ৰাষ্ট্রীয় পথত আশ্রয় কাজিৰঙাৰ বন্যপ্রাণীৰ
নিয়মীয়া বার্তা, ১৩ জুলাইঃ বছৰটোৰ দ্বিতীয়টো ভয়াৱহ বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷ চলিত বর্ষৰ বিগত মাহৰ পাছত পুনৰ জুলাই মাহত দ্বিতীয়টো ভয়াৱহ বানৰ সন্মুখীন হ’ব লগা হৈছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ইতিমধ্যে প্রায় ৮০ শতাংশ এলেকা প্লাৱিত কৰিছে৷
ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই জানিব দিয়া মতে, এতিয়ালৈকে মুঠ ১২৫টা বন শিবিৰ প্লাৱিত হৈছে৷ ইয়াৰে অগৰাতলি বনাঞ্চলৰ অধীনত ৩১টা, কঁহৰা বনাঞ্চলত ৩২টা, বাগৰি বনাঞ্চলত ২৯টা, বোকাখাত বনাঞ্চলত ৪টা, বুঢ়াপাহাৰ বনাঞ্চলত ১০টা, বিশ্বনাথ বন সংমণ্ডলৰ অধীনত ১২টা আৰু নগাঁও বন সংমণ্ডলৰ অধীনত ৭টা বন শিবিৰ প্লাৱিত হোৱাৰ তথ্য পোৱা গৈছে ৷ উল্লেখ্য যে এতিয়ালৈকে ৰাষ্ট্রীয় উদ্যানখনৰ বিশ্বনাথ বন সংমণ্ডলৰ অধীনত এটা বন শিবিৰ ভয়াৱহ বানৰ কবলত পৰাত নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰিব লগা হৈছে ৷ ইপিনে,বানৰ পৰা ৰক্ষা পাবলৈ খাদ্য আৰু নিৰাপদ স্থান বিচাৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অতিক্রম কৰি জাক জাক পশু ঢ়াপলি মেলিছে দক্ষিণে থকা কার্বি পাহাৰৰ দিশে৷ কেৱল পহুৱেই নহয়, ৰাজপথৰ দাঁতিত আশ্রয় লৈছে কেইবাটাও গঁডে ৷ এককথাত ক’বলৈ গ’লে কাজিৰঙাৰ ৰাজপথ এতিয়া বন্যপ্রাণীৰ মুক্ত বিচৰণস্থলীত পৰিণত হৈছে৷ ব্রহ্মপুত্রকে ধৰি উজনি অসমৰ কেইবাখনো নৈ বিপদসীমাৰ ওপৰেদি বৈ থকালৈ চাই অহা মঙলবাৰ আৰু বুধবাৰে কাজিৰঙাৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে বুলি সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিছে৷
বন্যপ্রাণীসমূহে আজি দিনৰ ভাগতো পাণবাৰী, হালধিবাৰী, বাগৰি, কাঞ্চনজুৰিকে ধৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰবোৰেদি ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অতিক্রম কৰি দক্ষিণ দিশে থকা কার্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্রয় লৈছে৷ বন্যপ্রাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি উদ্যান কর্তৃপক্ষই কাজিৰঙাৰ এনিমেল কৰিড’ৰবোৰত গাডীৰ গতিৰোধক দিয়াৰ লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে৷ আনহাতে, আজিৰ পৰা পুনৰ যান –বাহনৰ গতি নিয়ন্ত্রণ কৰিবলৈ বন বিভাগৰ লোকে টাইম কার্ড দিয়া আৰম্ভ কৰিছে ৷ উদ্যানখনৰ উপ–বন সংৰক্ষকে জানিব দিয়া মতে আজিৰ পৰা বোকাখাত ৰাজহ চক্রৰ অধীনত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বৰজুৰিৰ পৰা কলিয়াবৰ ৰাজহ চক্রৰ অধীনত ৰাঙলুলৈকে ৪৯ কিলোমিটাৰ দৈর্ঘ্যৰ পথ যান–বাহনৰ চালকে ঘণ্টাত ৪০ কিলোমিটাৰ গতিত ৭৪ মিনিটৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷ আইন ভংগকাৰীয়ে ৯ হাজাৰ টকা পর্যন্ত জৰিমনা ভৰিব লাগিব বুলিও উদ্যান কর্তৃপক্ষই জানিব দিয়ে৷