নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰৰ পৰা কামৰূপ মেট্র’ত আনলক ১.০; কি খুলিব-কি বন্ধ থাকিব ?

খোলা থাকিব

  • সকলো দোকান–ব্যৱসায়িক প্রতিষ্ঠান৷
  • নিত্য ব্যৱহার্য–নানিত্য ব্যৱহার্য সকলো পাইকাৰী দোকান৷
  • শাক–পাচলি, মাছ–মাংসৰ পাইকাৰী বিক্রী আৰু হোম ডেলিভাৰী৷
  • কুৰিয়াৰ, ই–কমার্চ, উদ্যোগ প্রতিষ্ঠান, নির্মাণ খণ্ড, ৱেৰ হাউছ৷
  •  গাখীৰ, দুগ্ধজাত সামগ্রী, শিশুখাদ্য প্রতিষ্ঠান৷
  •  ৰেষ্টুৰেণ্টকে ধৰি আতিথ্য সেৱা খণ্ডৰ হোম ডেলিভাৰী ব্যৱস্থা
  • দৰব, চিকিৎসা সঁজুলিৰ পাইকাৰী দোকানকে ধৰি ফার্মাচী৷
  • পশুখাদ্য, পশুৰ দৰব, পশুধন সম্পর্কিত সকলো প্রতিষ্ঠান৷
  • অ’লা–উবেৰকে ধৰি কেব সেৱা, অটোৰিক্সা, ৰিক্সা (ই–ৰিক্সা নহয়)৷
  •  প্লাম্বাৰ, ইলেক্ট্রিচিয়ান, কার্পেণ্টাৰৰ কাম–কাজ৷
  • সকলো কেন্দ্রীয় ৰাজ্যিক কার্যালয়, বেংক, বীমা কোম্পানী, ব্যক্তিগত খণ্ডৰ কার্যালয়৷ ৩০ শতাংশ কর্মচাৰীৰ উপস্থিতিত চলিব কাম–কাজ

কি কি বন্ধ থাকিব?

  • পাণ–গুট্খা–চিগাৰেট দোকান৷
  •  চিটীবাছ, ই–ৰিক্সাৰ চলাচল৷
  •  চাৰিচকীয়া–দুচকীয়া সকলো ব্যক্তিগত বাহনৰ চলাচল৷
  •  ৰাজহুৱা–ফুটপাথৰ সকলো ধৰণৰ ব্যৱসায়৷
  •  জি এম চিৰ সকলো বজাৰ৷
  • শ্বপিং মল, চিনেমা হ’ল, ব্যায়ামাগাৰ, যোগ কেন্দ্রকে ধৰি জনসমাগম হোৱা সকলো প্রতিষ্ঠান৷
  • ৰেষ্টুৰেণ্টত বহি খাদ্য গ্রহণ৷
You might also like