‘মই কিমান অভিভূত হৈছোঁ ভাষাৰে বুজাব নোৱাৰিম, নিজকে যোগ্য বুলি নাভাবোঁ’
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ বহুদিন বকুলৰ গোন্ধ পোৱা নাই… এই কালজয়ী গীতেৰে সংগীতপ্রেমীক অভিভূত কৰা অসমীয়া সাহিত্য–সংগীত জগতৰ উজ্জ্বল ব্যক্তিত্ব ড০ বীৰেন্দ্র নাথ দত্তলৈ আজি আগবঢ়োৱা হ’ল জীৱনজোৰা সাধনা বঁটা৷ ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিৱেশ আৰু সংকটকালৰ মাজতে বিশিষ্ট লোক–সংস্কৃতিৰ গৱেষকগৰাকীক সোমবাৰে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁৰ বাসগৃহত এই বঁটা প্রদান কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা আৰু ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে৷ এই বঁটাত আছে এখন প্রশস্তি–পত্র, স্মাৰক, চেলেং চাদৰ, গামোচা আৰু দুই লাখ টকাৰ চেক৷
উল্লেখ্য যে বিশিষ্ট শিক্ষাবিদ, সংগীত শিল্পীগৰাকী বর্তমান অসুস্থ৷ কেইবাদশক ধৰি অসমৰ লোক–সংস্কৃতিৰ গৱেষণাত ওতপ্রোতভাৱে জড়িত থকা পদ্মশ্রী ড০ বীৰেন্দ্র নাথ দত্ত অসমীয়া সংগীতপ্রেমীৰ হিয়াৰ আমঠু৷ তেওঁৰ অমৃতময় কণ্ঠত প্রাণ পাই উঠিছে কেইবাটাও কালজয়ী গীত৷ মাটিৰ সুগোন্ধ থকা তেওঁৰ গীত সকলো অসমীয়াৰ বাবে বিশেষ আকর্ষণ৷ বিৰল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী শিল্পী–সাহিত্যিকক আজি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ২০১৯ বর্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা প্রদান কৰে৷ নিজ বাসভৱনত এই বঁটা গ্রহণ কৰি শিল্পী–সাহিত্যিকগৰাক্ মন্তব্য– মই ইমান অভিভূত হৈছোঁ যে মই শব্দৰে ইয়াক বর্ণনা কৰিব নোৱাৰোঁ৷ ইমান সন্মানৰ যোগ্য বুলি মই নাভাবোঁ৷ মই নিজকে শিক্ষক বুলিয়েই পৰিচয় দিওঁ৷ শিল্পীগৰাকীয়ে আজি ৰুগ্ণ দেহাৰে তেওঁৰ সেই কালজয়ী গীতৰ কলি ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গঁথা নাই’ গুণগুণাই উপস্থিত সকলোকে আপ্লুত কৰে৷
ইফালে অসমীয়া সাহিত্য জগতৰ উজ্জ্বল ব্যক্তিগৰাকীৰ হাতত বঁটা তুলি দি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয়– আমি প্রত্যেক বছৰে অসমৰ বৰেণ্য ব্যক্তি এজনৰ হাতত এই জীৱনজোৰা সাধনা বঁটা আগবঢ়াই দি আহিছোঁ৷ যিগৰাকী ব্যক্তি অসমেই নহয়, সমগ্র দেশতে তেওঁ প্রতিভাৰে পৰিচিত হৈ আছে৷ ড০ বীৰেন্দ্র নাথ দত্তৰ দৰে বৰেণ্য ব্যক্তিগৰাকীক এই বঁটা প্রদান কৰিবলৈ পাই আমি গৌৰৱান্বিত৷ এই বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিডেটৰ উপ–মুখ কার্যবাহী বিষয়া তথা ‘নিয়মীয়া বার্তা’ৰ প্রকাশক ভবেশ চন্দ্র ডেকা, নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক ছায়ামণি ভূঞা আৰু নিউজ এডিটৰ নন্দন প্রতিম শর্মা বৰদলৈ ।