নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামেই হ’ল জীৱনৰ চৰম সার্থকতা

 কামৰ প্রতি আমেৰিকানসকলৰ মনোভাব জানিবলৈ সেই দেশৰ স্বাস্থ্য, শিক্ষা আৰু জনকল্যাণ বিভাগে কুৰি শতিকাৰ সত্তৰৰ দশকত এটা সমীক্ষা চলাইছিল৷ সমীক্ষাৰ ফলাফ Work in America নামৰ এখন কিতাপত প্রকাশ কৰা হৈছিল৷ সেই সমীক্ষাৰ পৰা আমেৰিকান চৰকাৰ এনে এটা সিদ্ধান্তলৈ আহিছিল যে বেছিভাগ আমেৰিকানেই কাম কৰি ভাল নাপায়৷ যিবোৰ কাম তেওঁলোকক কৰিবলৈ দিয়া হয় সেইবোৰ কাম তেওঁলোকে নিৰর্থক, নিৰানন্দ আৰু বিৰক্তিদায়ক বুলি ভাবে৷ ঠিক সেইদৰে কিছুমান আমেৰিকান সমাজ বিজ্ঞানীয়ে ১৯৫০ চনতেই ভৱিষ্যদ্বাণী কৰিছিল যে আমেৰিকানসকলে ক্রমে ক্রমে কাম কৰিবলৈ ভাল নোপোৱা হৈ আহিব আৰু এটা সময়ত তেওঁলোকে অৱসৰ–বিনোদনতেই বেছিকৈ গা ঢ়ালি দিব৷

কিন্তু এই সকলো সিদ্ধান্ত আৰু ভৱিষ্যদ্বাণী মিছা বুলি প্রমাণিত কৰিছে কেইবছৰমানৰ আগতে কৰা কেইটামান নতুন সমীক্ষাই৷ উদাহৰণ স্বৰূপে জর্জ হেৰিছ আৰু ৰবার্ট ট্রটাৰ নামৰ দুজন সমাজ বিজ্ঞানীয়ে ব্যাপক সমীক্ষা কৰি এই সিদ্ধান্তত উপনীত হৈছে যে সম্প্রতি আমেৰিকানসকলক কামৰ নিচাই ধৰিছে, আৰু তেওঁলোকে আগতকৈ  বহুগুণে বেছি কঠোৰ পৰিশ্রম কৰিবলৈ আৰম্ভ কৰিছে৷ যোৱা কেইবছৰমানত একোজন পূর্ণবয়স্ক আমেৰিকানৰ জিৰণি লোৱা সময়ৰ পৰিমাণ আগতকৈ ৪০ শতাংশ হ্রাস পাইছে৷ অর্থাৎ কুৰি বছৰমানৰ আগতে তেওঁলোকে সপ্তাহত ২৬.৬ ঘণ্টা জিৰণি লৈছিল এতিয়া লয় মাত্র ১৬.৬ ঘণ্টা৷ ঠিক সেইদৰে তেওঁলোকৰ কাম কৰা সময়ো আগৰ তুলনাত এতিয়া ১৫ শতাংশ বৃদ্ধি পাইছে৷

১৯৭২ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত আমেৰিকানসকলক এটা প্রশ্ন সোধা হৈছিল– ‘যদিবাকী জীৱনটো শুই–বহি খাই থাকিব পৰাকৈ আপোনাৰ হাতলৈ যথেষ্ট ধন আহে, তেন্তে আপুনি কাম কৰিবলৈ এৰি দিবনে?’

প্রশ্নটোৰ উত্তৰ দিয়া লোকসকলৰ ভিতৰত শতকৰা ৭০জনে কৈছিল যে তেওঁলোকে তেতিয়াও কাম কৰিয়েই থাকিব৷
১৯৮৩–১৯৮৭ চনৰ ভিতৰত এনেকৈ কাম কৰি থাকিব খোজা মানুহৰ সংখ্যা শতকৰা ৭৪জনলৈ বৃদ্ধি পালে৷ কিন্তু ১৯৮৮ চনত কেৱল কাম কৰাৰ আনন্দতেই কাম কৰিব খোজা মানুহৰ সংখ্যা হ’লগৈ শতকৰা ৮৫জন৷

