লুইতৰ বুকুৰে ১৫ কিঃমিঃ দৈর্ঘ্যৰ সুৰংগ; নির্মাণকার্য আৰম্ভ হ’ব ডিচেম্বৰত
দেশৰ প্রথম নদী সুৰংগই সংযোগ কৰিব গহপুৰ–নুমলীগড়ক
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: লাডাখ সীমান্তৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত ভাৰতে সহজভাৱে লোৱা নাই ৰঙা চীনক৷ আগ্রাসী চুবুৰীয়া ৰাষ্ট্রখনক তাৎক্ষণিকভাৱে ৰুধিবলৈ ইটোৰ পাছত সিটোকৈ কৌশলগত–দীর্ঘম্যাদ্ ৰণনীতিক বাস্তৱ ৰূপ দিবলৈ তৎপৰ হৈ পৰিছে নতুন দিল্লী৷ প্রধানতঃ চীন সংলগ্ণ দেশৰ প্রতিটো সীমান্ততে সৈন্য সঞ্চালন ক্ষিপ্রতৰ কৰি তুলিব বিচৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে যিকোনো সময়তে বা পৰিস্থিতিতে যাতে সীমান্তলৈ বাধাহীনভাৱে অস্ত্র–শস্ত্র, ৰচদ–পাতি আদিসৰবৰাহ কৰিব পৰা যায়, তাৰ ওপৰত প্রদান কৰা হৈছে অধিক গুৰুত্ব৷ চীনৰ আগ্রাসনৰ ক্ষেত্রত স্পর্শকাতৰ ৰূপে চিহ্ণিত অৰুণাচল প্রদেশকো এনে সামৰিক দৃষ্টিকোণৰ পৰা কৌশলগত প্রকল্পৰে সামৰি লোৱা হৈছে৷ যাৰ অন্যতম পদক্ষেপ হৈছে চাকটেং অভয়াৰণ্যৰ মাজেৰে গুৱাহাটী–টাৱাং সংযোগী পথ নির্মাণৰ বাবে নতুন দিল্লীয়ে ভূটানক আগবঢ়োৱা প্রস্তাৱ৷ এই পথ প্রকল্পটোৰ সমানে মহাবাহু ব্রহ্মপুত্রৰ বুকুৰে প্রায় ১৫ কিলোমিটাৰ দৈর্ঘ্যৰ এটা সুৰংগ নির্মাণৰো যাৱতীয় প্রস্তুতি ইতিমধ্যে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে৷
অকল প্রস্তুতি গ্রহণেই নহয়, এইক্ষেত্রত প্রয়োজনীয় নীতিগত অনুমোদনো জনাইছে কেন্দ্রই৷ সকলো ঠিকে–ঠাকে থাকিলে অহা ডিচেম্বৰত আৰম্ভ হ’ব লুইতৰ বুকু খান্দি সুৰংগ নির্মাণৰ কাম৷ ব্রহ্মপুত্রৰ উত্তৰ পাৰত থকা গহপুৰ আৰু দক্ষিণপাৰৰ নুমলীগড়ক সংযোগ কৰিবলগীয়া ফ’ৰলেনযুক্ত এই সুৰংগটোৰ দৈর্ঘ্য ১৪.৮৫ কিলোমিটাৰ হ’ব৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে যোৱা মার্চ মাহতে ‘বিশদ প্রকল্প প্রতিবেদন’ (ডি পি আৰ)ত অনুমোদন জনোৱা এই সুৰংগটো নির্মাণৰ দায়িত্ব ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (এন এইচ এ আই ডি চি এল)ক অর্পণ কৰা হৈছে৷ অৱশ্যে এন এইচ এ আই ডি চি এলৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, সামৰিকভাৱে কৌশলগত অভিলাষী প্রকল্পটো নির্মাণকে ধৰি সমগ্র কাৰিকৰী দিশ চোৱাচিতা কৰাৰ বাবে আমেৰিকান কোম্পানী লুই বার্জাৰক সামৰি লোৱা হৈছে৷ সাধাৰণ দৃষ্টিত প্রস্তাৱিত সুৰংগটোৱে ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণপাৰক সংযোগ কৰিলেও নির্মাণ সম্ভৱ হৈ উঠাৰ লগে লগে সামৰিক দৃষ্টিকোণৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম হ’ব৷ কিয়নো ই অসম–ৰুণাচল প্রদেশৰ যোগাযোগ ব্যৱস্থাক বহুলাংশে সুচল কৰি তুলিব৷
