নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ কেৰেলাৰ এজন ফটোগ্ৰাফাৰে এৰ্নাকুলাম জিলাৰ এখন চিকিৎসালয়ৰ বাহিৰত এটা মৃতদেহৰ ফটো লৈ থকাৰ সময়তে যি ঘটনা হ’ল তাক লৈ এতিয়া ছ’চিয়েল মিডিয়াত প্ৰশংসাৰ বুটলিবলৈ সক্ষম হৈছে ফটোগ্ৰাফাৰজন ।
দৰাচলতে, যি সময়ত ফটোগ্ৰাফাৰজনে মৃত ব্যক্তিৰ ফটো তুলি আছিল সেইসময়তে মৃত ব্যক্তিজনৰ ফালৰ পৰা কিছু মাত অহা শুনা পায়। লগে লগে ফটোগ্ৰাফাৰজন আচৰিত হৈ মৃতব্যক্তিজনৰ মুখৰ ওচৰলৈ গৈ কিছু মন কৰিলে আৰু দেখিলে মৃত ব্যক্তিজনৰ তেতিয়াও উশাহ চলি আছিল। তাৰ পাছতে আৰক্ষীক খবৰ দিয়াত লগে লগে ব্যক্তিজনক চিকিৎসাৰ বাবে আই চি ইউলৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে মৃত বুলি ভবা ব্যক্তিজনক পুনৰ জীৱণ ঘূৰাই অনা এই ফটোগ্ৰাফাৰজনৰ নাম টমী থমাছ বুলি জানিব পৰা গৈছে । টমীৰ মতে যি সময়ত আৰক্ষীয়ে মৃত বুলি ভবা ব্যক্তিজনক লৈ তদন্ত কৰি আছিল সেইসময়তেই মানুহজনে মাত মাতিবলৈ ধৰে।
প্ৰাপ্ত তথ্য অনুসৰি ব্যক্তিজন ঘৰত অকলে থাকে । দেওবাৰে তেওঁক লগ কৰিবলৈ অহা এজন বন্ধুৱে তেওঁক মাটিত পৰি থকা দেখে আৰু তেওঁৰ মৃত্যু হৈছে ভাবে । লগে লগে তদন্তৰ বাবে আৰক্ষীক খবৰ দিয়া হয় ।
বৰ্তমান মৃত বুলি ভবা ব্যক্তিজন হাস্পতালত চিকিৎসাধীন হৈ আছে ।