ডেনিয়েল ইয়াস্কেলভিৎছ নামৰ আন এজন গৱেষকে আমেৰিকানসকলৰ এই ক্রমাৎবাঢ়ি যোৱা কর্মানুৰাগক বিশ্লেষণ কৰি এই সিদ্ধান্তলৈ আহিছে যে আমেৰিকানসকলে শুই–বহিবা আমোদ–প্রমোদ কৰি জিৰণি লৈ থকাতকৈ কামত ব্যস্ত  হৈ থাকিব খোজাৰ এটা বিশেষ কাৰণ আছে৷ তেওঁলোকে বিশ্বাস কৰে যে জীৱনত যিটো বস্তু তেওঁলোকে খুব বেছিকৈ বিচাৰে সেইটো তেওঁলোকক দিব পাৰে একমাত্র কামেহে জিৰণিয়ে নহয়৷ তেওঁলোকে বিচৰা সেই বস্তুটো হ’ল নিজৰ মাজত নিহিত হৈ থকা প্রতিভা বিকাশৰ সুযোগ৷ ইতৰ প্রাণীৰ দৰে মানুহে কেৱল আহাৰ, মৈথুন আৰু নিদ্রাৰ মাজতেই জীৱনৰ চৰম সার্থকতা বিচাৰি নাপায়, মানুহে সেইটো বিচাৰি পায় নিজৰ অন্তর্নিহিত প্রতিভাৰ বিকাশ সাধন কৰি নিজৰ অদ্বিতীয়ত্ব প্রমাণ কৰাৰ মাজত৷ ইতৰ প্রাণী সৃষ্টিশীল নহয় সেই কাৰণে কোটি কোটি বছৰ ধৰি সিহঁত একে অৱস্থাতে আছে৷ মানুহ সৃষ্টিশীল সেইকাৰণে হাজাৰ হাজাৰ বছৰ ধৰি মানুহে নিজকে ন ন ৰূপত সৃষ্টি কৰি আৰু বাৰম্বাৰ নিজকে অতিক্রম কৰি আদিমতম অসভ্য অৱস্থাৰ পৰা যাত্রা আৰম্ভ কৰি আজি মহাকাশ জয় কৰিব পৰা প্রায় অতি–মানৱিক শক্তিৰ অধিকাৰী হ’ব পাৰিছে৷

মানুহৰ সৃষ্টিশীলতা প্রকাশ পায় মানুহৰ কামত, কাম কৰাৰ আনন্দত৷ কিন্তু কাম কৰা মানে কেৱল হাত দুখনেৰে কৰা কাম নহয়৷ কেৱল পেশী–শক্তিৰ সহায়েৰে কৰা কাম নহয়৷ দেহ আৰু মনক লৈহে সম্পূর্ণ মানুহ৷ মানুহে দেহেৰেও কাম কৰে, মনেৰেও কাম কৰে৷ মানুহৰ ব্যক্তিত্ব বিকাশতবা সভ্যতা–সংস্কৃতিৰ নির্মাণত দুয়োবিধ কামেই সমানে মহত্ত্বপূর্ণ৷
মানসিক কাম কৰিবলৈকো অসীম ধৈর্য, প্রবল ইচ্ছা–শক্তি আৰু কামৰ প্রতি গভীৰ অনুৰাগৰ প্রয়োজন হয়৷ কেইটামান উদাহৰণ দিওঁ৷

