নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত হৈ ৰাজ্যত প্রথমজন চিকিৎসকৰ মৃত্যু, প্রাণ গ’ল আন ৩জনৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাজ্যত ক’ৰোনা সংক্রমণে ভয়াৱহ ৰূপ লৈছে৷ বিশেষকৈ এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে পৰিস্থিতি অধিক জটিল কৰি তুলিছে । কালি পুনৰ ক’ৰোনাত আক্রান্ত হৈ ৪জনকৈ লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই তথ্য প্রকাশ কৰে৷ মৃত্যু হোৱা লোককেইজন হ’ল গোলাঘাট জিলাৰ উত্তম দাস (৩১), কামৰূপ (মহানগৰ) জিলাৰ কেশৱ কুমাৰ বৰুৱা (৬২), কার্তিক কুমাৰ কলিতা (৩০) আৰু ডাঃ জাহান ইকবাল আহমেদ (৫৬)৷

আনহাতে, সোমবাৰে সমগ্র ৰাজ্যত ১,০০১জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ টুইটযোগে প্রকাশ কৰা অনুসৰি, ইয়াৰে ৫১৩জন লোক গুৱাহাটীৰ৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনাৰ আক্রান্তৰ সংখ্যা ১৭,৮০৭লৈ বৃদ্ধি পালে৷ আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে  বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা মুঠ ৫২২গৰাকীক ৰিলিজ দিয়া হৈছে৷ এই অনুসৰি এতিয়ালৈ ক’ৰোনামুক্ত হোৱা তথা চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱা লোকৰ সংখ্যা হ’ল ১১,৪১৬গৰাকী৷   চাৰিজন লোকৰ মৃত্যু হোৱাৰ পাছত ক’ৰোনাত আক্রান্ত হৈ মুঠ ৪০জন লোকৰ মৃত্যু হয়৷

উল্লেখ্য যে কালি গুৱাহাটীত ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটিলে জি এম চি এইচৰ এজন চিকিৎসকে৷ অসমত প্রথমজন ক’ৰোনা আক্রান্ত চিকিৎসক ৰূপে মৃত্যুমুখত পৰা চিকিৎসকগৰাকী হ’ল ডাঃ জাহান ইকবাল আহমেদ৷ জি এম চি এইচৰ চকু বিভাগৰ এছ’চিয়েট প্রফেছাৰ ডাঃ জাহান ইকবাল আহমেদে  হঠাতে উশাহ–নিশাহত কষ্ট পাই জি এন আৰ চিলৈ অনাৰ পথতে মৃত্যু হয়৷ যোৱা তিনি দিনমান ধৰি জ্বৰ–কাহত ভুগি আছিল চিকিৎসকজন৷ ঘৰতে থাকি চিকিৎসা চলাই আছিল যদিও পুৱাৰ ভাগত উশাহ লোৱাত কষ্ট পোৱাত চিকিৎসালয়লৈ আনিবলৈ যো–জা কৰাৰ সময়তে অকস্মাৎ মজিয়াত ঢ়লি পৰে৷ খৰধৰকৈ তেওঁক জি এন আৰ চিলৈ অনাৰ পথতে আদবাটতে মৃত্যু হয়৷ শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্রান্তত সর্বাধিক আক্রান্ত হৈছে অসম আৰক্ষীৰ লোকসকল৷ আনহাতে, সেনা আৰু বি এছ এফৰ জোৱানৰ শৰীৰতো যোৱা সময়ছোৱাত ক’ৰোনাৰ উপস্থিতি যথেষ্ট ধৰা পৰিছে৷

You might also like