জিলাই জিলাই বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্রহ্মপুত্রৰ জলস্তৰ; শিশুসহ তিনিজনৰ মৃত্যু
অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি৷ ৰাজ্যখনৰ ন ন অঞ্চল প্লাৱিত কৰিছে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে৷ চৰকাৰী তথ্য অনুসৰি, আজিৰ দিনটোত ২৮খন জিলাৰ ৯২টা ৰাজহ চক্রৰ ৩,৩৭১খন গাঁও সম্প্রতি বানে বুৰাই পেলাইছে৷ বানত ক্ষতিগ্রস্ত হৈছে ১.২৮ লাখ হেক্টৰ কৃষিভূমি৷ ইফালে, ৩২.৯৪ লাখ লোক আহাৰমহীয়া বানত আক্রান্ত হৈছে৷ প্রতিখন জিলাতে বুজনসংখ্যক পৰিয়ালে ঘৰ এৰি আশ্রয় ল’বলগীয়া হৈছে ওখ ঠাই নাইবা চৰকাৰী আশ্রয় শিবিৰত৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন জিলাত ৫১৭টা আশ্রয় শিবিৰ মুকলি কৰা হৈছে৷ এই শিবিৰসমূহত ৪৪ সহস্রাধিক লোকে আশ্রয় গ্রহণ কৰিছে৷
বিগত দুদিন বানপানীত ৬জনকৈ লোকৰ প্রাণহানি হোৱাৰ পাছত আজিও ৩জন লোক মৃত্যুমুখত পৰিছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত মাজুলীৰ এটি শিশু আৰু বোকাখাত–সর্থেবাৰীৰ এজনকৈ যুৱক আছে৷ হোজাইতো আন এজন যুৱক সন্ধানহীন হৈ আছে৷ ইফালে, কেইবাদিনো ধৰি বান পৰিস্থিতি উন্নত নোহোৱা বাবে শিশু–মহিলাসকলৰ বিলাই–বিপত্তিৰ সীমা নোহোৱা হৈ পৰিছে৷ পোহনীয়া জীৱ–জন্তুসমূহক লৈও ঘৰে ঘৰে সৃষ্টি হৈছে অনেক সমস্যা৷ ঠায়ে ঠায়ে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু জিলা প্রশাসনৰ ৭ হাজাৰৰো অধিক কর্মী নিয়োজিত হৈ আছে৷ জিলাই জিলাই পথ–দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থাও একপ্রকাৰ বিধ্বস্ত হৈ পৰিছে৷
ভূতৰ ওপৰত দানহ পৰাৰ দৰে নলবাৰী, বাগ্সা, বিশ্বনাথ, ওদালগুৰি, দক্ষিণ শালমাৰা আদিত খহনীয়াই ভয়ানক ৰূপ লৈছে৷ একেদৰে ৰাজ্যখনৰ কেইবাখনো ৰাষ্ট্রীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য পানীয়ে বুৰাই পেলোৱাত বন্য জীৱ–জন্তুসমূহো নিৰাপদ স্থানলৈ ঢ়াপলি মেলিছে৷ সৃষ্টি হৈছে খাদ্য সংকটৰ৷ ক’ভিড মহামাৰীৰ মাজতে বছৰৰ তৃতীয়টো বানে সৃষ্টি কৰা বিভীষিকাত ৰাজ্যবাসীৰ অৱস্থা নাজল–নাথল হৈ পৰিছে৷