কাম কৰিবলৈ মানুহক আটাইতকৈ বেছি প্রেৰণা দিয়া এজন মানুহ আছিল টমাছ কার্লাইল৷ কার্লাইলে বহু বছৰ ধৰি অশেষ পৰিশ্রম কৰি ফৰাচী বিপ্লৱৰ এখন বৃহৎ বুৰঞ্জী লিখিছিল৷ সেই সময়ত  তেওঁৰ আর্থিক অৱস্থা বৰ বেয়া আছিল৷ কার্লাইলে আশা কৰিছিল যে কিতাপখন প্রকাশ কৰিব পাৰিলে তেওঁৰ আর্থিক সমস্যাৰ কিছু সমাধান হ’ব৷
বিখ্যাত ইংৰাজ দার্শনিক জন ষ্টুৱার্ট মিল আছিল কার্লাইলৰ ঘনিষ্ঠ বন্ধু৷ কিতাপখন লিখি শেষ হোৱাৰ পিছত কার্লাইলে তেওঁৰ বন্ধুক কিতাপখন পঢ়ি চাবলৈ দিলে৷ মিলে কিতাপখন পঢ়ি শেষ কৰি কার্লাইলক ঘূৰাই দিয়াৰ আগতে তেওঁৰ এগৰাকী বান্ধৱী শ্রীমতী টেইলৰক সেইখন পঢ়িবলৈ দিলে৷ কিতাপখন শ্রীমতী টেইলৰৰ ঘৰত থকা অৱস্থাত সেইখন কেনেকৈ গৈ তেওঁৰ লিগিৰীৰ হাতত পৰিল সেই কথা সঠিককৈ জানিবলৈ উপায় নাই৷ কিন্তু ঘটনাটো হ’ল এই যে শ্রীমতী টেইলৰৰ লিগিৰীয়ে কিতাপখনৰ বৃহদাকাৰ পাণ্ডুলিপিটোক পেলনীয়া কাকত বুলি ভাবি সাৰি–পুচি বাহিৰলৈ নি সেইখন জুই লগাই দিলে৷ কার্লাইলৰ বহু বছৰৰ কঠোৰ পৰিশ্রমৰ ফল চকুৰ নিমিষতে ফুটছাইত পৰিণত হ’ল৷

এনে এটা ভয়ংকৰ বিপর্যয়ৰ খবৰ কার্লাইলক কেনেকৈ দিয়া যায় সেই কথা ভাবি মিল বিবুধি হ’ল৷ কিন্তু খবৰটোতো দিবই লাগিব এদিন মিলে কার্লাইলৰ ঘৰলৈ আহি কঁপা কঁপা হাতেৰে দুৱাৰত টোকৰ মাৰিলে৷ কার্লাইলে যেতিয়া দুৱাৰ খুলি দিলে, মিলে একো ক’ব নোৱাৰি বহুত পৰ বন্ধুৰ মুখলৈ চাই ৰ’ল, অৱশেষত তেওঁ দীঘলকৈ উশাহ লৈ ক’লে– ‘বন্ধু, মই তোমাৰ সর্বনাশ কৰিলোঁ৷ তুমি ইমান কষ্টেৰে লিখা কিতাপখন মোৰ ঘৰৰ লিগিৰীজনীয়ে পেলনীয়া কাকত বুলি ভাবি জুই লগাই পুৰি পেলাইছে৷’
মিলৰ কথা শুনি কার্লাইল খন্তেকৰ কাৰণে থৰ লাগি ৰ’ল৷ কিন্তু কেৱল খন্তেকৰ কাৰণেহে৷ পিছ মুহূর্ততে তেওঁ পুনৰ স্বাভাৱিক হৈ মিলক ভিতৰলৈ মাতি নি বহিবলৈ দি ক’লে– ‘যিটো হৈ গ’ল তাকতো আৰু নোহোৱা কৰিব নোৱাৰি৷ গতিকে সেই বিষয়ে দুখ কৰি বা চিন্তা কৰি একো লাভ নাই৷ বৰং কথাটো আমি এনেকৈ ভাবি চাওঁ আহাচোন ঃ ধৰি লোৱা, মোৰ শিক্ষকে মোক এখন ৰচনা লিখিবলৈ দিছিল৷ মই লিখা ৰচনাখন পঢ়ি শিক্ষক মহাশয় সন্তুষ্ট নহ’ল৷ ৰচনাখন যাতে আৰু ভাল কৰিব পাৰোঁ সেই উদ্দেশ্যে তেওঁ সেইখন দ্বিতীয়বাৰ লিখিবলৈ মোক নির্দেশ দিলে৷ … … ফৰাচী বিপ্লৱৰ বুৰঞ্জীও মই দ্বিতীয়বাৰ লিখিব লাগিব– যাতে আগৰবাৰতকৈ মই এইবাৰ বেছি ভালকৈ লিখিব পাৰোঁ৷’

