নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ দিন অন্ধকাৰত এখন গাঁও কাৰণটো শুনিলে আচৰিত হ’ব আপুনি

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ মানৱতা যেন এতিয়াও জীয়াই আছে। জীৱশ্ৰেষ্ঠ মানুহে যদি বিচাৰে পৃথিৱী খনক আৰু সুন্দৰ কৰি তুলিব পাৰে। শেহতীয়াকৈ এক খবৰে মানৱতা যেন জীয়াই আছে তাক পুনৰ বাৰ প্ৰমাণ কৰি দেখুৱালে। তামিলনাডুত এটি চৰাই আৰু চৰাইপোৱালী কেইটাৰ বাবে গোটেই গাঁও খন ৩৫ দিনলৈ অন্ধকাৰত থাকিব লগীয়া হৈছিল।
দৰাচলতে তামিলনাডুৰ শিৱগংগা জিলাৰ এখন গাঁওত ষ্ট্ৰীট লাইট জ্বলাবলৈ যিখন চুইচ বৰ্ডৰ ব্যৱহাৰ কৰা হয়, তাতেই এটি চৰাইয়ে কণী পাৰি থৈছিল। স্থানীয় মানুহে ভয় খাইছিল যদিহে লাইটৰ চুইচ দিয়া হয় তেতিয়া কণী কেইটা ভাগি যোৱা সম্ভাৱনা আছিল। সেই বাবে গাঁওবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যেতিয়ালৈকে কণী ফুটি পোৱালী নহয় তেতিয়া লৈকে চুইচ বৰ্ডৰ প্ৰয়োগ কৰা নহয়। উক্ত ঘটনা সংঘটিত হৈছিল লকডাউনৰ সময়ত।

টাইমচ নাওত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে গাঁওখনৰ পঞ্চায়তৰ অধ্যক্ষ এচ কালেশ্বৰীয়ে এই ক্ষেত্ৰত আগভাগ লৈছিল। কিন্তু গাঁও খনৰ কিছুমান মানুহে ইয়াৰ বিৰোধ কৰিছিল। তেওঁলোকৰ মতে এটি চৰাইৰ কণীৰ বাবে গাঁও খন অন্ধাৰত থকাটো মূৰ্খতা পূৰ্ণ সিদ্ধান্ত। কিন্তু অৱশেষত সকলোৱে আলোচনাৰ জৰিয়তে সৰ্বসন্মত সিদ্ধান্তত উপনীত হয়।

You might also like