লাহোৱাল আইচিএমআৰৰ চমকপ্রদ সাফল্য
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ এক ইতিবাচক বতৰা৷ ক’ৰোনা আতংকৰ মাজতে এনে খবৰে কৰিছে আশাৰ সঞ্চাৰ৷ এই অভাৱনীয় সাফল্যৰ গৰাকী হ’বলৈ আগবাঢ়িছে লাহোৱালৰ আই চি এম আৰ৷ হয়, চমৎকাৰ সাফল্যৰ দিশে ডিব্রুগডৰ লাহোৱালৰ আঞ্চলিক গৱেষণা কেন্দ্র (আই চি এম আৰ)৷ সমগ্র বিশ্বব্যাপী ভয়ংকৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড–১৯ ভাইৰাছৰ ভেকচিন প্রস্তুতৰ ক্ষেত্রত প্রথম পদক্ষেপটো সফলতাৰে সম্পন্ন হৈছে ডিব্রুগডৰ লাহোৱালস্থিত আঞ্চলিক গৱেষণা কেন্দ্রত৷ ক’ভিড–১৯ ভাইৰাছ পৃথক কৰি পৃথকীকৰণ কৰিবলৈ সক্ষম হৈছে ডিব্রুগডৰ লাহোৱালস্থিত ৰিজনেল মেডিকেল ৰিছার্চ চেণ্টাৰ৷ আজিৰ দিনত এয়া অতিকৈ গুৰুত্বপূর্ণ খবৰ৷
বিশ্বৰ বিভিন্ন উন্নত দেশত মহামাৰী ক’ৰোনা ভাইৰাছৰ ভেকচিন সন্দর্ভত গৱেষণা চলি থকাৰ সময়তে লাহোৱাল গৱেষণাগাৰৰ এনে সফলতাৰ খবৰে আনিছে আশাৰ বতৰা৷ আৰ এম আৰ চিত দিনে–নিশাই ক’ৰোনা ভাইৰাছৰ ক’ভিড–১৯ৰ ভেকচিন সন্দর্ভত গৱেষণা চলি আছিল৷ উক্ত প্রতিষ্ঠানৰ সঞ্চালক ড০ কে নাৰায়ণ, বিজ্ঞানী তথা ন’ডেল বিষয়া ড০ বিশ্বজ্যোতি বৰকাকতিৰ নেতৃত্বত এদল বিজ্ঞানীয়ে বিগত চাৰি–পাঁচ মাহ ধৰি অবিৰতভাৱে পৰীক্ষা–নিৰীক্ষা চলাই আহিছিল৷ শেহতীয়াকৈ এই বিজ্ঞানীৰ দলটোৱে সংক্রমিত ক’ভিড–১৯ ভাইৰাছ পৃথক কৰিবলৈ সক্ষম হৈছে৷ আজি এই সন্দর্ভত ভাৰপ্রাপ্ত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে সাংবাদিকৰ আগত প্রকাশ কৰে যে এয়া এক বৃহৎ সাফল্য৷ দেশৰ তৃতীয় স্থান লাভ কৰা এই গৱেষণা কেন্দ্রত সঞ্চালক ড০ কে নাৰায়ণৰ নেতৃত্বত এদল বিজ্ঞানীয়ে অহৰহ প্রচেষ্টা চলাই আছে৷ ফলত তেওঁলোক সফল হ’ব পাৰিছে৷ প্রথমে ক’ৰোনা ভাইৰাছটো পৃথকীকৰণ কৰিব লাগিব৷
তাৰ পাছত ভাইৰাছটো মাৰি, তাৰ পৰাই প্রতিষেধক প্রস্তুত কৰা হয়৷ ভাইৰাছটো পৃথক নকৰালৈ কিন্তু এয়া সম্ভৱ নহয়৷ এতিয়া আৰ এম আৰ চিৰ বিজ্ঞানীসকলে সেয়া সম্ভৱ কৰিছে আৰু এটা ভাল পর্যায় পাইছেগৈ৷ যিটো সকলোৰে বাবে এক সুন্দৰ আশাৰ বতৰা৷ ইয়াৰ পূর্বেও এই প্রতিষ্ঠানে ইনফ্লুয়েঞ্জাৰ প্রতিষেধক প্রস্তুত কৰি দেশৰ ঔষধ নির্মাণকাৰীক প্রদান কৰিছে৷ এই ক’ৰোনা প্রতিষেধক (ভেকচিন) প্রস্তুত হোৱাৰ পাছত তিনি স্তৰত পৰীক্ষা কৰা হ’ব৷ সেয়া সুকলমে সম্পন্ন হ’লে, ভেকচিন ৰাইজৰ মাজলৈ আহিব বুলি অতি উৎসাহেৰে ভাৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে সদৰী কৰে৷ সেয়ে আজি ডিব্রুগডৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, ভাৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নৱজ্যোতি গগৈ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসহ লাহোৱালৰ আৰ এম আৰ চিত উপস্থিত হৈ এই বিশেষ সাফল্য অর্জন কৰা আৰ এম আৰ চিৰ সঞ্চালক ড০ কে নাৰায়ণ, বিজ্ঞানী তথা ন’ডেল বিষয়া ড০ বিশ্বজ্যোতি বৰকাকতিসহ দিনে–নিশাই কাম কৰি থকা বিজ্ঞানীসকলৰ লগতে সকলো কর্মচাৰীবৃন্দক গামোচা আৰু এপাহকৈ গোলাপ ফুল দি সম্বর্ধনা জনায়৷ উপায়ুক্ত ঝাই বিজ্ঞানীসকলৰ দলটোৰ সৈতে বর্তমান ক’ভিড–১৯ ভাইৰাছৰ ভেকচিন প্রস্তুতৰ বাবে চলি থকা গৱেষণামূলক কামৰো বুজ লয়৷ বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্রত ক’ৰোনা ভাইৰাছৰ ভেকচিন সন্দর্ভত গৱেষণা চলি থকাৰ সময়তেICMRৰ সাফল্যই স্বাভাৱিকতে আশাৰ সঞ্চাৰ কৰিছে৷