ব্রিটিছ ফিল্ম ইনষ্টিটিউটৰ সন্মান অসমৰ আদিললৈ
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: বলীউডৰ লগতে হলীউডতো অনন্য অভিনয়েৰে প্রতিভা উজলাই তোলা অসম সন্তান আদিল হুছেইন এইবাৰ সন্মানিত হ’ল ব্রিটিছ ফিল্ম ইনষ্টিটিউটৰ দ্বাৰা৷ শক্তিশালী অভিনয়েৰে দর্শকৰ হূদয় জিনা আদিল হুছেইনক আউটষ্টেণ্ডিং এছিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে৷ টুইটযোগে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই সন্মান লাভ কৰাৰ তথ্য প্রকাশ কৰিছে৷
উল্লেখ্য যে ব্রিটিছ ফিল্ম ইনষ্টিটিউট আৰু বার্গি ফাউণ্ডেচনৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২০ বর্ষৰ অনলাইন ফিল্ম ফেষ্টিভেলত অভিনেতা আদিল হুছেইনক তেওঁক বিৰল অভিনয়ৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হৈছে৷ উল্লেখ্য যে এই ফিল্ম ফেষ্টিভেলত মুখ্যতঃ তৃতীয় লিংগ সম্পর্কীয় ছবি, মহিলা সম্পর্কীয় ছবি, শ্রীলংকা আৰু পাকিস্তানৰ ছবিৰ লগতে সত্যজিৎ ৰায়ৰ ছবি প্রদর্শিত হৈছে৷
জুমৰ জৰিয়তে এই ফেষ্টিভেলত এক বিশেষ আলোচনা–চক্র অনুষ্ঠিত কৰা হয়৷ আনহাতে আদিল হুছেইনৰ লগতে এই ফিল্ম ফেষ্টিভেলত আইকন এছিভমেণ্ট এৱার্ডেৰে সন্মানিত হয় দীপা মেহতা আৰু শ্বাবনা আজমী৷ ইফালে ফিল্ম ফেষ্টিভেলত ফ্রিডা পিণ্টো আৰু বিদ্যা বালনকো আউটষ্টেণ্ডিং এছিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে৷