নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ অক্সফ’ড বিশ্ববিদ্যালয়ত সফল পৰীক্ষণ হোৱা ক’ৰোনা ভেকচিন প্রস্তুত হ’ব ভাৰততো৷ দেশৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্রস্তুত কৰিব এই ভেকচিন৷ ইতিমধ্যে চিৰাম ইনষ্টিটিউটৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ ড্রাগ কণ্ড্র’লাৰৰ ওচৰত ভাৰতত মানৱ দেহত এই ভেকচিন প্রয়োগ কৰি পৰীক্ষা চলোৱাৰ অনুমতি বিচৰা হৈছে বুলি সংস্থাটোৰ তৰফৰ পৰা প্রকাশ৷ উল্লেখ্য যে অক্সফ’ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটত গৱেষণা চলা ক’ৰোনা ভেকচিনৰ দ্বিতীয় পর্যায়ৰ মানৱ দেহত প্রয়োগ কৰি চলোৱা সম্পৰীক্ষা সফল হোৱা বুলি সোমবাৰে বিজ্ঞানীসকলে প্রকাশ কৰিছে৷ আন্তর্জাতিক চিকিৎসা জার্নেল দ্য ল্যানছেটত এই সফল পৰীক্ষণৰ তথ্য প্রকাশ পোৱাৰ পিছতেই ক’ৰোনা মহামাৰীয়ে কালৰূপ ধৰা সমগ্র বিশ্বতে এক ইতিবাচক বার্তা হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে অক্সফ’ডৰ জেনাৰ ইনষ্টিটিউটত চলা এই ভেকচিনৰ গৱেষণা ব্রিটিছ ঔষধ নির্মাতা কোম্পানী এষ্ট্র’ জেনেকাৰ সহযোগত সম্পন্ন হৈছে৷
চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতত এই ভেকচিন প্রস্তুতৰ বাবে এষ্ট্র’ জেনেকাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ তথ্য সদৰী কৰিছে৷ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ তৰফৰ পৰা প্রকাশিত এক বিবৃতিত আজি কোৱা হৈছে যে দুটা পর্যায়ত সম্পন্ন হোৱা অক্সফ’ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ পৰীক্ষা উল্লেখযোগ্য৷ এই ফলাফলত আমি অত্যন্ত আশাবাদী৷ সেয়ে আমি ভাৰতত এই ভেকচিন উৎপাদনৰ কাৰণে ড্রাগ কণ্ড্র’লাৰৰ লাইছেন্স বিচাৰি আবেদন জনাইছোঁ৷ এসপ্তাহৰ ভিতৰতেই এই লাইছেন্স দিবলৈ আমি অনুৰোধ জনাইছোঁ৷ এই অনুমতি লাভ কৰিলেই সংস্থাটোৱে ভাৰতত ক’ৰোনা ভেকচিনৰ হিউমেন ট্রায়েল আৰম্ভ কৰিব বুলি সদৰী কৰিছে৷ আনহাতে এই সংস্থাটোৱে প্রাথমিকভাৱে ১০০ কোটি ক’ৰোনা ভেকচিনৰ ড’জ উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা বুলিও সদৰী কৰে৷ সংস্থাটোৰ পৰা জনোৱা মতে, লাইছেন্স লাভ কৰাৰ পিছতেই আগষ্ট মাহত তেওঁলোকে ভাৰতত মানৱ দেহত প্রয়োগ কৰাৰ পৰীক্ষা চলাব৷ সংস্থাটোৱে দেশত এই পৰীক্ষণৰ বাবে যিমান বেছি পাৰি সিমান মানৱ শৰীৰত পৰীক্ষা চলোৱাৰ পক্ষপাতি বুলিও বিবৃতিটোত উল্লেখ কৰা হয়৷
উল্লেখ্য যে কালি অক্সফ’ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্রকাশ কৰা অনুসৰি জেনাৰ ইনষ্টিটিউটত গৱেষণা চলা ক’ৰোনা ভেকচিনটোৰ দুটা পর্যায়ত চলোৱা সম্পৰীক্ষণত মানৱ দেহত ক’ৰোনা প্রতিৰোধী ক্ষমতা ১০০ শতাংশ গঢ়ি উঠাতো প্রমাণিত হৈছে৷ এই ভেকচিন গ্রহণ কৰা মানৱ শৰীৰত ক’ভিড–১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা সৃষ্টি হয় বুলিও বিজ্ঞানীমহলে প্রকাশ কৰিছে৷ সমগ্র বিশ্বজুৰি এই ভেকচিনে আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে ভাৰততো এই ভেকচিন উৎপাদনৰ প্রস্তুতি আৰম্ভ হোৱাটো ইতিবাচক বতৰা বুলি বিবেচিত হৈছে৷ ইতিমধ্যে, ভাৰতত বিশেষ সফলতা লাভ কৰা ক’ভাক্সিনকে ধৰি সাতটা ক’ৰোনা প্রতিৰোধী ভেকচিনৰ পৰীক্ষা অব্যাহত আছে৷
হায়দৰাবাদৰ ঔষধ নির্মাতা কোম্পানী ভাৰত বায়’টেকে গৱেষণা অব্যাহত ৰখা ক’ভাক্সিনৰ প্রথম পর্যায়ত ৩৭৫জন স্বেচ্ছাসেৱকৰ শৰীৰত চলোৱা পৰীক্ষাৰ প্রাৰম্ভিক প্রক্রিয়া আৰম্ভ হৈছে৷ আনহাতে চিৰাম ইনষ্টিটিউটে অক্সফ’ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ সৈতে জড়িত এষ্ট্রা জেনেকা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হোৱাৰ বিপৰীতে জুদাছ ক্যাডিলা, পেনেনকা বায়’টেক, ইণ্ডিয়ান ইমিউন’লজিকেল ভেকচিন, মিনভ্যাক্স আৰু বায়’লজিকেল ই নামৰ সংস্থা কেইটায়ো ক’ভিড–১৯ ভেকচিনৰ গৱেষণা অব্যাহত ৰাখিছে৷ এই গৱেষণাসমূহেও ইতিবাচক দিশত বিভিন্ন পর্যায়ত উপনীত হোৱা বুলি কোম্পানীকেইটাই প্রকাশ কৰিছে৷
ইফালে, ক’ৰোনা ভেকচিনৰ সফল পৰীক্ষণৰ সংবাদৰ পিছতেই ইয়াৰ প্রভাৱ দেখা গৈছে দেশৰ শ্বেয়াৰ মার্কেটতো৷ বিগত পাঁচ দিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ছেনছেক্স৷ আজি মুম্বাই ষ্টক এক্সেঞ্জত ৫১১ পইণ্টলৈ ছেনছেক্স বৃদ্ধি পায়৷ ব’ম্বে ষ্টক এক্সেঞ্জত ছেনছেক্স বৃদ্ধিৰ হাৰ ১.৩৭ শতাংশ হোৱাৰ বিপৰীতে নিফটিত এই বৃদ্ধিৰ হাৰ ২ শতাংশ৷ ক’ৰোনা ভেকচিনৰ এনে আশাব্যঞ্জক বতৰাই স্বাস্থ্য খণ্ডতে নহয, দেশৰ অর্থনৈতিক–বাণিজ্যিক ক্ষেত্রখনতো প্রভাৱ পেলোৱাটো যথেষ্ট তাৎপর্যপূর্ণ বিষয় ৰূপে বিবেচিত হৈছে৷