সূত্রটোৱে সদৰী কৰা অনুসৰি ঘণ্টাত ৮০ কিলোমিটাৰ বেগত সুৰংগ পথেৰে চলাচল কৰিব পাৰিব যিকোনো বাহন৷ মূলতঃ কৌশলগতভাৱে সামৰিক বাহিনীৰ বাবেই সুৰংগটো নির্মাণ কৰা হ’ব যদিও প্রকৃততে ৰাজ্যৰ সাধাৰণ নাগৰিকেও প্রস্তাৱিত সুৰংগটোৰ পৰা লাভান্বিত হ’ব৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ এপ্রিল মাহত প্রথমবাৰৰ বাবে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা ব্রহ্মপুত্রৰ তলেৰে সুৰংগ নির্মাণৰ প্রস্তাৱ আগবঢ়াইছিল যদিও সেয়া বাস্তৱায়িত হোৱা নাছিল৷ উক্ত বর্ষৰ ‘নিয়মীয়া বার্তা’ৰ ৩০ এপ্রিলৰ সংখ্যাত প্রস্তাৱিত সুৰংগটো সন্দর্ভত এক বিশেষ প্রতিবেদন প্রকাশ পাইছিল৷ পিছে শেহতীয়াকৈ লাডাখ সীমান্তত ৰঙা চীনৰ ৰণচালিয়ে নতুন দিল্লীক এই সুৰংগ নির্মাণৰ কাম এতিয়া যুদ্ধকালীন তৎপৰতাৰে সম্পন্ন কৰিবলৈ বাধ্য কৰোৱা বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ এটা সূত্রই মত ব্যক্ত কৰিছে৷
সূত্রটোৱে প্রকাশ কৰা মতে, চলিত বছৰৰ ডিচেম্বৰ মাহৰ পৰাই সুৰংগ নির্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব৷ ব্রহ্মপুত্রৰ পৃষ্ঠদেশৰ ২০–৩০ মিটাৰ তলেৰে সুৰংগটো নির্মাণ কৰা হ’ব৷ তিনিটা পর্যায়ত সুৰংগটো নির্মাণ কৰা হ’ব৷ মন কৰিবলগীয়া যে প্রাৰম্ভিকভাৱে সুৰংগটো সেনাবাহিনীৰ যান–বাহন চলাচল কৰাৰ লগতে ৰে’লপথ নির্মাণৰো প্রস্তাৱ আগবঢ়োৱা হৈছিল৷ পিছে ডিচেম্বৰত আৰম্ভ কৰিবলগীয়া নির্মাণকার্য কেৱল যান–বাহনৰ প্রতি লক্ষ্য ৰাখি কৰা হ’ব৷ লক্ষণীয়ভাৱে ব্রহ্মপুত্রৰ তলেৰে এই সুৰংগ নির্মাণৰ প্রস্তাৱ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰাই আগবঢ়োৱা হৈছে৷ কোৱা হৈছে যে যুদ্ধকালীন পৰিস্থিতিত শত্রুপক্ষই অনায়াসে যিকোনো দলং আক্রমণৰ লক্ষ্য কৰি নিব পাৰে৷ এটা সৰু মিছাইল ধ্বংস কৰি দিব পাৰে সম্পূর্ণ এখন দলং৷ সেয়েহে বাধাহীনভাৱে অৰুণাচল সীমান্তত সেনা সঞ্চালন সুগম তথা ক্ষিপ্রতৰ কৰাৰ বাবে ব্রহ্মপুত্রৰ তলেৰে সুৰংগ নির্মাণ কৰাটো এই মুহূর্তত সময়ৰ দাবী হৈ পৰিছে৷ বিশেষকৈ যোৱা কেইবাবছৰ ধৰি শীতৰ সমাপ্তিৰ লগে লগে গ্রীষ্ম আৰু বাৰিষাকালত সীমান্তত চীনৰ সামৰিক তৎপৰতা বৰকৈবৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে ড্রেগনৰ দেশখনক যোগ্য প্রত্যুত্তৰ দিবলৈ ভাৰতেও সুৰঙা নৰখাকৈ সকলো দিশ নিশ্চিত কৰিব লাগিব৷
বাস্তৱত প্রস্তাৱিত সুৰংগটো ভাৰতীয় সেনাবাহিনীৰ ‘ছাপ্লাই চেন’ হিচাপে কাম কৰিব৷ তদুপৰি সুৰংগটোৱে ভাৰত–চীন পূব সীমান্তত সেনাবাহিনীৰ ‘লাইফ লাইন’ হিচাপে কাম কৰিব বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রটোৱে মত ব্যক্ত কৰিছে৷ উল্লেখ্য যে প্রস্তাৱিত সুৰংগটো হ’ব নদীৰ তলেৰে নির্মাণ কৰা দেশৰ প্রথমটো সুৰংগ৷ আনকি বর্তমানে চীনে দেশখনৰ জিয়াংছু প্রদেশৰ তাইহু হ্রদৰ তলেৰে নির্মাণ কৰি থকা সুৰংগতকৈও (১০.৭৯ কিলোমিটাৰ) দীঘল হ’ব ব্রহ্মপুত্রৰ তলেৰে নির্মাণ কৰিবলগীয়া সুৰংগটো৷ তদুপৰি সুৰংগটোত বহুকেইটা শক্তিশালী নিৰাপত্তা পৰিমাপক ব্যৱস্থা থাকিব৷ থাকিব ফুটপাথ, ভেণ্টিলেচন, নিষ্কাশন, অগ্ণি নির্বাপক, আপদকালীন বহির্গমন, দুর্ঘটনা প্রতিৰোধমূলকব্যৱ৷