কিন্তু কার্লাইলে লিখা ফৰাচী বিপ্লৱৰ বুৰঞ্জী এঘণ্টা বা এদিনত লিখি শেষ কৰিব পৰা এখন সৰু ৰচনা নাছিল৷ সি আছিল বহু বছৰ ধৰি অশেষ ধৈর্যৰে আৰু কষ্টেৰে লিখা প্রায় এহেজাৰ পৃষ্ঠাৰ এখন প্রকাণ্ড কিতাপ৷ তেনে এখন কিতাপ চকুৰ নিমিষতে পুৰি ফুটছাই হোৱা দেখিলে যিকোনো মানুহেই হতাশাত ভাগি পৰা বা আধামৰা হোৱাটো একো অস্বাভাৱিক কথা নহয়৷ কিন্তু টমাছ কার্লাইল ‘যিকোনো এজন’ সাধাৰণ মানুহ নাছিল৷ তেওঁ মানুহক এই শিক্ষা দিছিল যে ‘একমাত্র কামেই হ’ল মানুহে পাব পৰা আটাইতকৈ ডাঙৰ আশীর্বাদ যি মানুহে কৰিবলৈ কিবা এটা কাম বিচাৰি পাইছে তেওঁ আন একো আশীর্বাদ বিচৰাৰ প্রয়োজন নাই৷’ কিন্তু এই শিক্ষা তেওঁ কেৱল আনক দি ক্ষান্ত হৈ থকা নাছিল৷ তেওঁ তাক নিজৰ জীৱনত প্রয়োগ কৰিছিল৷ কামৰ মাজতেই জীৱনৰ চৰম আনন্দ আৰু সার্থকতা বিচাৰি পোৱা কার্লাইলে হতাশাত ভাগি নপৰি পুনৰ ফৰাচী বিপ্লৱৰ বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰিলে৷ আৰু লিখি  শেষো কৰিলে৷ নিপুণ গদ্য–শিল্পী কার্লাইলে ফৰাচী বিপ্লৱৰ অলেখ ঘটনা আৰু চৰিত্রক কেৱল ভাষাৰ যাদুৰে এনেভাৱে জীৱন্ত কৰি তুলিছিল যে তেওঁৰ এই কিতাপখনে বুৰঞ্জী ৰচনাৰ ক্ষেত্রত এটা নতুন ধাৰাৰ সূচনা কৰা বুলি বহুতে কয়৷
ঠিক একে ধৰণৰ এটা সত্য কাহিনী মই পঢ়িবলৈ পাইছিলো ২০০৭ চনৰ ২ এপ্রিলৰ টাইম মেগাজিনত৷ টাইমত কাহিনীটো উদ্ধৃত কৰা হৈছে লিজা ডেল্বি নামৰ এগৰাকী লেখিকাৰ এখন উপন্যাসৰ পৰা৷

এজন জাপানী পণ্ডিতেGreat Chinese Japanese Classical Dictionary নামৰ এখন অভিধান লিখিছিল৷ তেৰটা খণ্ডত বিভক্ত এই বৃহৎ অভিধানখনৰ পৃষ্ঠা সংখ্যা আছিল ১৬,০০০৷ তেৰটা খণ্ডৰ ভিতৰত বাৰটা খণ্ডৰ প্রুফ চাই তেওঁ শেষ কৰিছিল৷ কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান যুদ্ধ বিমানে টকি’ত বর্ষণ কৰা অগ্ণি–বোমাই অভিধানখন পুৰি ছাই কৰি পেলালে৷
জাপানী পণ্ডিতজনে ইতিমধ্যে তেওঁৰ বাঁও চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল৷ সোঁ চকুৰ দৃষ্টিশক্তিও অতি সামান্যহে অৱশিষ্ট আছিল৷ কিন্তু সেই অমিত–বীর্য প্রায় অন্ধ মানুহজনে ক্লান্তি আৰু হতাশাত ভাগি নপৰি ১৬,০০০ পৃষ্ঠাৰ অভিধানখন পুনৰ লিখি উলিয়ালে৷

You might also like