নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰভ গাংগুলী হোম কোৱাৰেণ্টাইনত

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ জ্যেষ্ঠ ভাতৃ ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে নিজকে হোম কোৱাৰেণ্টাইনত ৰাখিছে৷ বংগ ক্রিকেট এছ’চিয়েচনৰ যুটীয়া সচিব স্নেহাশিস গাংগুলীয়ে বুধবাৰে ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈ পৰে৷

এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্নেহাশিসৰ ভাতৃ তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা মানি হোম কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বংগৰ হৈ প্রথম শ্রেণীৰ ক্রিকেট খেলা স্নেহাশিসক বুধবাৰে নিশা বেলেভিউ চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷

You might also like