৈ দিয়ে ৷ তদুপৰি গোগামুখৰ দিচেন শইকীয়াৰ পৰিয়ালটোৰ ভাৰাঘত থকা যুৱতী গৰাকীয়ে একেটা গা ধোৱা ঘৰ ব্যৱহাৰ কৰে বুলিও জানিবলৈ দি পৰিয়ালটোৰ যি কোনো এজন লোকৰে ক’ভিদ ১৯ প্ৰজিতিভ বুলি জানিব পাৰিলেই যুৱতী গৰাকীৰ পৰিয়ালটোৱে নিজেই স্বাস্থ্য পৰীক্ষা কৰাব বুলিও জানিবলৈ দিয়ে যদিও ইতিমধ্যে যোৱা দুটা দিনত পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা অদ্ধশতাধিক লোকৰ মাজত আতংকই বিৰাজ কৰিছে ৷